সংখ্যালঘু সমষ্টিতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে জয়ী হ'ব : পিয়ুষ হাজৰিকা

নগাঁও – সংখ্যালঘু সমষ্টিতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে জয়ী হ’ব বুলি মন্তব্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ। বুধবাৰে নগাঁৱত এই মন্তব্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা চূড়ান্ত হোৱাৰ পিছতে প্ৰতিক্ৰিয়া পিয়ুষ হাজৰিকাৰ।

বুধবাৰে নগাঁৱত উপস্থিত হৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই। কংগ্ৰেছৰ নেতৃত্বত হ’বলগীয়া মহাজোঁট বন্ধন যটবন্ধন হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই। জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠিত আঞ্চলিক দলৰ কোনো অস্তিত্ব নাই বুলিও কটাক্ষ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

সংখ্যালঘু অধ্যুষিত সমষ্টিত কংগ্ৰেছ আৰু এ আই ইউ ডি এফেই জয়ী হ’ব বুলিও উল্লেখ কৰি সংখ্যালঘু সমষ্টিত বিজেপিৰ কোনো মতলব নাই বুলি মন্তব্য কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল সন্দৰ্ভতো মন্তব্য কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই কয় অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কংগ্ৰেছ, এ আই ইউ ডি এফকহে ক্ষতি কৰিব।

আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ গতি ৰোধ কৰিবলৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লগত পাঁচটাকৈ দলে মহাজোঁট বন্ধন গঢ়ি তুলিছে। এই মহাজোঁট বন্ধন চূড়ান্ত হোৱাৰ পিছতে বিজেপি দলৰ নেতা সকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply