গুৱাহাটী – কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক লৈ ভৱাতকৈ অধিক শংকিত হৈ পৰিছে বিজেপি দল আৰু চৰকাৰ। সেইবাবে গেৰুৱা দলটোৱে প্রতিটো মূহুৰ্তত এ আই ইউ ডি এফক আক্ৰমণৰ মূল লক্ষ্য হিচাপে বাচি লৈছে। অসমত ক্ষমতা হেৰুৱাৰ ভয়ত বিজেপি ইমানেই শংকিত হৈ পৰিছে যে দলটোৰ ৰাষ্ট্রীয় নেতৃত্বই এ আই ইউ ডি এফক আক্রমণ নকৰাকৈ বক্তব্য ৰাখিব নােৱাৰা হৈছে। বিজেপিক তীব্ৰ আক্ৰমণ কৰি এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ মন্তব্য।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে কয় “আগন্তুক বিধানসভা নির্বাচনত অসমত বিজেপি চৰকাৰ উৎখাত হ’ব। কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোঁটৰ সন্মুখত বিজেপি দলে মুখামুখী হ’বলৈ ভয় খাইছে আৰু সেই বাবেই এই মহাজোঁটৰ বিৰুদ্ধে অপপ্ৰচাৰত নামি মােৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্র লিপ্ত হৈছে বিজেপি। ইমান দিনে বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মােৰ বিৰুদ্ধে প্রতিখন সভাতে উচটনি মূলক বক্তব্য ৰাখি ৰাইজক বিভ্রান্ত কৰি আহিছিল আৰু এতিয়া দেশৰ গৃহমন্ত্রী অমিত শ্বাহ মােৰ নাম উল্লেখ কৰি বক্তব্য ৰাখিছে”।
আচলতে বিজেপি দলটোৱে এতিয়া নির্বাচনী পৰাজয়ৰ ভয়ত দিক-বিদিক্ হেৰুৱাইছে বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে। হয়তাে অনাগত সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীও মােৰ নাম লৈ নির্বাচনী সভাত বক্তব্য ৰাখিব বুলি সন্দেহ প্ৰকাশ কৰে বদৰুদ্দিন আজমলে। এইয়া হৈছে বিজেপি দলটোৰ পৰাজয়ৰ লক্ষণ। যােৱা পাঁচ বছৰে উন্নয়নৰ নামত অসমত কেৱল হিতাধিকাৰী সৃষ্টিকৰা দলটোক উৎখাত কৰিবলৈ অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে বুলিও মন্তব্য কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে বদৰুদ্দিন আজমলে।
বিবৃতিটোত সাংসদ আজমলে আৰু কয় “মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অসমত ইমূৰৰ পৰা সিমূৰত সভা পতি সাম্প্রদায়িক বক্তব্য ৰাখি ধর্মীয় মেৰুকৰণেৰে ভােট বিভাজন কৰিবলৈ অপচেষ্টাত লিপ্ত হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ প্রতিটো ভাষণতে হিন্দু-মুছলমান, মন্দিৰ-মছজিদ, মাদ্রাছা এই শব্দবােৰে প্রাধান্য পাই আহিছে। নিজে সাম্প্রদায়িক মন্তব্য ৰখা হিমন্ত বিশ্ব শর্মাই সেয়েহে মােৰ বক্তব্যতাে সাম্প্রদায়িক গােন্ধ পায়।
হিমন্ত বিশ্ব শৰ্মাই মছজিদ, মাদ্ৰাছাৰ নাম ল’লে সাম্প্রদায়িক নহয় আৰু আমি ল’লে সেয়া সাম্প্রদায়িক হয় বুলিও প্ৰশ্ন উত্থাপন কৰে বদৰুদ্দিন আজমলে। মন্ত্রী হিমন্ত বিশ্ব শর্মা তথা বিজেপি দলৰ নেতা সকলে যিমানেই চেষ্টা নকৰক কিয় এইবাৰ অসমত কংগ্রেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলিও মন্তব্য কৰে বদৰুদ্দিন আজমলে।