গুৱাহাটী – বিজেপিৰ পাঁচ বছৰীয়া শাসন কালৰ উন্নয়নৰ বিশ্লেষণ কৰিলে কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ ভাল্লভৰ। উন্নয়নৰ দিশত দেশৰ অন্য ৰাজ্যৰ তুলনাত অসম কিয় পিছুৱাই আছে বুলি প্ৰশ্ন কৰি বিজেপিক তীব্ৰ আক্ৰমণ গৌৰৱ ভাল্লভৰ। ৰাজ্যৰ বিজেপি চৰকাৰখন দুটা ইঞ্জিনৰ চৰকাৰ নহয়, দুটা মুখ্যমন্ত্ৰীৰ চৰকাৰ বুলি সমালোচনা গৌৰৱ ভাল্লভৰ।

অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত প্ৰতিটো ৰাজনৈতিক দল নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে। ইতিমধ্যে ৰাজনৈতিক দল সমূহে ৰণ কৌশল তৈয়াৰ কৰি নামি পৰিছে নিৰ্বাচনী যুঁজত। পাঁচ বছৰ শাসনৰ গাদীৰ পৰা আঁতৰি থকা কংগ্ৰেছ দল পুনৰ শাসনৰ গাদী দখল কৰিবলৈ ব্যাকুল হৈ পৰিছে। পাঁচ বছৰ বিজেপিয়ে শাসন কৰা ৰাজ্যৰ বিকাশকলৈ বিজেপিলৈ এটাৰ পিছত আনটো প্ৰশ্ন কংগ্ৰেছৰ।

শনিবাৰে কংগ্ৰেছ দলৰ মুখপাত্ৰ গৌৰৱ ভাল্লভে পাঁচ বছৰত বিজেপিয়ে ৰাজ্যত কি কি বিকাশ কৰিলে ইয়াৰ বিশ্লেষণ দাঙি ধৰে। কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে কয় যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বানপানী ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ শাসন কালত যোৱা বছৰ ৰাজ্যৰ ৩ কোটি ৫০ লাখ জনতাৰ ভিতৰত ১ কোটি জনতাই বানপানীৰ দ্বাৰা প্ৰভাৱিত হয়। নিবনুৱা সমস্যা সমাধান কৰাৰ কথা কোৱা বিজেপি চৰকাৰখনৰ দিনত দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত নিবনুৱা সমস্যা অধিক বৃদ্ধি হোৱা বুলিও কয় গৌৰৱ ভাল্লভে।

ইফালে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনে অসমৰ উদ্যোগিক বিকাশৰ কথা কয় যদিও অসমৰ ৩ কোটি ৫০ লাখ জনতাৰ উদ্যোগিক বিকাশৰ বাবে কেন্দ্ৰ চৰকাৰৰ পৰা আহিছে মাত্ৰ ১ কোটি টকা। অৰ্থাৎ অসমৰ প্ৰতিজন ব্যক্তিয়ে উদ্যগিক বিকাশৰ নামত লাভ কৰিছে মাত্ৰ ৩৩ পইচা। প্ৰতিজন ব্যক্তিক ১৫ লাখ টকা দিয়াৰ কথা কোৱা বিজেপি চৰকাৰখনে অসমৰ প্ৰতিজন ৰাইজক উদ্যোগিক বিকাশৰ বাবে ৩৩ পইচা দিছে বুলি মন্তব্য কৰি বিজেপি দলক তীব্ৰ সমালোচনা কৰে গৌৰৱ ভাল্লভে।

কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ ভাল্লভে ৰাজ্যৰ বিজেপি চৰকাৰখনক প্ৰশ্ন কৰে যে দেশৰ অন্যান্য ৰাজ্য সমূহৰ তুলনাত সকলো ক্ষেত্ৰত অসমৰ পিছ পৰি থকাৰ কাৰণ কি ? পাঁচ বছৰে শাসন কৰা চৰকাৰখনে অসমৰ উন্নয়নৰ খতিয়ান দাঙি ধৰিব লাগিব। ৰাইজে যাতে বিজেপিৰ পৰা উন্নয়নৰ খতিয়ান নিবিচাৰে ইয়াৰ বাবেই বিজেপিয়ে সকলো সময়তে বিভাজনৰ মন্তব্য প্ৰদান কৰি থাকে বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ ভাল্লভে।

দিল্লীৰ কৃষক আন্দোলন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ ভাল্লভে কয় যে বিজেপি চৰকাৰখনে দেশৰ সকলো আন্দোলনক বিফল কৰিবলৈ আন্দোলনকাৰীৰ ওপৰত লাঠি চালনা কৰিছে, কন্দুৱা গেছ নিক্ষেপ কৰিছে। ২০০৪ পৰা ২০১৪ পৰ্যন্ত কংগ্ৰেছৰ চৰকাৰ আছিল কিন্তু কংগ্ৰেছ দলৰ দিনত কৃষকে আন্দোলন কৰা নাছিল। কংগ্ৰেছ দলে আন্দোলনকাৰী সকলৰ ওপৰত লাঠি চালনা আৰু কন্দুৱা গেছ নিক্ষেপ কৰা নাছিল বুলিও কয় কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ ভাল্লভে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply