ৰূপহীহাট – যুৱ কংগ্ৰেছ উপ সভাপতিয়ে যোগদান কৰিলে বিজেপিত। ৰূপহীহাটৰ যুৱ কংগ্ৰেছৰ উপ সভাপতি বাবুল ইছলামে যোগদান কৰিলে বিজেপিত। ইতিমধ্যে শূণ্য হৈ পৰা কংগ্ৰেছ দল এইবাৰ ৰূপহীহাটত ডাঙৰ শূণ্য হ’ব বুলি মন্তব্য বাবুল ইছলামৰ। বৰ্তমানৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধেও উজাৰিলে ক্ষোভ।
অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। ইতিমধ্যে নিৰ্বাচনকলৈ প্রতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। ৰণ কৌশল তৈয়াৰ কৰাত ব্যস্ত কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফকে ধৰি নৱগঠিত আঞ্চলিক দল সমূহৰ নেতা-কর্মী সকল। ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলত তীব্ৰ খহনীয়া।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে অজন্তা নেওগৰ বিজেপি যাত্ৰাই কংগ্ৰেছ দলৰ বাবে এক বৃহৎ ক্ষতি যদিও কংগ্ৰেছ দলৰ নেতা সকলে ইয়াক সাধাৰণভাৱে লৈ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে। অজন্তা নেওগৰ সমান্তৰালে বহু কংগ্ৰেছ কৰ্মীও বিজেপিলৈ যাত্ৰা আৰম্ভ কৰিছে, ইতিমধ্যে বহুতে বিজেপিত যোগদান কৰাৰ বিপৰীতে বহুতে প্ৰস্তুতি চলাইছে।
কংগ্ৰেছৰ দুৰ্গ হিচাপে বিখ্যাত নগাঁও জিলাৰ ৰূপহীহাটতো কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোগদান কৰিলে যুৱ কংগ্ৰেছৰ উপ সভাপতিয়ে। সমষ্টিতোৰ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে ক্ষোভ উজাৰি যুৱ কংগ্ৰেছৰ উপ সভাপতি বাবুল ইছলামে বিজেপি নেতা নাজিৰ হুছেইনৰ নেতৃত্বত বিজেপিত যোগদান কৰে। বিজেপিত যোগদনা কৰিয়ে বাবুল ইছলামে কয় কংগ্ৰেছ দল ইতিমধ্যে শূণ্য হৈছে আৰু এইবাৰ ৰূপহী হাটত কংগ্ৰেছ ডাঙৰ শূণ্য হ’ব।
শনিবাৰে নগাঁও জিলাৰ ৰূপহীহাটত নুৰুল হুদাৰ দুৰ্গত বিজেপিয়ে এক বৃহৎ বাইক ৰেলী অনুষ্ঠিত কৰি শক্তি প্ৰদৰ্শন কৰে। বিজেপি নেতা নাজিৰ হুছেইনৰ নেতৃত্বত প্ৰায় দুই শতাধিক লোকে বাইক ৰেলীৰে সমষ্টিটোৰ ইমূৰৰ পৰা সিমূৰলৈ নিৰ্বাচনী প্ৰচাৰ চলায়।