মৰিগাওঁ- সামৰণি পৰিল কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন। সামগ্ৰিক ভাবে নিৰ্বাচন শান্তিপূৰ্ণ আছিল যদিও বহু ঠাইৰ ভোটগ্ৰহন কেন্দ্ৰত খেলিমেলি হোৱাৰ তথ্য পোহৰলৈ আহে।
মৰিগাঁৱৰ ১৬ নং শলমাৰী সমষ্টিৰ ভোট গ্ৰহন কেন্দ্ৰত ২ টা ভোট কেন্দ্ৰত একে খিনি ভোটাৰে ভোটদান। ২টা কেন্দ্ৰত ৪০০ ভোটাৰৰ নাম সন্নিবিষ্ট আছে। ভোট কেন্দ্ৰ ১ নং মিকিৰ গাওঁ প্ৰাথমিক বিদ্যালয় আৰু ৭ নং লোকাকোছি প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত। ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় মৰিগাঁৱত।
১৭ং ভোমোৰাগুৰি অনুসুচীত জনজাতি সমষ্টি ৯নং ভোট কেন্দ্ৰত দুই শতাধিক ভোটৰৰ ভোটৰ তালিকাত নাম কৰ্তনক লৈ উতপ্ত পৰিস্থিতিৰ স্থিতি হয়। সমষ্টিটোত প্ৰতিদ্বন্দিতা আগবঢ়াইছে কংগ্ৰেছৰ পৰা তপন সাটনিয়াৰ আমচি৷ বিজেপিৰ পৰা দেৱকান্ত বৰদলৈ৷ আপৰ পৰা চিত্ৰলেখা ফাংছপী৷ ঐক্য মঞ্চৰ পৰা এলিজা ৰাভা বৰদলৈ৷ নিৰ্দলীয় পাৰ্থী জিতেন চন্দ্ৰ পাতৰে প্ৰতিদ্বন্দিতা আগবঢ়াইছে৷ ঘটনাস্থলিত আৰক্ষী আৰু চক্ৰ বিষয় উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ পিছত হে শান্ত হয় |