গুৱাহাটী – অসম প্ৰদেশ কংগ্ৰেছ দলৰ “কা”-বিৰোধী স্থিতি পুনৰবাৰ স্পষ্ট কৰি বুধবাৰে দলীয় কৰ্মীসকলক ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ কাষলৈ যোৱাৰ আহ্বান জনাইছে আৰু লগতে গুৱাহাটীত স্থাপন হ’বলগীয়া শ্বহীদ স্মৃতিসৌধত প্ৰদৰ্শন কৰি ৰাখিবৰ বাবে “কা”-বিৰোধী বাৰ্তাসম্বলিত গামোচা সংগ্ৰহ কৰাৰ আহ্বান জনাইছে।

বুধবাৰে বিহপুৰীয়া টাউনত আয়োজিত এক ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি কংগ্ৰেছৰ ইস্তাহাৰ কমিটিৰ অধ্যক্ষ তথা সাংসদ গৌৰৱ গগৈয়ে কয়, “কংগ্ৰেছে গুৱাহাটীত এটা “কা”-বিৰোধী স্মৃতিসৌধ নিৰ্মাণৰ পৰিকল্পনা হাতত লৈছে আৰু এই স্মৃতিসৌধত প্ৰদৰ্শন কৰিবৰ বাবে আপোনাৰ “কা”-বিৰোধী বাৰ্তাসম্বলিত গামোচা আমালৈ প্ৰেৰণ কৰিবলৈ মই প্ৰতিগৰাকী অসমীয়াক অনুৰোধ জনাইছোঁ। আপোনালোকে এই গামোচাখনত স্বাক্ষৰ কৰি আমালৈ পত্ৰবাহক যোগে অথবা আমাৰ কোনো দলীয় কৰ্মী যেতিয়া আপোনাৰ ঘৰলৈ যাব, তেতিয়া তেওঁৰ হাতত জমা দিব পাৰিব।” ইফালে গৌৰৱ গগৈয়ে এটা টুইটযোগে কয়, “এয়া অসমৰ এক ইতিহাসৰ অংশ হোৱাৰ বাবে আপোনাৰ সন্মুখলৈ অহা সুযোগ। আপুনি অসমত কিয় “কা” প্ৰযোজ্য হোৱাটো নিবিচাৰে সেয়া এখন গামোচাত লিখি আপোনাৰ নামসহ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিবৈল আপোনালোক সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। এয়া আমি “কা”-বিৰোধী আন্দোলনত শ্বহীদ হোৱা লোকসকলৰ স্মৃতিত গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া বিশাল স্মৃতিসৌধত সংৰক্ষণ কৰি ৰাখিম।”

আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই অসমৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত প্ৰাণাহুতি দিয়া শ্বহীদক কেতিয়াও নাপাহৰাৰ কথা উল্লেখ কৰি কয়, “আমাৰ দৃঢ় বিশ্বাস যে কংগ্ৰেছ দলে ৰাজ্যবাসীৰ পৰা অতিকমেও ৫০ লাখ গামোচা সংগ্ৰহ কৰিবলৈ সক্ষম হ’ব আৰু সেই গামোচা আমি গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া স্মৃতিসৌধত প্ৰদৰ্শনৰ বাবে সংৰক্ষণ কৰি ৰাখিম।” ৰিপুন বৰাই টুইটযোগে কয়, “কা” এই ৰাজ্যত প্ৰযোজ্য হ’বলৈ দিয়া নহ’ব আৰু আমি এক ইতিহাস সৃষ্টি কৰিম। অসম প্ৰদেশ কংগ্ৰেছৰ অনুৰোধ মৰ্মে আপোনালোকে একোখনকৈ গামোচাত আপোনাৰ নাম আৰু “কা”-বিৰোধী এটা বাৰ্তা লিখি কংগ্ৰেছ দলৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰক। আপোনাৰ এই গামোচাখন গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া “কা”-বিৰোধী আন্দোলনৰ স্মৃতিসৌধত স্মাৰক হিচাপে সংৰক্ষণ কৰা হ’ব।”

এই সন্দৰ্ভত কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া কয় যে অসমবাসীৰ ওপৰত বিজেপিৰ অত্যাচাৰী শাসনৰ ক’লা অধ্যায়ৰ অৱসান হ’বলৈ লৈছে আৰু অসমত “কা” প্ৰযোজ্য নোহোৱাটো কংগ্ৰেছে নিশ্চিত কৰিব। দেৱব্রৰ শইকীয়াই টুইটযোগে কয়, “সকলো ওলাই আহক আৰু ইতিহাসৰ অংশ হওঁক। অসম কংগ্ৰেছৰ অনুৰোধ মৰ্মে, অনুগ্ৰহ কৰি এখন গামোচাত আপোনাৰ নাম আৰু “কা”-বিৰোধী এক বাৰ্তা লিখি কংগ্ৰেছ দলৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰক আৰু আমি সেয়া গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া বিশাল স্মৃতিসৌধত প্ৰদৰ্শনৰ বাবে সংৰক্ষণ কৰিম।”

বুধবাৰে কংগ্ৰেছৰ অভিযান কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে বিজেপিয়ে ইয়াৰ বিভাজনকামী আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে অসমৰ স্বাভিমান আৰু ঐতিহ্যক ধুলিস্যাৎ কৰি দিবলৈ বিচৰা কাৰ্যক অসমবাসী ৰাইজে কেতিয়াও নাপাহৰে। প্ৰদ্যুৎ বৰদলৈয়ও এক টুইটযোগে কয়, “অসমবাসী ৰাইজ, এই ৰাজ্যখনৰ এক ইতিহাসৰ অংশীদাৰ হোৱাৰ বাবে আপোনাৰ সন্মুখত এয়া এক সুযোগ। “কা”-বিৰোধী বাৰ্তা আৰু আপোনাৰ স্বাক্ষৰ সম্বলিত এখন গামোচা গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া এক স্মৃতিসৌধত প্ৰদৰ্শন কৰা হ’ব। কংগ্ৰেছ দলৰ অনুৰোধ মৰ্মে, লৰালৰি কৰক, আপোনাৰ গামোচাখন অসম কংগ্ৰেছৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰক।”

উল্লেখ্য যে কংগ্ৰেছ দলৰ প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইনে কয় যে এই গামোচাবোৰে ‘ক’লা আইন” খনৰ বিৰুদ্ধে ৰাইজৰ আৱেগক প্ৰদৰ্শন কৰিব। ৰকিবুল হুছেইনে টুইটযোগে কয়, “আহক, আমি একেলগে ইতিহাসৰ এক নতুন অধ্যায় ৰচনা কৰোঁ। অসম কংগ্ৰেছৰ অনুৰোধ সাপেক্ষে “কা”-বিৰোধী বাৰ্তা আৰু আপোনাৰ স্বাক্ষৰ সম্বলিত এখন গামোচা গুৱাহাটীত নিৰ্মাণ হ’বলগীয়া এক স্মৃতিসৌধত প্ৰদৰ্শন কৰা হ’ব। কংগ্ৰেছ দল শাসনলৈ আহিলেই নিৰ্মাণ হ’বলগীয়া এই স্মৃতিসৌধত প্ৰদৰ্শত হ’ব এই গামোচাবোৰ।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply