৩৬ খনৰ ভিতৰৰ ৩০ খনতকৈও অধিক আসন পাব বিজেপি

নগাঁও – বিজেপিৰ বিধায়ক সকলৰ দাবী তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলে পৰিষদ গঠন কৰিবলৈ সক্ষম হ’ব। মৰিগাঁৱৰ বিধায়ক ৰমা কান্ত দেউৰীয়ে বিজেপি ৩২ খন আসন লাভ কৰিব বুলি দাবী কৰাৰ পিছত এইবাৰ নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ দাবী ৩৬ খনৰ ভিতৰত ৩০ খনতকৈও অধিক আসন লাভ কৰিব বিজেপিয়ে।

তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহনৰ দিনাই নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ দাবী ৩৬ খনৰ ভিতৰত ৩০ খনতকৈও অধিক আসন পাব বিজেপিয়ে। তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা নগাঁও সদৰ সমষ্টিৰ পুখুৰীপাৰ পৰিষদ সমষ্টিত উপস্থিত হৈ বিধায়ক ৰূপক শৰ্মাই এই মন্তব্য কৰে। তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ ছেমি ফাইনেল বুলিও মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই।

তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি মদ-মাংস বিতৰণ কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ অভিযোগ সন্দৰ্ভত ৰূপক শৰ্মাই কয় নিৰ্বাচনত মদ মাংস বিতৰণ কৰাটো কংগ্ৰেছৰ পৰম্পৰা। উল্লেখ্য যে ৰূপক শৰ্মাৰ পূৰ্বে মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমা কান্ত দেউৰীয়ে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি দলে ৩২ খন আসন লাভ কৰি পৰিষদ গঠন কৰিব বুলি দাবী কৰিছিল।

মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ মহানগৰ জিলাৰ ৩৬ খন আসনৰ ভিতৰত ৩৫ খন আসনত বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাৰ পৰা তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট দান প্ৰক্ৰিয়া আৰম্ভ হয়। প্ৰথমবাৰৰ বাবে কামৰূপ মহানগৰ জিলাৰ ছয় সমষ্টিত অনুষ্ঠিত হোৱা তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বিৰোধিতা কৰিছে বিভিন্ন আমৰি কাৰ্বি দল-সংগঠনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply