লুৰীণ জ্যোতি গগৈৰ ভৱিষ্যত নাই : চন্দ্ৰ মোহন পাটোৱাৰী

নলবাৰী – মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ বিতৰ্কিত মন্তব্য। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ বিতৰ্কিত মন্তব্য। লুৰীণ জ্যোতি গগৈৰ ভৱিষ্যত নাই বুলি মন্তব্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ। লুৰীণ জ্যোতি গগৈ যদি কবাৰ পৰা জিকি আহে তেন্তে অসমৰ ৰাজনৈতিক ইতিহাসখন আকৌ নতুনকৈ ওলোটাকৈ লিখিব লাগিব।

“কা”ৰ বিৰোধিতা কৰি গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল এতিয়া বিজেপি দলৰ আক্ৰমণৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে। এই দুই আঞ্চলিক দল একত্ৰিত হৈ আগন্তক বিধনাসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰাৰ পিছতে বিজেপিৰ একাংশ মন্ত্ৰী আৰু নেতাই তীব্র আক্ৰমণ চলাইছে দল দুটাৰ লগতে দল দুটাৰ নেতৃত্বক।

অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা চূড়ান্ত হোৱাৰ পিছত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে ৰাইজৰ দলক বাওঁপন্থী দল বুলি অভিহিত কৰি ৰাইজৰ দলৰ লগত মিত্ৰতা কৰি অসম জাতীয় পৰিষদে নিজৰ আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে বুলি মন্তব্য প্ৰকাশ কৰিছিল। ৰূপম গোস্বামীৰ পিছত এইবাৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈক।

শুকুৰবাৰে নিশা ধৰ্মপুৰ সমষ্টিৰ চামতাত মৃৎ শিল্পৰ সমূহীয়া সেৱা কেন্দ্ৰ এটাৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে নৱ গঠিত আঞ্চলিক দল দুটাক লক্ষ্য কৰি কয় যে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ ভৱিষ্যত নাই। মন্ত্ৰী গৰাকীয়ে কয় যে লুৰীণ জ্যোতি গগৈ যদি কবাৰ পৰা জিকি আহে তেন্তে অসমৰ ৰাজনৈতিক ইতিহাসখন আকৌ নতুনকৈ ওলোটাকৈ লিখিব লাগিব। লুৰীণ জ্যোতি গগৈৰ যদি ক্ষমতা আছে তেন্তে উজনি অসমৰ নাহৰকটীয়া, দুলীয়াজান আৰু মৰাণৰ পৰা জিকি আহক বুলিও মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

মন্ত্ৰী গৰাকীয়ে কৃষক নেতা অখিল গগৈ তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক আক্ৰমণ চলাই কয় যে মানুহে মন্ত্ৰী বিধায়ক পাতে দিছপুৰত বহিবলৈ, জেলত বহিবলৈ মানুহে মন্ত্ৰী বিধায়ক নাপাতে নহয়। ক্ষমতাই মূৰত ধৰা মন্ত্ৰী গৰাকীৰ ভাষণে ৰাইজক আমোদ দিয়াৰ বিপৰীতে সভা ত্যাগ কৰিবলৈ বাধ্য কৰে। খালি চকীৰ সন্মুখতে ভাষণ ৰাখি থাকে মন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply