শিৱসাগৰ – ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ যুঁজ গাদী দখল কৰাৰ যুঁজ নহয়, ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ যুঁজ হ’ব অসমীয়া ভাষা, সংস্কৃতি আৰু অসমীয়া জাতি ৰক্ষাৰ যুঁজ। আমি জাতি ৰক্ষাৰ যুঁজত বিজয় হ’ব লাগিব। শিৱসাগৰত বিজেপিক তীব্ৰ সমালোচনা কৰি কৃষক নেতা ভাস্ক ডি শইকীয়াৰ মন্তব্য।
২০২১ অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই নিৰ্বাচনকলৈ তৎপৰ হৈ উঠিছে ৰাজনৈতিক দল সমূহ। প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত নিৰ্বাচনী ৰণ কৌশল তৈয়াৰ কৰাত। শাসকীয় বিজেপি দল বিটিচি আৰু তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত ভাল ফলাফলেৰে পুনৰ ২০২১ ত গাদী দখল কৰাৰ বাবে আত্মবিশ্বাসী হৈ আছে। ইয়াৰ বিপৰীতে নৱগঠিত আঞ্চলিক দল সমূহে বিজেপিক পৰাভূত কৰাৰ বাবে সম্পূৰ্ণ শক্তি প্ৰয়াগ কৰা পৰিলক্ষিত হৈছে।
কৃষক মুক্তি সংগ্রাম সমিতি আৰু ৭০ টাকৈ সংগঠনৰ নেতৃত্বত গঠন হোৱা “ৰাইজৰ দলে” আগন্তক বিধানসভা নিৰ্বাচনত বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক দিছপুৰ দখলৰ পৰা আঁতৰাই ৰখাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে। কৃষক নেতা ভাস্ক ডি শইকীয়াই ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনক অসমীয়া জাতি ৰক্ষাৰ যুঁজ বুলি আখ্যা দি কয় “২০২১ ৰ বিধানসভা নিৰ্বাচনৰ যুঁজ দিছপুৰৰ গাদী দখল কৰাৰ যুঁজ নহয়, ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ যুঁজ হ’ব অসমীয়া ভাষা, সংস্কৃতি আৰু অসমীয়া জাতি ৰক্ষাৰ যুঁজ। আমি জাতি ৰক্ষাৰ যুঁজত বিজয় হ’ব লাগিব”।
২০২১ ত বিজেপি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক শাসনৰ পৰা আঁতৰাই ৰখাৰ বাবে “ৰাইজৰ দল” ৰণ কৌশল তৈয়াৰ কৰি আছে। সকলো আঞ্চলিক দল ঐক্যবদ্ধ হ’ব লাগিব যাতে অঞ্চলিকতাবাদ শিবিৰৰ ভোট কোনো কাৰণতে বিভাজন হ’ব নোৱাৰে। বৰ্তমান সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত থকা চৰকাৰখনৰ দিনত গণতন্ত্ৰ সুৰক্ষিত নহয় বুলিও মন্তব্য কৰে কৃষক নেতা ভাস্ক ডি শইকীয়াই।
বুধবাৰে শিৱসাগৰত “ৰাইজৰ দল”ৰ শিৱসাগৰ জিলা অভিবৰ্তনত উপস্থিত থাকি ভাস্ক ডি শইকীয়াই লগতে কয় যে ইতিমধ্যে “ৰাইজৰ দল”ৰ ২৯ খনকৈ জিলা সমিতিৰ লগতে ৭৫ টাকৈ জিলা সমষ্টি গঠন কৰা হৈছে। সমগ্ৰ অসমতে “ৰাইজৰ দল”ৰ কাম কাজ পূৰ্ণ গতিত চলি আছে। আগন্তক দিনত ১২৬ টা সমষ্টি আৰু ২৬ হাজাৰ গাঁৱত “ৰাইজৰ দল”ৰ সমিতি গঠন কৰা হ’ব।