নিউজ ডেস্ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্তিম দিনা শিৱসাগৰ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছৰ প্ৰাৰ্থী শুভমিত্ৰ গগৈয়ে | মঙলবাৰে অন্তিম দিনটোত ১০৮ নং বিধানসভা সমষ্টিৰ প্ৰাৰ্থী যুৱনেতা শুভ্ৰমিত্ৰ গগৈয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়াৰ হাতত দাখিল কৰে মনোনয়ন পত্ৰ।
শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা ঢোলে-দগৰে আনন্দ উল্লাসৰ মাজত পদযাত্ৰা কৰি বৃহৎ ৰেলীয়ে আদৰি আনে যুৱনেতা গৰাকীক।
সামগ্ৰিক উন্নয়ন আৰু কা বিৰোধী স্থিতিৰে সাজু হোৱা শুভমিত্ৰ গগৈয়ে ৰাইজে তেওঁক জয়ী কৰাবৰ বাবে স্বত:স্ফূতভাৱে ওলাই আহিছে কোৱাৰ লগতে ৰাইজৰ আৰ্শীবাদ আৰু মৰমে তেওঁক জয়ী কৰিব বুলি কয়। কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে বিজেপিয়ে সুৰভী ৰাজকুঁৱৰী আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নিৰ্বাচনত অবতীৰ্ণ হৈছে । নিৰ্বাচনৰ দিন যিমানেই চমুচাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত। নিজ নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে প্ৰতিটো দলেই এতিয়া ব্যাপক প্ৰচেষ্টা অব্যাহত ৰখা দেখা গৈছে।

আনহাতে ২৭ মাৰ্চত অনুষ্ঠিত হ’ব লগীয়া বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰদানৰ আজি অন্তিম দিনটোত দেৰগাঁও সমষ্টিৰ অ গ পৰ প্ৰাৰ্থী ভবেন্দ্ৰ নাথ ভৰালীয়ে দাখিল কৰে মনোনয়ন পত্ৰ | প্ৰায় সহস্ৰাধিক সমৰ্থকেৰে ৰেলী কৰি গৈ মনোনয়ন পত্ৰ দাখিল কৰে ভবেন্দ্ৰ নাথ ভৰালীয়ে | যোৰহাট জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত ৰিটাৰ্নিং অফিচাৰ ধীৰাজ দাসৰ ওচৰত দাখিল কৰে মনোনয়ন পত্ৰ|