সুস্মিতা দেব

জমশ্বেৰ আলি: প্ৰাক্তন সাংসদ তথা নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ আকস্মিকভাৱে কংগ্ৰেছ ত্যাগ আৰু তৃণমূল কংগ্ৰেছত যোগদান অসমৰ ৰাজনীতিতেই নহয়, সৰ্বভাৰতীয় ৰাজনীতিতো এক আলোড়ন সৃষ্টি কৰা ঘটনা। বিষয়টো এই বাবে চাঞ্চল্যকৰ নহয় যে ভাৰতৰ শতাব্দী প্ৰাচীন ৰাজনৈতিক দল কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ শাখা সংগঠনৰ নেতৃত্বত থকা সুস্মিতা দেবে ত্যাগ কৰি আন এটা দলত যোগদান কৰিছে! বিষয়টো এই কাৰণে গুৰুত্ব লাভ কৰিছে কাৰণ অসমৰ কংগ্ৰেছী নেতৃবৰ্গৰ মাজত সম্প্ৰীতি শীৰ্ষতম পদত থকা ছোনিয়া গান্ধী-ৰাহুল গান্ধীৰ সৰ্বাধিক বিশ্বস্ত, আস্থাভাজন আৰু অনুগত যুঁজাৰুজনে কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিলে।
সুস্মিতা দেব গান্ধী পৰিয়ালৰে সাম্প্ৰতিক সময়ত সৰ্বাধিক ঘনিষ্ঠ অসমৰ কংগ্ৰেছ নেত্ৰী নাছিল, তেওঁৰে গান্ধী পৰিয়ালৰ আছিল তিনিটা প্ৰজন্মৰ নিবিড় সম্বন্ধ !

এইটোও নহয় যে, গান্ধী পৰিয়ালৰে সুস্মিতা দেবৰ তিনি প্ৰজন্মৰ ঘনিষ্ঠ সম্পৰ্কৰ বাবেই তেওঁ ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ আস্থাভাজন হৈ কংগ্ৰেছত ক্ষমতাশালী হৈ উঠিছিল, বৰঞ্চ নিজৰ মেধা, শৈক্ষিক অৰ্হতা, সাংসদ হিচাপে সদনৰ মজিয়াত এগৰাকী বলিষ্ঠ বক্তা তথা যুঁজাৰু মানসিকতা; তেওঁৰ এই উত্তোৰণত আছিল বিশেষ সহায়ক। বৰাক আৰু ত্ৰিপুৰাৰ এসময়ৰ অখণ্ড প্ৰতাপী কংগ্ৰেছ নেতা সাতোটা কাৰ্যকালৰ সাংসদ, তিনিগৰাকী প্ৰধানমন্ত্ৰীৰ অধীনত সৰ্বমুঠ তেৰটা বছৰ কেন্দ্ৰত গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে দায়িত্ব নিৰ্বাহ কৰা প্ৰতাপী নেতা সন্তোষ মোহন দেবৰ কণ্যা হিচাপে বিশেষ সুযোগ যে সুস্মিতা দেবে পোৱা নাছিল, তেনে নহয়। কিন্তু, দিল্লী বিশ্ববিদ্যালয়ৰ পৰা লণ্ডনৰ কিংছ্ কলেজলৈ অধ্যয়ন কৰা সুস্মিতা দেবৰ অধ্যয়ণশীলতা, বাক্ পটুতা, সৰ্বপোৰি গান্ধী পৰিয়ালৰ প্ৰতি বংশানুক্ৰমিক নিষ্ঠাও ছোনিয়া-ৰাহুলৰ প্ৰিয়ভাজন কৰি তোলাত সুস্মিতা দেবক বিশেষকৈ সহায় কৰিছিল। সেই সুত্ৰেই অসমৰ ভিতৰতেই গান্ধী পৰিয়ালৰ সৰ্বাধিক বিশ্বাসভাজন কংগ্ৰেছ নেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল সুস্মিতা দেব। ইয়াৰ ফলস্বৰূপে অতি কম বয়সতে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল তেওঁ। অসমত কংগ্ৰেছৰ দলীয় ৰাজনীতিত লবীকেন্দ্ৰিক দ্বন্দ-সংঘাতৰ মাজত সুস্মিতা দেবৰ প্ৰতিটো স্থিতিয়ে দলীয় হাই কমাণ্ডৰ অনুমোদন পোৱা নাছিল সচাঁ, কিন্তু অসম কেন্দ্ৰিক যিকোনো সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে ছোনিয়া-ৰাহুলে বিগত পাঁচোটা বছৰে সুস্মিতা দেবৰে এবাৰৰ বাবে হ’লেও পৰামৰ্শ কৰাটো এক নিয়মতান্ত্ৰিক ঘটনাত পৰিণত হোৱাটো কংগ্ৰেছ ৰাজনীতিৰ খবৰ ৰখা মহলবোৰৰ অবিদিত নহয়।

শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু তিনিগৰাকী কাৰ্যকৰী সভাপতি নিয়োগৰ ক্ষেত্ৰতো সুস্মিতা দেবৰ গুৰুত্ব অনুভূত হৈছিল। সুস্মিতা দেবে প্ৰাথমিকভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দেবব্ৰত শইকীয়াক বিচাৰিলেও, অসম কংগ্ৰেছ বিধায়িনী দলৰ নেতাৰ পদতো এইক্ষেত্ৰত বাধাৰূপে থিয় দিয়ে। তেনেস্থলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দৌৰত আগবাঢ়ি যায় সাংসদ প্ৰদ্যুৎ বৰদলৈ। স্বাধীন চেতিয়া প্ৰদ্যুৎ বৰদলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ’লে তেওঁক নিয়ন্ত্ৰণত ৰাখিব পৰা নাযাব বুলি ধাৰণা কৰি তেওঁ অন্যান্য সকলৰ লগতে ভূপেন বৰাৰ পক্ষত অৱস্থাত কৰে। কাৰ্যকৰী সভাপতি পদত সুস্মিতা দেবৰ প্ৰথম পচন্দ বৰপেটাৰ সাংসদ আব্দুল খালেক আছিল যদিও বাঙালী হিন্দু সম্প্ৰদায়ৰ পৰা এজন কাৰ্যকৰী সভাপতি পদত তেওঁ কমলাক্ষ দে পুৰকায়স্থক বিচৰাৰ কথাটো তেওঁ দলৰ হাই কমাণ্ডক জানিবলৈ দিয়ে। সেই অনুসৰি, তেওঁৰ পচন্দৰ এজনে প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি পদত অধিষ্ঠিত হয়। উক্ত নৱনিযুক্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি, কাৰ্যকৰী সভাপতি ত্ৰয়, অসম বিধানসভাত কংগ্ৰেছ বিধায়িনী দলৰ নেতা, উপ-নেতা, অসমৰ কংগ্ৰেছী সাংসদ আৰু প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক কেইজনৰে ছোনিয়া গান্ধী-ৰাহুল গান্ধীয়ে ১৪ আগষ্টত নতুন দিল্লীত যি সভা অনুস্থিত কৰিছিল, উক্ত সভাতো প্ৰট’কল ভাঙি আমন্ত্ৰিত নেত্ৰী গৰাকী আছিল সুস্মিতা দেব। উক্ত সভাতো তেওঁ অসমত কংগ্ৰেছৰ দলীয় ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰামৰ্শাৱলী আগবঢ়াইছিল। উক্ত সভাৰ পাছদিনাই সুস্মিতা দেবে নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী পদৰ লগতে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে! যি পদত্যাগ একপ্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰে ৰাজ্যিক তথা জাতীয় ৰাজনীতিত।

তৃণমূল কংগ্ৰেছত যোগদান কৰি গৃহ চহৰ শিলচৰত আদৰণি

তৃণমূল কংগ্ৰেছলৈ কিয় গ’ল সুস্মিতা দেব?
কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীলৈ সুস্মিতা দেবে ১৫ আগষ্টতে পদত্যাগ পত্ৰ প্ৰেৰণ কৰা বুলি দাবী কৰিলেও ১৬ আগষ্টৰ আগবেলাহে এই পদত্যাগ পত্ৰ সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হয়। তাকো সামাজিক মাধ্যমৰ সৌজন্যত। লগে লগে ৰাজনৈতিক মহলত বিভিন্ন জল্পনা- কল্পনাৰ সৃষ্টি হয়। সাধাৰণতে প্ৰাথমিক অৱস্থাত এয়া সুস্মিতা দেবৰ বিজেপি যাত্ৰাৰ প্ৰাথমিক পদক্ষেপ বুলি বহুতেই ধাৰণা কৰিছিল। কিয়নো, ছোনিয়া গান্ধী-ৰাহুল গান্ধীৰ ঘনিষ্ঠ হৈও সুস্মিতা দেব অসমৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰে সু-সম্পৰ্ক ৰক্ষা কৰাৰ কথাটো কাৰো অবিদিত নহয়। ২০১১ চনত তৎকালীন কংগ্ৰেছী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে যি ৰাজনৈতিক ক্ষমতাকেন্দ্ৰিক যুঁজ আৰম্ভ কৰিছিল, সেই যুঁজত হিমন্ত বিশ্ব শৰ্মাৰ হৈ সমূখৰ পৰা নেতৃত্ব দিছিল সুস্মিতা দেবে। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰালৈকে নিৰবিচ্ছিন্নভাৱে সুস্মিতা দেব এই সংগ্ৰামৰ নেতৃত্বত আছিল। হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদানৰ পিছত আদৰ্শগত কাৰণত সুস্মিতা দেব কংগ্ৰেছত থাকি গলেও দুয়োৰে মাজত ব্যক্তিগত সম্পৰ্কৰ অৱনতি ঘটা নাছিল বুলি ৰাজনৈতিক মহলত চৰ্চিত। সেয়েহে, বহুতেই সুস্মিতা দেবৰ এই ৰাজনৈতিক সিদ্ধান্ত বিজেপিৰ স্বাৰ্থত বুলি অনুমান কৰিলেও সিদিনাই আবেলি তেওঁ তৃণমূল কংগ্ৰেছত যোগদান কৰে।

তৃণমূল কংগ্ৰেছত যোগদানৰ পূৰ্বে দলটোৰ সংসদীয় সমিতিৰ অধ্যক্ষ ডেৰেক অ’ ব্ৰেয়ান আৰু তৃণমূল কংগ্ৰেছত থকা সুস্মিতা দেবৰ পাৰিবাৰিক আত্মীয় এজনৰ জড়িয়তে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰে কেবালানি আলোচনা সম্পন্ন কৰে। সেই আলোচনা মৰ্মে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰা ৰাজ্যসভাৰ সাংসদ দীনেশ ত্ৰিবেদীৰ আসনত হ’বলগীয়া উপ-নিৰ্বাচনত সুস্মিতা দেবক ৰাজ্যসভালৈ প্ৰেৰণৰ লগতে উত্তৰ পূৰ্বাঞ্চলত তৃণমূল কংগ্ৰেছৰ সাংগঠনিক ভেটি মজবুত কৰাৰ ক্ষেত্ৰত তেওঁক নিয়োজিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে, ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে বিজেপিৰ সৰ্বাত্মক প্ৰয়াস ব্যৰ্থ কৰি তৃতীয় বাৰলৈ পশ্চিম বংগৰ ক্ষমতা দখল কৰে। ইয়াৰ পিছতে জাতীয় ৰাজনীতিত নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ লক্ষ্য বান্ধি বিশেষ তৎপৰতা আৰম্ভ কৰিছে মমতা বেনাৰ্জীয়ে। এই ক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰ মূল লক্ষ্য বাঙালী হিন্দু অধ্যুষিত ত্ৰিপুৰা আৰু অসম। ত্ৰিপুৰাত ইতিমধ্যে ২০২৩ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য হিচাপে লৈ ব্যাপক কুচকাৱাজ আৰম্ভ কৰিছে যদিও ত্ৰিপুৰাৰ ভূমিৰ পৰা দলটোক নেতৃত্ব দিব পৰা উপযুক্ত যুঁজাৰু নেতা বিচাৰি উলিয়াব পৰা নাই। সেয়েহে, বিকল্প নেতা ৰূপত মমতা বেনাৰ্জীৰ বাছনিত উঠিছে সুস্মিতা দেব!

সুস্মিতা দেবৰ পিতৃ সন্তোষ মোহন দেব কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী হৈ থকা অৱস্থাত ১৯৮৭ চনত ত্ৰিপুৰাৰ তৎকালীন বাওঁ মৰ্চা চৰকাৰ ভংগ কৰি ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ আছিল অন্যতম কাৰিগৰ। উক্ত ৰাষ্ট্ৰপতি শাসন চলি থকা অৱস্থাতে ব্যাপক বাহুবল প্ৰয়োগ কৰি ১৯৮৮ চনত ত্ৰিপুৰাত কংগ্ৰেছ চৰকাৰ প্ৰতিষ্ঠা কৰা বুলি ৰাজ্যখনৰ ৰাজনীতিত আজিও চৰ্চিত।

১৯৮৮ চনত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত সন্তোষ মোহন দেবৰ ত্ৰিপুৰাৰ ভূমিত ব্যাপক বাহুবল প্ৰয়োগৰ ৰাজনীতিৰ সাফল্যক সাৰথি কৰি ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত ত্ৰিপুৰালৈ প্ৰস্থান কৰে সন্তোষ মোহন দেব। ১৯৮৯ চনত অসমত লোকসভা নিৰ্বাচন অনুষ্ঠিত নোহোৱাত ত্ৰিপুৰা পশ্চিম লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি লোকসভালৈ নিৰ্বাচিত হয় সন্তোষ মোহন দেব। ১৯৯১ চনৰ নিৰ্বাচনতো শিলচৰৰ পৰিবৰ্তে ত্ৰিপুৰা পশ্চিম লোকসভা সমষ্টিতেই প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লয় সন্তোষ মোহন দেবে। সেই সময়ত ত্ৰিপুৰাৰ নিৰ্বাচনী ব্যৱস্থাটোক কিদৰে ৰিগিং আৰু বুথদখলৰ জৰিয়তে সন্তোষ মোহন দেবে প্ৰহসনত পৰিণত কৰিছিল তাৰ এটা উদাহৰণেই যথেষ্ট। চি পি আই (এম) দলৰ ব্যাপক সাংগঠনিক ভেটি তচনচ কৰি ১৯৯১ চনৰ সাধাৰণ নিৰ্বাচনত ত্ৰিপুৰা পশ্চিম লোকসভা সমষ্টিত সন্তোষ মোহন দেবে ৮৩.৪৭ শতাংশ ভোট লাভ কৰি জয়লাভ কৰে। ইয়াৰ বিপৰীতে চি পি আই (এম) প্ৰাৰ্থী তৎকালীন যুৱনেতা তথা পৰবৰ্তী কালত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সৰকাৰে লাভ কৰে মাত্ৰ ৬.৪২ শতাংশ ভোট। ত্ৰিপুৰা পূৱ (জনজাতি সংৰক্ষিত) আসনতো কংগ্ৰেছ প্ৰাৰ্থী মহাৰাণী বিভু কুমাৰী দেৱীয়ে ৮৮ শতাংশ ভোট লাভ কৰি বিজয়ী হোৱাৰ বিপৰীতে চি পি আই (এম) প্ৰাৰ্থী বাজুবন ৰিয়াঙে ৬ শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে। অৱশ্যে ত্ৰিপুৰাত কংগ্ৰেছৰ এই অখণ্ড প্ৰতাপ স্থায়ী কৰিব নোৱাৰিলে সন্তোষ মোহন দেবে। ১৯৯৩ চনৰ বিধানসভা নিৰ্বাচনত চি পি আই (এম) নেতৃত্বাধীন বাওঁমৰ্চাই এক পঞ্চমাংশ সংখ্যাগৰিষ্ঠৰে ত্ৰিপুৰাৰ ক্ষমতা দখল কৰাৰ পিছত ৰাজ্যখনৰ ৰাজনীতিৰ পৰা নীৰৱে প্ৰস্থান কৰে সন্তোষ মোহন দেব।

লগতে পঢ়ক টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত অসমৰ শুভদ্বীপ

ত্ৰিপুৰাৰ ৰাজনীতিত সন্তোষ মোহন দেবৰ আবিৰ্ভাৱ কোনো আকস্মিক ঘটনা নাছিল। বৰং ই আছিল তেওঁৰ পাৰিবাৰিক ৰাজনৈতিক উত্তৰাধিকাৰ। কিয়নো, তেওঁৰ পিতৃ আছিল প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী তথা কংগ্ৰেছ নেতা সতীন্দ্ৰ মোহন দেব। সতীন্দ্ৰ মোহন দেব ১৯৪৬ চনৰ পৰা ১৯৭১ চনলৈ শিলচৰৰ পৰা নিৰ্বাচিত কংগ্ৰেছী বিধায়ক তথা অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে নাছিল, তেওঁ আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ঘনিষ্ঠ নেতা। ১৯৬০ৰ দশকত সতীন্দ্ৰ মোহন দেবক ৰাজ্যপাল পদ যচাঁ হৈছিল যদিও শিলচৰৰ ৰাজনীতি এৰি তেওঁ বাহিৰলৈ যাবলৈ অস্বীকাৰ কৰে। সতীন্দ্ৰ মোহন দেব যে শিলচৰত বহি বৰাকৰ ৰাজনীতিয়েই কৰিছিল তেনে নহয়। ত্ৰিপুৰাৰ দুৱাৰমুখ শিলচৰ হোৱা সূত্ৰে ত্ৰিপুৰাৰ মানুহ আৰু ৰাজনৈতিক ক্ষেত্ৰতো সমানেই নিবিড় সম্বন্ধ অব্যাহত ৰাখিছিল। ইয়াৰ ৰাজনৈতিক ফল আদায় কৰিছিল সন্তোষ মোহন দেবে। একেদৰে সন্তোষ মোহন দেব ত্ৰিপুৰাৰ ৰাজনীতিৰ পৰা বিদায় লোৱাৰ পিছতো ৰাজ্যখনৰ সৰ্বসাধাৰণ লোকৰ লগতে কংগ্ৰেছৰ নেতা-কৰ্মীৰ সৈতে জীৱনৰ শেষ দিনলৈ গভীৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল। যি ধাৰাবাহিকতা সুস্মিতা দেবেও ৰক্ষা কৰি চলিছে। এই সম্পৰ্ক আৰু প্ৰভাৱকে ত্ৰিপুৰাৰ ৰাজনীতিত ব্যৱহাৰ কৰিবলৈ সুস্মিতা দেবক আকোঁৱালি লৈছে মমতা বেনাৰ্জীয়ে।

সুস্মিতা দেবৰ তৃণমূল কংগ্ৰেছত যোগদান “নিঃচৰ্ত সিদ্ধান্তৰ পৰিণতি” বুলি কংগ্ৰেছ ত্যাগী নেতৃগকাৰীয়ে বাৰম্বাৰ ঘোষণা কৰিছে। কিন্তু, সুস্মিতা দেবৰ ঘনিষ্ঠ মহলৰ মতে এই যোগদান কেতিয়াও চৰ্তহীন নহয়। দীনেশ ত্ৰিবেদীৰ পদত্যাগৰ ফলত খালি হোৱা ৰাজ্যসভাৰ আসনখনত সুস্মিতা দেবক অচিৰেই নিৰ্বাচিত কৰাতেই সীমাবদ্ধ নহয় এই চৰ্ত। ত্ৰিপুৰাত সময় আৰু সুযোগ আহিলে প্ৰয়োজনত সুস্মিতা দেবকেই তৃণমূল কংগ্ৰেছে পাতিব বিচাৰে মুখ্যমন্ত্ৰী। অৱশ্যে এই দুটা বিষয়ক লৈ সুস্মিতা দেবে তৃণমূল কংগ্ৰেছক চৰ্ত আৰোপ কৰিবলগীয়া হোৱা নাই। বৰং দুয়োটা বিষয়েই মমতা বেনাৰ্জীয়ে নিজৰ ফালৰ পৰা স্ব-প্ৰণোদিতভাৱে জনাই দিছে সুস্মিতা দেবক। কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত এই ক্ষেত্ৰতে পাৰ্থক্য বিচাৰি পাইছে সুস্মিতা দেবে। কিয়নো, ছোনিয়া গান্ধী-ৰাহুল গান্ধীৰ ঘনিষ্ঠ তথা নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ পিছতো সুস্মিতা দেবক পঞ্জাব অথবা ৰাজস্থানৰ দৰে কংগ্ৰেছ শাসিত ৰাজ্যৰ পৰা ৰাজ্যসভালৈ প্ৰেৰণৰ কথাটো এবাৰো ভাবিব পৰা নাই কংগ্ৰেছে। অথচ মমতা বেনাৰ্জীয়ে যোগদানৰ পূৰ্বেই তেওঁক লৈ কৰিছে এই দিশত গুৰুত্বপূৰ্ণ পৰিকল্পনা।

লগতে পঢ়ক বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কংগ্ৰেছৰ বিধায়কৰ

কংগ্ৰেছ ত্যাগ কৰাৰ পিছত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিৰ্বাচিত সভাপতি ভূপেন বৰাই “সূস্মিতা দেবে পৰাজয় স্বীকাৰ কৰি অইন দললৈ ৰঘুমলা হ’বলৈ যোৱা” বুলি কটাক্ষ কৰিছে। কিন্তু, ত্ৰিপুৰাত পদাৰ্পন কৰাৰ পূৰ্বেই সুস্মিতা দেবে নতুন উন্মাদনা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। বিগত তিনিটা মাহ আপ্ৰাণ চেষ্টা কৰি যি কাম কৰিব পৰা নাছিল তৃণমূল কংগ্ৰেছৰ কেবা ডজন নেতা নেত্ৰীয়ে, সেই কাম এসপ্তাহতে সিদ্ধ কৰা বুলি তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অনুভৱ কৰিছে। ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পিযুঁষকান্তি বিশ্বাসে বিগত ২১ আগষ্টত “কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই ত্ৰিপুৰাত কংগ্ৰেছৰ শক্তি বৃদ্ধিত প্ৰয়োজনীয় সহযোগ নকৰা” বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে। তেওঁ লগতে কৈছে যে – “কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই দল পৰিচালনাত সহযোগ নকৰা অৱস্থাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈ থকাটো অসম্ভৱ। নহ’লে মই ব্যক্তিগত স্বাৰ্থত দলটোৰ নেতৃত্ব খামুচি থকা বুলি জণগণে ভাবিবলৈ বাধ্য হ’ব। বিজেপিৰ বিকল্প গঢ়ি তোলাৰ স্বাৰ্থত নতুন ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰাটো অতি জৰুৰী হৈ পৰিছে।” পিযুঁষকান্তি বিশ্বাসে তাৰ পিছতেই পদত্যাগ কৰাৰ বাতৰি প্ৰচাৰিত হৈছে। তেওঁ অচিৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰাৰো পৰিকল্পনা কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। পিযুঁষকান্তি বিশ্বাসেই নহয়, ত্ৰিপুৰা কংগ্ৰেছ সম্পূৰ্ণভাবেই যে এই নতুন ৰাজনৈতিক সিদ্ধান্তৰ পক্ষত বুলি এতিয়া সৰ্বত্ৰে আলোচিত। আনকি, চি পি আই (এম) নেতৃত্বাধীন বাওঁ মৰ্চাক ক্ষমতাচ্যুত কৰিবলৈ বিজেপিত যোগদান কৰা পুৰণি কংগ্ৰেছীৰ বৃহৎ অংশ এটাও নতুন বিকল্প গঢ়ি তুলিবলৈ তৃণমূল কংগ্ৰেছত যোগদানৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ কৰিছে। সুস্মিতা দেবৰ তৃণমূল কংগ্ৰেছত যোগদানে তেওঁলোকক অধিক উৎসাহিত কৰিছে। এই উৎসাহক সুস্মিতা দেব তথা তৃণমূল কংগ্ৰেছে কেনেকৈ সদ্ব্যৱহাৰ কৰে সেয়া অনাগত দিনবোৰত লক্ষণীয় হ’ব।

সুস্মিতা দেবৰ বাবে গুৰুত্বপূৰ্ণ নহয় নেকি অসমৰ ৰাজনীতিঃ
একমাত্ৰ ত্ৰিপুৰাক লক্ষ্য কৰিয়েই সুস্মিতা দেবৰ তৃণমূল যাত্ৰা নেকি? অসমৰ ৰাজনীতিত ইয়াৰ কোনো প্ৰভাৱ নপৰিব নেকি? এই বিষয়টোও ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। এই কথা নকলেও হ’ব সুস্মিতা দেবৰ পিতৃ সন্তোষ মোহন দেবক সৰ্বভাৰতীয় স্তৰৰ গুৰুত্বপূৰ্ণ কংগ্ৰেছ নেতা বুলি প্ৰচাৰ কৰা হয় যদিও তেওঁৰ প্ৰভাৱ অসমৰ সামগ্ৰিক ৰাজনীতিত কেতিয়াও নাছিল। অধ্যাপক সুশান্ত কৰৰ মতে, “সন্তোষ মোহন দেব কেন্দ্ৰীয় মন্ত্ৰী হিচাপে প্ৰভাৱশালী আছিল যদিও ব্ৰহ্মপুত্ৰ উপত্যকাৰ কংগ্ৰেছী ৰাজনীতিত তেওঁৰ প্ৰভাৱ আছিল তেনেই সীমিত। বৰাক উপত্যকা আৰু ত্ৰিপুৰাৰ কংগ্ৰেছী ৰাজনীতি তেওঁ নিয়ন্ত্ৰণ কৰিলেও শেষ বয়সত তেওঁৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৰাক উপত্যকাতো সংকুচিত হৈ পৰিছিল। আনকি, বৰাক উপত্যকাৰ কৰিমগঞ্জ লোকসভা সমষ্টি এলেকাত সন্তোষ মোহন দেবক প্ৰত্যাহ্বান জনাই ললিত মোহন শুক্লবৈদ্যক কংগ্ৰেছৰ প্ৰাৰ্থীত্ব প্ৰদান কৰি বিজয়ী কৰি লৈ গৈছিল অখণ্ড প্ৰতাপী মন্ত্ৰী গৌতম ৰয়ে।” বৰাক উপত্যকাৰ কাছাৰ জিলাক বাদে কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত সন্তোষ মোহন দেবৰ প্ৰভাৱ সংকুচিত কৰাৰ ক্ষেত্ৰত অসম কংগ্ৰেছৰ শীৰ্ষ মহলে গৌতম ৰয়ক সাৰপানী যোগাই গৈছিল বুলি সন্তোষ মোহন দেবৰ অনুগামী সকলৰ অভিযোগ দীৰ্ঘদিনীয়া। সম্প্ৰতি গৌতম ৰয় বিজেপিত, সন্তোষ মোহন দেবৰ অনুগামী সকল সুস্মিতা দেবৰ হাত ধৰি তৃণমূল কংগ্ৰেছমুখী হ’ব নেকি? এইটো এইমূহূৰ্তত লাখটকীয়া প্ৰশ্ন।

লগতে পঢ়ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি বেদখল কৰি মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষই কৰিছে চাহ খেতি

এটা কথা কাৰো অবিদিত নহয় যে বৰাক উপত্যকাত বাঙালী হিন্দু, হিন্দীভাষী চাহ শ্ৰমিক সম্প্ৰদায়ৰ মাজত ১৯৯১ চনৰ পৰাই বিজেপি শক্তিশালী হৈ পৰিছে। এসময়ত উপত্যকাটোত প্ৰভাৱশালী বাওঁপন্থী চি পি আই (এম) দলৰ শক্তি তেনেই সীমিত। বৰাকত মুছলমান সম্প্ৰদায়ৰ মাজত যথেষ্ট পৰিমাণে শক্তিশালী হৈ পৰিছে এ আই ইউ ডি এফ। এ আই ইউ ডি এফৰ শক্তি বৃদ্ধিৰ মূল কাৰণটোৱে হৈছে কংগ্ৰেছৰ প্ৰভাৱশালী নেতা সন্তোষ মোহন দেবৰ পৰা আৰম্ভ কৰি গৌতম ৰয়লৈ ভোটৰ প্ৰয়োজনত মুছলমানৰ ওপৰত নিৰ্ভৰশীল হৈয়ো মুছলমান সকলক কৰি অহা ধাৰাবাহিক বঞ্চনা আৰু বহু পৰিমাণে বিদ্বেষমূলক আচৰণ। যাৰ কু-ফল সুস্মিতা দেবেও ভোগ কৰিবলগীয়া হৈছে। শিলচৰৰ মুছলমান ভোটাৰৰ প্ৰায় ৯০ শতাংশৰ সমৰ্থন সুস্মিতা দেবে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত লাভ কৰিবলৈ সক্ষম হৈছিল যদিও অনা-মুছলমান ভোটাৰৰ সমৰ্থন বিশেষ আদায় কৰিব নোৱাৰাত তেওঁ পৰাজয়ৰ সন্মুখীন হয়। কিন্তু, ২০২১ চনৰ বিধানসভা নিৰ্বাচন পৰবৰ্তী বিজেপি বিৰোধী বিশ্বাসযোগ্য শক্তি ৰূপে মুছলমান সমাজত তৃণমূল কংগ্ৰেছৰ প্ৰভাৱ এটা বৰাক-ব্ৰহ্মপুত্ৰ দুয়ো উপত্যকাতে অনুভূত হৈছে। বিজেপি চৰকাৰৰ কাম-কাজত অসন্তুষ্ট বাঙালী হিন্দু সম্প্ৰদায়ৰ এটা অংশয়ো তৃণমূল কংগ্ৰেছক বিকল্পৰূপে আকোঁৱালি লোৱাৰ চিন্তা-চৰ্চা কৰা পৰিলক্ষিত হৈছে। এই কথা অনুভৱ কৰিয়েই কংগ্ৰেছৰ বহুতো নেতাই তৃণমূল কংগ্ৰেছৰে যোগাযোগ অব্যাহত ৰাখিছে যদিও তেওঁলোকে মমতা বেনাৰ্জীৰ মন জয় কৰিব পৰা নাই। এই দিশৰ পৰা তৃণমূল কংগ্ৰেছে অখিল গগৈৰ সহায় বিচাৰিছে যদিও অখিল গগৈয়ে তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ নাকচ কৰিছে। তেনেস্থলত পূৰ্বৰে পৰা মমতা বেনাৰ্জীৰে যোগাযোগ অব্যাহত ৰখা কোকৰাঝাৰৰ নিৰ্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াক অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ গুৰু দায়িত্ব প্ৰদানৰ বিষয়টো অগ্ৰাধিকাৰ লাভ কৰিছে। নৱ কুমাৰ শৰণীয়া যে আজিৰ দিনত ভেটিহীন সেয়া তৃণমূল কংগ্ৰেছ মানিবলৈ নাৰাজ। তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ মতে, দুটাকৈ কাৰ্যকালত কোকৰাঝাৰৰ দৰে জটিল সংসদীয় সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হোৱা নৱ কুমাৰ শৰণীয়া এটা শক্তি। তেওঁক প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত কৰি সুস্মিতা দেবৰ দৰে নেত্ৰীক সহযোগী হিচাপে ৰাখিলে ব্ৰহ্মপুত্ৰ উপত্যকাতো মুছলমান আৰু বাঙালী হিন্দু সম্প্ৰদায়ৰ লোকৰ মাজত তৃণমূল কংগ্ৰেছৰ শক্তি বৃদ্ধিত সহায়ক হ’ব। অৰ্থাৎ ত্ৰিপুৰাত সুস্মিতা দেবক ৰাজনৈতিক যুঁজৰ শীৰ্ষত ৰাখিবলৈ ইচ্ছুক তৃণমূল কংগ্ৰেছে ব্ৰহ্মপুত্ৰ উপত্যকাত দলৰ শীৰ্ষস্থানত ৰাখিবলৈ কিন্তু এই মুহূৰ্ত্তত অনিচ্ছুক।

যিয়েই নহওঁক, সুস্মিতা দেবৰ তৃণমূল কংগ্ৰেছত যোগদানৰ বিষয়টো কংগ্ৰেছৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান। কিয়নো, বিগত পাঁচোটা বছৰ ধৰি সুস্মিতা দেব আছিল অসম কংগ্ৰেছত বাঙালী সম্প্ৰদায়ৰ সৰ্বোচ্চ নেত্ৰী। তেওঁৰ কথনশৈলী, সামাজিক সম্পৰ্ক আৰু দৃঢ়তা বাঙালী সমাজত সুস্মিতা দেবৰ শত্ৰু শিবিৰতো আছিল সমাদৃত। তেওঁৰ অনুপস্থিতি অসম প্ৰদেশ কংগ্ৰেছে এই দিশৰ পৰাই পূৰণ কৰাটো সাম্প্ৰতিক সময়ত সম্ভৱ নহয়।

(লেখক: জ্যোষ্ঠ সাংবাদিক, ৰাজনৈতিক বিশ্লেষক , ফোনঃ ৯১০১৭৫১৯৭৬
ই-মেইলঃ alijamser@gmail.com)

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply