যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন

সৰভোগ – ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সমষ্টিত সংখ্যালঘু ৰাইজৰ বিজেপিত যোগদান। সংখ্যালঘু সম্প্ৰদায়ৰ ৪,৫০০ পুৰুষ-মহিলাই যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টিত।

শনিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সমষ্টি সৰভোগ বিধানসভা সমষ্টিত ৪,৫০০ সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ-মহিলাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বিজেপি দলৰ সৰভোগ সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা ‘সংখ্যালঘু সন্মিলন’ অনুষ্ঠানত উপস্থিত থাকি ৰঞ্জিত দাসে বিজেপি দললৈ আদৰি আনে যোগদান কৰা সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ-মহিলা সকলক।

উক্ত সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ নীতিৰ আধাৰত সমগ্ৰ দেশত হোৱা প্ৰগতি আৰু উন্নয়নৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰায় ৪ হাজাৰ ৫ শ পুৰুষ মহিলাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে বুলি মন্তব্য প্ৰকাশ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। বিজেপি দলত যোগদান কৰা সকলো কাৰ্যকৰ্তাক দললৈ উষ্ম আদৰণি জনাই অনাগত দিনত সংখ্যালঘু সম্প্ৰদায়ৰ সকলো ৰাইজকে ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈ দলৰ স্বাৰ্থত একত্ৰিত হৈ কাম কৰি যাবলৈ ৰাজ্যিক সভাপতি গৰাকীয়ে আহ্বান জনায়৷

বিজেপি দলৰ সৰভোগ সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা ‘সংখ্যালঘু সন্মিলন’ অনুষ্ঠানত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ লগতে সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান আৰু ৰাজ্যিক বিজেপিৰ বহু বিষয়ববীয়া উপস্থিত থাকে৷ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে নিজ সমষ্টিত দলৰ ভেটি শক্তিশালী কৰা পৰিলক্ষিত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,275 other subscribers

Leave a comment

Leave a Reply