যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন

গুৱাহাটী – ৰাইজৰ দলৰ ফালৰ পৰা অসম জাতীয় পৰিষদ দললৈ মিত্ৰতাৰ প্ৰস্তাৱ। দুই আঞ্চলিক দলৰ মিত্ৰতাৰ বাবে আগুৱাই আহিল ৰাইজৰ দল। অসম জাতীয় পৰিষদলৈ আনুষ্ঠানিকভাৱে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়ালে ৰাইজৰ দলে। গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়ালে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই।

“কা” বিৰোধী আন্দোলনৰ পটভূমিত গঠন হোৱা দুই আঞ্চলিকতাবাদী ৰাজনৈতিক দল। “কা” বৰোধী আন্দোলনত সবল ভূমিকা লোৱা লুৰিণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদ আৰু “কা” আন্দোলনৰ মাজতে কাৰাগাৰত বন্দী হোৱা আৰু বৰ্তমানেও কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দল। আঞ্চলিকতাবাদী এই দল দুটাৰ উদ্দেশ্য কিন্ত এটাই, যিকোনো প্ৰকাৰে বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই ৰাজ্যত আঞ্চলিকতাবাদৰ ভেটি শক্তিশালী কৰা।

ৰাজ্যত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰাৰ লগতে অসমৰ ভূমিত “কা” প্ৰযোজ্য হ’বলৈ নিদিয়াটো দুয়োটা দলৰে প্ৰধান লক্ষ্য। ইফালে বিজেপিৰ দৰে এক শক্তিশালী দলৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ নিজৰ লক্ষ্যত সফল হোৱাটো দল দুটাৰ ক্ষেত্ৰত ইমান সহজ নহ’ব, এই কথা দুয়োটা দলেই ভালদৰে উপলব্ধি কৰিছে। গতিকে বিজেপিক পৰাস্ত কৰিবলৈ হ’লে দল দুটা পৃথকে পৃথকে যুঁজত অৱতীৰ্ণ হোৱাৰ পৰিবৰ্তে একত্ৰিত হৈ যুঁজত নামিব লাগিব।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বাৰম্বাৰ আঞ্চলিক শক্তি সমূহক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে এক শক্তিশালী আঞ্চলিক শক্তি গঢ়ি তোলাৰ পক্ষে মাত মাতি অহাৰ সমান্তৰালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও ৰাষ্ট্ৰীয় দলৰ অক্সিজেন গ্ৰহণ কৰি জীয়াই থকা আঞ্চলিক দল আৰু সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে সকলো আঞ্চলিক দলৰ লগত মিত্ৰতাৰ পক্ষত অসম জাতীয় পৰিষদ দল বুলি মন্তব্য প্ৰকাশ কৰি আহিছে। ইফালে বিজেপিক ২০২১ চনত শাসনৰ পৰা আঁতৰাই ৰাখিবলৈ বুদ্ধিজীৱী মহল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দলৰ মিত্ৰতৰ পক্ষত।

অবশেষত এই দুই আঞ্চলিক শক্তিক একত্ৰিত কৰি ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত যুঁজিবলৈ ৰাইজৰ দলৰ ফালৰ পৰা অসম জাতীয় পৰিষদ দললৈ মিত্ৰতাৰ প্ৰস্তাব প্ৰেৰণ কৰা হ’ল। ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত

ৰাইজৰ দলৰ হৈ মিত্ৰতাৰ প্ৰস্তাৱৰ কথা ঘোষণা কৰিলে দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই। অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত লুৰিণজ্যোতি গগৈলৈ পত্ৰ প্ৰেৰণ কৰা বাৰ্তাটো দিলে দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই। সংবাদমেলত কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কয়, “দল দুটাৰ মিত্ৰতা সময়ৰ আহ্বান, বিজেপিক পৰাভূত কৰিবলৈ দুয়োটা আঞ্চলিক শক্তি ঐক্যবদ্ধ হৈ ৰণনীতি তৈয়াৰ কৰিব লাগিব।

এ আই ইউ ডি এফৰ সৈতে আঞ্চলিক দলে মিত্ৰতা কৰিলে ৰাইজ বিবুধিত পৰিব। “ৰাইজৰ দলৰ স্থিতি দৃঢ় আৰু স্পষ্ট, বিজেপিৰ দৰে এ আই ইউ ডি এফ দলো সাম্প্ৰদায়িক দল। এ আই ইউ ডি এফৰে মিত্ৰতাৰ কোনো প্ৰশ্নই নাহে বুলি স্পষ্ট কৰে ভাস্কো ডি শইকীয়াই। অখিল গগৈৰ সন্দৰ্ভত ভাস্কো ডি শইকীয়াই কয়, ” অখিল গগৈ জেইলত থাকিয়েই নিৰ্বাচন জিকিব”। এতিয়া দুয়োটা আঞ্চলিক দলৰ মিত্ৰতা আৰু ইয়াৰ পিছত নিৰ্বাচনী বুজা পৰাই কি ৰূপ লয় সেইটো এতিয়া অসম জাতীয় পৰিষদৰ ওপৰত নিৰ্ভৰ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,840 other subscribers

Leave a comment

Leave a Reply