মানকাচৰ – অসম বিধানসভাৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে ৰাজনৈতিক বতাহ সিমানেই গৰম হৈ উঠা পৰিলক্ষিত হৈছে। সমষ্টিয়ে সমষ্টিয়ে ভেটি মজবুত কৰাত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল। ব্যতিক্ৰম নহয় মানকাচৰ সমষ্টি। মানকাচৰ সমষ্টিত কংগ্ৰেছ, এ আই ইউ ডি এফ, অগপ আৰু বিজেপিকে ধৰি প্ৰতিটো দলৰ নেতা কৰ্মী সকলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ।

সমষ্টিটোত এইবাৰ নিৰ্বাচনত কেইবাগৰাকী নতুন মুখ দেখিবলৈ পোৱা যাব যদিও অতি শক্তিশালী ৰূপত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে প্ৰস্তুতি চলাইছে এগৰাকী সাংবাদিকে। মনোৱাৰ হুচেইন নামৰ সাংবাদিক গৰাকীয়ে বিগত প্ৰায় দুটা বছৰ ধৰি সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ উদ্দেশ্যে চলাই আহিছে প্ৰচাৰ। সমষ্টিটোৰ দৰিদ্ৰ লোক সকলৰ কাষত থিয় হৈ ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতিৰে মনোৱাৰ হুচেইনে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।

মন কৰিবলগীয়া বিষয় যে মনোৱাৰ হুচেইন সাংবাদিকতাৰ লগে লগে সমষ্টিৰ বিভিন্ন সমস্যাক লৈ প্ৰতিবাদ, আন্দোলন সাব্যস্ত কৰি জেললৈ যাবলগীয়া হৈছিল। বৰ্তমান সাংবাদিক গৰাকীয়ে বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰাৰ উদ্দেশ্যে ব্যাপক প্ৰচাৰ অভিযান চলাই আহিছে। বৃহস্পতিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত সাংবাদিক মনোৱাৰ হুচেইনে এক বিশাল কৰ্মী অভিবৰ্তন সভাৰ আয়োজন কৰে।

প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ সমাগম হোৱা কৰ্মী অভিবৰ্তন সভাত মনোৱাৰ হুচেইন মানকাচৰ সমষ্টিৰ বিভিন্ন সমস্যাৰ বিষয়ে প্ৰকাশ কৰি কয় যে মানকাচৰ সমষ্টিত দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিলে তেওঁক দালাল ৰূপে একাংশই প্ৰশাসনৰ দ্বাৰা জেলত পঠিয়াই দিয়ে। এক সংকটময় অৱস্থাত আছে মানকাচৰ সমষ্টি বুলিও মত প্ৰকাশ কৰে সাংবাদিক গৰাকীয়ে। কিছুদিন পূৰ্বে আৰক্ষীয়ে অতি সামান্য দোষৰ বাবে তুষাণ আলম নামৰ এগৰাকী সাংবাদিকক জেললৈ প্ৰেৰণ কৰিছে। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে প্ৰশাসনে তেওঁক এইদৰে সামান্য দোষৰ বাবে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। প্ৰশাসনৰ ষড়যন্ত্ৰৰ বাবে আজি সাংবাদিক তুষাণ আলম জামিন লাভ কৰিব পৰা নাই বুলিও সাংবাদিক মনোৱাৰ হুচেইন উল্লেখ কৰে।

মন কৰিবলগীয়া বিষয় যে সাংবাদিক মনোৱাৰ হুছেইন বিধানসভাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিব বুলি ইতিমধ্যে এই কৰ্মী অভিবৰ্তন সভাৰ জৰিয়তে প্ৰকাশ কৰাত ৰাইজে মনোৱাৰ হুছেইনক সমৰ্থন প্ৰদনা কৰা পৰিলক্ষিত হৈছে। ইফালে নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’ আৰু অসম জাতীয় পৰিষদ দলে মনোৱাৰ হুছেইনৰ সৈতে যোগাযোগ কৰি আছে বুলিও জানিবলৈ দিয়ে মনোৱাৰ হুছেইনে। এতিয়া তেওঁ কোন দলত যোগদান কৰিব সেয়া পৰৱৰ্তী সময়ত ৰাইজৰ সৈতে আলোচনা কৰি স্পষ্ট কৰিব বুলিও প্ৰকাশ কৰে মনোৱাৰ হুছেইনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply