চামগুৰি – প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে খ্যাত চামগুৰি সমষ্টিত নৱগঠিত ৰাইজৰ দলৰ প্ৰথমখন দলীয় সভা। চামগুৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৰাইজৰ দলৰ প্ৰথমখন দলীয় সভা। একাংশ স্থানীয় সমৰ্থক আৰু দলটোৰ জিলা নেতৃত্বৰ উপস্থিতত গঠন কৰা হয় ৰাইজৰ দলৰ চামগুৰি সমষ্টিৰ কমিটি। কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমৰ প্ৰাক্তন সভাপতি তথা আৰটিআই কৰ্মী প্ৰদীপ কলিতাক সভাপতি হিচাপে মনোনীত কৰি গঠন কৰা হয় কমিটিখন।

স্থানীয় বিধায়ক ৰকিবুল হুছেইন অথবা বিজেপিক পৰাভুত কৰাই নহয়, চামগুৰিত হেৰাই যোৱা গণতান্ত্ৰিক প্ৰমূল্যবোধক পুনৰাই প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত ৰাইজৰ দলৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে জিলা উপ-সভাপতি ড৹ ৰীয়াছুদ্দিন আহমেদে।উল্লেখযোগ্য যে, চামগুৰি সমষ্টি কমিটি গঠনৰ সভাখনতে ৰাইজৰ দলত যোগদান কৰে কংগ্ৰেছ, এআইইউডিএফ তথা বিজেপি দলৰ পৰা অহা প্ৰায় ডেৰ শতাধিক লোকে।

পৰৱৰ্তী সময়ত সমষ্টিটোত ৰাইজৰ দলৰ ভেটি সুদৃঢ় কৰিবৰ বাবে পঞ্চায়ত আৰু বুথ পৰ্যায়ৰ কমিটি গঠনৰ কাম শীঘ্ৰে সমাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় সভাখনত। ইফালে বিগত কংগ্ৰেছ চৰকাৰ অনুৰূপ ধৰণেৰেই বৰ্তমানৰ বিজেপি চৰকাৰখনেও সমষ্টিটোত সংঘটিত কৰা দুৰ্নীতিৰ সন্দৰ্ভত সমালোচনা মুখৰ হৈ পৰাৰ লগতে নৱ-মনোনীত সভাপতি প্ৰদীপ কলিতাই চামগুৰিত ৰাইজৰ দলৰ উত্থান সুনিশ্চিত বুলি উল্লেখ্য কৰা দেখা যায় সমৰ্থক সকলক আগত।

অৱশ্যে সভাখনত সমষ্টিটোৰ বাবে কাক প্ৰাৰ্থীত্বৰ বাবে প্ৰক্ষেপ কৰিব সেই বিষয়ে উল্লেখ কৰাৰ পৰা বিৰত থাকে জিলা নেতৃত্ব। চামগুৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাইজৰ দলৰ প্ৰথমখন ৰাজনৈতিক সভাত সমৰ্থকৰ উপস্থিতয়ে প্ৰকৃততে যে চামগুৰিৰ পৰা কংগ্ৰেছৰ দুৰ্গ উৎখাত কৰাত যথেষ্ট কষ্ট স্বীকাৰ কৰিব লাগিব নৱগঠিত দলটোৱে সেইয়া যেন জলজলপটপটকৈ অনুভৱ কৰিব পৰা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply