হাতত হেংদাং লৈ অসম বচাবলৈ ওলাই আহিল গৌৰৱ গগৈ Credit: বিজেপিক পৰাস্ত কৰিবলৈ আহোম যোদ্ধাৰ ৰূপত গৌৰৱ গগৈ

গুৱাহাটী – কলিয়াবৰৰ কংগ্রেছী সাংসদ গৌৰৱ গগৈয়ে তুলি ল’লে হেংদাং। হাতত হেংদাং লৈ অসম বচাবলৈ ওলাই আহিল গৌৰৱ গগৈ। মহান অসমীয়া যােদ্ধা আৰু আহােম সেনাপতি বীৰ লাচিত বৰফুকনৰ স্মাৰকত পুষ্পার্ঘ অর্পণ কৰি হাতত হেংদাং লৈ গৌৰৱ গগৈয়ে আৰম্ভ কৰিলে ‘অসম বচাওঁ আহক’ বাছ যাত্ৰা। বিজেপিক পৰাস্ত কৰিবলৈ আহোম যোদ্ধাৰ ৰূপত গৌৰৱ গগৈ।

আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ দলে আৰম্ভ কৰিছে এক বিশেষ বাছ যাত্ৰা। এফালে শাসকীয় বিজেপি দলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰি পুনৰ বাবে ৰাজ্যৰ শাসন নিজৰ হাতলৈ অনাৰ প্ৰচেষ্টা চলাই থকাৰ মাজতে বিজেপি দলৰ বিৰুদ্ধে কঁকালত টঙালি বান্ধি নিৰ্বাচনী যুঁজত নামি পৰিছে কংগ্ৰেছ দল। বিজেপিক শাসনৰ গাদীৰ পৰা আঁতৰাই পুনৰ নিজকে প্ৰতিষ্ঠা কৰিবলৈ কংগ্ৰেছে আৰম্ভ কৰিছে ‘অসম বচাওঁ আহক’ এক বিশেষ কাৰ্যসূচী। কংগ্ৰেছৰ এই বিশেষ কাৰ্যসূচীত আহোম যোদ্ধাৰ ৰূপত অৱতীৰ্ণ হৈছে গৌৰৱ গগৈ।

শনিবাৰে মহানগৰীৰ লাচিত ঘটাৰ পৰা সাংসদ গৌৰৱ গগৈয়ে আৰম্ভ কৰিলে ‘অসম বচাওঁ আহক’ শীৰ্ষক বাছ যাত্ৰা। মহাবহুৱ ব্ৰহ্মপুত্ৰৰৰ পাৰত থকা লাচিত ঘাটৰ মহান অসমীয়া যােদ্ধা আৰু আহােম সেনাপতি বীৰ লাচিত বৰফুকনৰ স্মাৰকত পুষ্পার্ঘ অর্পণ কৰি হাতত হেংদাং লৈ গৌৰৱ গগৈয়ে এই যাত্রাৰ আৰম্ভণি কৰি কয় “বৰ্তমান সময়ত অসমৰ সন্মুখত দুটা ৰাস্তা আছে, এটা ৰাস্তা শান্তি, প্ৰগতি আৰু উন্নয়নৰ ৰাস্তা আৰু আনটো হৈছে সংঘাত আৰু হিংসাৰ ৰাস্তা”।

২০২১ ৰ নিৰ্বাচনৰ পূৰ্বে অসমবাসী ৰাইজক সিদ্ধান্ত ল’ব লাগিব যে শান্তি, প্ৰগতি আৰু উন্নয়নৰ ৰাস্তা নে সংঘাত আৰু হিংসাৰ ৰাস্তা গ্ৰহণ কৰা উচিত বুলি মন্তব্য প্ৰকাশ কৰে গৌৰৱ গগৈয়ে। প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসমত শান্তি আৰু একতা ঘূৰাই আনিছিল কিন্তু বৰ্তমানৰ চৰকাৰখনৰ দিনত চাৰিওফালে অশান্তি আৰু ৰাইজৰ মাজত বেদনা। অসমক বচাবলৈ হ’লে সকলো মানুহ একত্ৰিত হ’ব লাগিব। এই ‘অসম বচাওঁ আহক’ যাত্ৰা কংগ্ৰেছৰ যাত্ৰা নহয় এই যাত্ৰা অসমবাসী ৰাইজৰ যাত্ৰা বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে।

উল্লেখ্য যে কংগ্ৰেছ দলৰ ‘অসম বচাওঁ আহক’ বাছ যাত্ৰা শুকুৰবাৰে নগাঁৱৰ পৰা শুভ আৰম্ভ কৰা হয়। নগাঁৱত এই বাছ যাত্ৰাৰ উদ্ধোধন কৰিছিল ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতা তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। শনিবাৰে লাচিত ঘাটত গৌৰৱ গগৈৰ বাছ যাত্ৰাৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকী বিধায়ক, বিধায়িকা, নেতা আৰু কর্মী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply