মিঞাৰ ভোট নালাগে বুলি কোৱা বিজেপি দলৰ নেতা মিঞা ভোটাৰৰ শৰণাপন্ন

সোণতলী – মিঞা ভোটাৰকলৈ বিজেপিৰ ৰাজনীতি। এফালে যদি প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নালাগে মিঞাৰ ভোট আনফালে আকৌ বিজেপিৰ একাংশ নেতা শৰণাপন্ন হৈছে মিঞা ভোটাৰৰ। মিঞাৰ ভোটাৰে দিছপুৰলৈ যোৱাৰ সপোন দেখি বিজেপিৰ নেতা এতিয়া ঘূৰি ফুৰিছে মিঞা অঞ্চল সমূহত।

অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। নিৰ্বাচনকৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। পাঁচ বছৰ শাসনৰ গাদী দখল কৰি ৰখা বিজেপি দলৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞা ভোটাৰ সকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পৰিবৰ্তে বিজেপিৰ একাংশ নেতা কাষ চাপিছে মিঞা ভোটাৰৰ।

মিঞাৰ ভোটৰ অবিহনে দিছপুৰলৈ যোৱাটো অসম্ভৱ বুলি অনুভৱ কৰি বিজেপি নেতা সুকুমাৰ বিশ্বাস শৰণাপন্ন হৈছে মিঞা ভোটাৰৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিঞাৰ ভোট নালাগে বুলি কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সুকুমাৰ বিশ্বাসে কয় “মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবোৰ মন্তব্য কৰে কাৰণ ৰাজনীতিত এইবোৰ চলে। বিৰোধী মুছলমান নেতাই বিজেপি নেতাক বেছিকৈ তুচ্ছ তাচ্চিল্য কৰাৰ বাবে খঙতে সেই জাতিটোক তেনেকৈ কয়”৷

বিজেপিয়ে সদায় মিঞাৰ বিৰুদ্ধে মন্তব্য দিয়াৰ পিছতো বিজেপিক মিঞাই ভোট কিয় দিব বুলি প্ৰশ্ন কৰাত সুকুমাৰ বিশ্বাসে কয় যে, কথাৰ কাৰণে ভোট লৰচৰ নহয়, কামৰ ওপৰতহে নিৰ্ভৰ কৰিব ভোট। বিজেপিৰ জনকল্যাণ আঁচনি সমূহৰ বাবেই সংখ্যালঘু সকলে বিজেপিক ভোট দিব বুলিও মন্তব্য কৰে সুকুমাৰ বিশ্বাসে। কংগ্ৰেছৰ দখলত থকা সংখ্যালঘূ প্ৰধান বকো সমষ্টিত চকু আছে বিজেপিৰ। গতিকে সংখ্যালঘূ ৰাইজৰ মাজত বিজেপিৰ জনকল্যাণমূলক আঁচনিৰ খতিয়ান দাঙি ধৰিবলৈ সুকুমাৰ বিশ্বাস সংখ্যালঘূ ৰাইজৰ ঘৰৰ দুৱাৰে দুৱাৰে।

বর্তমানৰ কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাসৰ সংখ্যালঘূ ভোটাৰৰ ভেটি খহাই সংখ্যালঘূ ৰাইজক বিজেপি দলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে উঠি পৰি লাগিছে বিজেপি নেতা সুকুমাৰ বিশ্বাস। সমষ্টিটোৰ বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী সুকুমাৰ বিশ্বাসে ভালকৈ বুজি উঠিছে যে সংখ্যালঘূ ভোটাৰ ৰাইজৰ ভোট অবিহনে তেওঁৰ দিছপুৰ যাত্ৰা অসম্ভৱ। মন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ একাংশ নেতাই সংখ্যালঘূ ৰাইজক তুচ্ছ তাচ্চিল্য কৰি প্ৰদনা কৰি অহা মন্তব্য মাজতে সুকুমাৰ বিশ্বাস বিজেপি দলৰ প্ৰতি সংখ্যালঘূ ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হয় নে নাই ইয়াৰ উত্তৰ সময়তে পোৱা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,275 other subscribers

Leave a comment

Leave a Reply