শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

ৰূপহীহাট – ৰূপহীহাট কংগ্ৰেছত তীব্ৰ খহনীয়া। শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান। স্থানীয় বিধায়ক নুৰুল হুদাৰ চূড়ান্ত ব্যৰ্থতা উদঙাই কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ বাবে অশনি সংকেত।

বিটিচি আৰু তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ বিফলতাই কংগ্ৰেছ কৰ্মীৰ মনোবাল থানবান কৰি পেলোৱা পৰিলক্ষিত হৈছে। এফালে কংগ্ৰেছ দলৰ বিধায়িকা অজন্ত নেওগ বিজেপিলৈ যোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ পৰিবৰ্তে কংগ্ৰেছ দলৰ কেইবাগৰাকী বিধায়কে বিজেপিলৈ যোৱাৰ বাবে প্ৰস্তুত হৈ থকাৰ খবৰ গৰম কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি।

ইয়াৰ মাজতে এইবাৰ কংগ্ৰেছ দলক নমস্কাৰ জনাই গেৰুৱা দললৈ যাত্ৰা কৰিছে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে। এতিয়া ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে আচলতে কি হৈছে ৰূপহীহাটত কংগ্ৰেছৰ ? কিয় দল ত্যাগ কৰিছে কংগ্ৰেছ কৰ্মীয়ে ? কংগ্ৰেছ দলৰ বাবে এয়া অশনি সংকেত নেকি ? এয়া স্থানীয় বিধায়ক নুৰুল হুদাৰ ব্যৰ্থতা নে আন কিবা ৰহস্য ?

উল্লেখ্য যে অসম বিধান সভাৰ এক গুৰুত্বপূৰ্ণ সমষ্টি হৈছে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টি। স্বাধীনতাৰ পিছৰ পৰা অধিক সময় কংগ্ৰেছে দখল কৰি ৰখা ৰূপহীহাট সমষ্টি বিজেপি দলৰ দখলত নিয়াৰ বাবে বিজেপি নেতা কৰ্মী সকলে উঠিপৰি লাগিছে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰূপহীহাটৰ নাঙলধোৱাত দলটোৰ এক কৰ্মী সভাত প্ৰচাৰক কমিটি গঠন কৰি ৰূপহীহাটত কংগ্ৰেছ মুক্ত হ’ব বুলি মন্তব্য প্ৰকাশ কৰে বিজেপি নেতা জাকাৰীয়া হক চৌধুৰীয়ে। ৰাইজে এইবাৰ নুৰুল হুদাক বিদায় দিব বুলি বিজেপি নেতা জাকাৰীয়া হক চৌধুৰীয়ে মন্তব্য প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply