চাং ঘৰত নৈশ যাপন গৌৰৱ গগৈৰ Credit: এপাক নাচি গাওঁবাসীৰ লগত একাত্ম হৈ পৰে গৌৰৱ গগৈ

দেৰগাঁও – চাং ঘৰত নৈশ যাপন সাংসদ গৌৰৱ গগৈৰ। মিচিং চাং ঘৰত নৈশ যাপনেৰে গৌৰৱ গগৈৰ ‘অসম বচাওঁ আহক’ অভিযানৰ অনন্য আখৰা। দেৰগাঁৱৰ মিচিং গাঁৱত উৎসৱ মুখৰ পৰিৱেশ।

সাংসদ গৌৰৱ গগৈয়ে শুকুৰবাৰে ৯৭ নং দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঁহফলাৰ এটা মিচিং পৰিয়ালৰ ঘৰত নৈশ যাপন কৰে। বাঁহফলাৰ মিচিং গাওঁৰ সাধাৰণ ৰাইজৰ মাজত শুকুৰবাৰে সাংসদ গৰাকী উপস্থিত হৈ সাধাৰণভাৱে নৈশ যাপন কৰা দেখিবলৈ পোৱা যায়।

গৌৰৱ গগৈ নিশাৰ ভাগত গাঁওখনলৈ অহাৰ বাবেই গাঁওখনত এক উৎসৱ মুখৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। গাওঁবাসীৰ লগত গৌৰৱ গগৈয়েও এপাক নাচি গাওঁবাসীৰ লগত একাত্ম হৈ পৰে। পিতৃ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও এনেদৰে সাংসদ হৈ থকাৰ অৱস্থাত আছিল আৰু তেওঁক এই কথাবোৰ কৈছিল বুলি পিতৃৰ স্মৃতিও শুৱৰে গৌৰৱ গগৈয়ে।

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলে ‘অসম বচাওঁ আহক’ শীৰ্ষক এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। কংগ্ৰেছৰ ‘অসম বচাওঁ আহক’ কাৰ্যসূচীৰ জৰিয়তে গৌৰৱ গগৈ এনেদৰে ৰাইজৰ লগত একাত্ম হোৱাৰ মানসেৰে সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দেৰগাঁও সমষ্টি অন্তৰ্গত বাঁহফলাৰ মিচিং গাঁৱৰ সাধাৰণ ৰাইজৰ মাজত উপস্থিত হৈ সাধাৰণভাৱে নৈশ যাপন কৰা দেখিবলৈ পোৱা গ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply