মৰিয়নি: আগন্তক বিধান সভা নিৰ্বাচনৰ বাবে বিজেপি আৰু মিত্ৰজোটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ১০১ নং মৰিয়নি বিধান সভা সমষ্টিত উপস্থিত হয় বিজেপি নেত্ৰী তথা বস্ত্ৰ শিল্প দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী।
কংগ্ৰেছৰ দখলত থকা মৰিয়নী সমষ্টিত এইবাৰ বিজেপি প্ৰক্ষেপ্ৰিত প্ৰাৰ্থী ৰমনী তাঁতীৰ হৈ প্ৰচাৰ চলাবলৈ আহে কেন্দ্ৰীয় মন্ত্ৰী গৰাকী। উপস্থিত জনতাৰ আগত বিজেপি প্ৰাৰ্থী গৰাকীৰ হৈ ভোট ভিক্ষা কৰে।মৰিয়নিৰ ন-কছাৰীৰ মাইবেলীয়া খেলপথাৰত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দেশৰ দৰিদ্ৰ জনতাৰ একমাত্ৰ সাৰথি বিজেপি চৰকাৰ বুলি উল্লেখ কৰে।আনহাতে বিজেপি চৰকাৰৰ দিনতহে মহিলা সকলৰ সন্মান বৃদ্ধি পাইছে বুলি ভাষণত কয়।আনহাতে ৰাজ্য খনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে।কংগ্ৰেছে জ্যেষ্ঠ জনক সন্মান প্ৰদৰ্শন কৰিব নোৱাৰে বুলি কোৱাৰ লগতে নাম নোকোৱাকৈ উল্লেখ কৰে যে কংগ্ৰেছৰ যিজন জেষ্ঠ নেতাই জীৱিত কালত অসমীয়া জাতিৰ বিৰোধী জনৰ হাতত হাত মিলোৱা নাছিল, যেতিয়া তেও পৰলোকগামী হয়,তাৰ পাছতেই কংগ্ৰেছে সেই জন লোকৰ লগত হাত মিলোৱা ই নহয় মিত্ৰতা ও কৰিবলৈ শংকা বোধ নকৰিলে।এইয়া কংগ্ৰেছৰ প্ৰকৃত নীতি বুলি তীব্ৰ সমালোচনা কৰে।
উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মৰিয়নিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি পুনৰ শিৱসাগৰ লৈ উৰা মাৰে।শিৱসাগৰত বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকুৱৰীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।