মৰিগাঁও- তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী ফলাফলত মৰিগাঁও জিলাৰ ১৯ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ১৭টা সমষ্টিতে জয়লাভ কৰে বিজেপিয়ে। আনহাতে,১৪নং গোভা সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছিল বিজেপিৰ মণি পাটৰে।
১ নং জামাদাৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দুলাল ব্ৰহ্মৰ জয়লাভ, ২ নং বৰঙনি সমষ্টিত বিজেপি প্ৰাৰ্থী অংকুৰ দেউৰী, ৩ নং ভূৰবন্ধা সমষ্টিত বিজেপি প্ৰাৰ্থী বিনয় কোঁৱৰ, ৪ নং কোঁৱৰগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী জীৱন চন্দ্ৰ কোঁৱৰ, ৫ নং ঢেকীফলা সমষ্টিত বিজেপি প্ৰাৰ্থী বিনাপানী বৰদলৈ, ৬ নং মানিপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী আইমনি পাটৰ, ৮ নং ঘগুৱা সমষ্টিত বিজেপি প্ৰাৰ্থী মিহিৰাম বৰদলৈ, ৯ নং দমাল সমষ্টিত বিজেপি প্ৰাৰ্থী পৱন মান্তা, ১০ নং তেতেলীয়া সমষ্টিত বিজেপি প্ৰাৰ্থী খগেন চন্দ্ৰ বৰদলৈ
সেইদৰে ১১ নং জোনবিল সমষ্টিত বিজেপি প্ৰাৰ্থী বিনিতা দৈমাৰী ,১২ নং ন-খোলা সমষ্টিত বিজেপি প্ৰাৰ্থী তুলসী বৰদলৈ, ১৩ নং নেলী খলা সমষ্টিত বিজেপি প্ৰাৰ্থী জীৱন কোঁৱৰ, ১৫ নং বিহুবড়ী সমষ্টিত বিজেপি প্ৰাৰ্থী পিতাম্বৰ বৰদলৈ, ১৬ নং শ’লমাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী নয়নমনি দেউৰী, ১৭ নং ভোমোৰাগুৰী সমষ্টিত বিজেপি প্ৰাৰ্থী দেৱকান্ত বৰদলৈ, ১৮ নং চাৰিপুনীয়া চাবুকধৰা সমষ্টিত বিজেপি প্ৰাৰ্থী মদন দেউৰীয়ে জয়লাভ কৰে ।
আনহাতে জিলাখনৰ ২টা সমষ্টিত জয়লাভ কৰে অগপ ই। ৭ নং গড়মাৰী সমষ্টিত অগপৰ প্ৰাৰ্থী ৰুনামনি বড়ো দাসে জয়লাভ কৰে। ১৯ নং বৰচিলা সমষ্টিত অগপৰ টংকেশ্বৰ বৰদলৈয়ে জয়লাভ কৰে।