হিমন্ত বিশ্ব শৰ্মা বিশ্বৰ ভিতৰতে এক নম্বৰ দুৰ্নীতিগ্ৰস্ত নেতা : প্ৰকাশ বৰুৱা

জুৰীয়া – মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱাৰ। হিমন্ত বিশ্ব শৰ্মা বিশ্বৰ ভিতৰতে এক নম্বৰ দুৰ্নীতিগ্ৰস্ত নেতা বুলি মন্ত্ৰী গৰাকীক আক্ৰমণ প্ৰকাশ বৰুৱাৰ। হিমন্ত বিশ্ব শৰ্মা দহ বাৰ জন্ম ললেও অসমৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ’লে বীৰ লাচিত সেনাৰ প্ৰতিজন সদস্যই আত্মজাহ দিব।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰভাৱশালী নেতা নহয়, হিমন্ত বিশ্ব শৰ্মা হৈছে বিশ্বৰ ভিতৰতে সবাতোকৈ দুৰ্নীতিগ্ৰস্ত, কেলেংকাৰীৰ নায়ক আৰু দল বাগৰা এক নম্বৰ নেতা। হিমন্ত বিশ্ব শৰ্মাই ঘোঁৰা কিনা-বেচা কৰি যিদৰে ভাৰতবৰ্ষৰ গণতন্ত্ৰ ধ্বংস কৰি আছে অসমৰ ৰাইজে এই সকলো প্ৰত্যক্ষ কৰি আছে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ পৰা ইয়াৰ হিচাপে অতি শীঘ্ৰে ল’ব বুলি মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী গৰাকীক তীব্ৰ সমালোচনা কৰে বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱাই।

প্ৰকাশ বৰুৱাই বিজেপি আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আক্ৰমণ কৰি কয় যে বিজেপিয়ে কি কি কৰি আছে এই সম্পৰ্কে সকলো জ্ঞাত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে “কা” আন্দোলনৰ সময়ত চিঞৰি চিঞৰি কৈছিল ৰাইজ মোক এঘৰীয়া নকৰিব, মই কলৈ যাম, তেতিয়া আমি বীৰ লাচিত সেনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কৈছিলোঁ তুমি বাংলাদেশলৈ যোৱা বুলি। এই সকলোবোৰৰ আঁতৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছে বুলিও মন্তব্য প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে।

ইফালে বিটিচি নিৰ্বাচনত হাগ্ৰাম মহিলাৰীয়ে চৰকাৰ গঠন কৰিব নোৱাৰা সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱাই কয় যে “কা” আন্দোলনৰ সময়ত হাগ্ৰাম মহিলাৰীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল আৰু ইয়াৰে ফল তেওঁ বিটিচি নিৰ্বাচনত পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ লগত বন্ধুত্ব কৰা প্ৰতিজন ব্যক্তিৰে অৱস্থা হাগ্ৰাম মহিলাৰীৰ দৰে হ’ব।

প্ৰকাশ বৰুৱাই লগতে কয় যে হিমন্ত বিশ্ব শৰ্মা এবাৰ নহয় তেওঁ মৰি মৰি দহ বাৰ জন্ম ললেও কিন্তু অসমৰ মুখ্যমন্ত্ৰী যে হ’ব নোৱাৰে সেয়া চিৰন্তন সত্য। যদি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হয় তেনেহলে বীৰ লাচিত সেনাৰ প্ৰত্যেকজন সৈনিকেই আত্মজাৰ যাব। হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ কৰাৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে বীৰ লাচিত সেনাৰ নেতা গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply