দক্ষিণ শালমাৰা – দক্ষিণ শালমাৰাৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীক সমালোচনা কৰি বিপদত পৰিল বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা। বিজেপিৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ফকীৰগঞ্জ থানাত এজাহাৰ দাখিল। যুৱ কংগ্ৰেছৰ সম্পাদকে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি জয়ন্ত মল্ল বৰুৱাৰ গ্ৰেপ্তাৰৰ দাবী জনাইছে।
ৰাজ্যত নিৰ্বাচনী গৰম বতাহ চলি থকাৰ মাজতে বিস্ফোৰক মন্তব্য প্ৰদান কৰি বিপদত পৰিল বিজেপিৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত মল্ল বৰুৱা। বৃহস্পতিবাৰে দক্ষিণ শালমাৰাত সমষ্টিটোৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীক সমালোচনা কৰি বিধায়ক গৰাকীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছিল জয়ন্ত মল্ল বৰুৱাই। ৱাজেদ আলী চৌধুৰী সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাই প্ৰদান কৰা মন্তব্যকলৈ জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল।
দক্ষিণ শালমাৰাৰ কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰী বছৰৰ ৩৫০ দিনেই দিছপুৰত মদ আৰু জুৱাত ব্যস্ত থাকে বুলি এক বিস্ফোৰক মন্তব্য প্ৰদান কৰিছিল জয়ন্ত মল্ল বৰুৱাই। বিজেপি নেতা গৰাকীৰ এই বিস্ফোৰক মন্তব্যই দক্ষিণ শালমাৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্যৰ পিছতে জিলাখনৰ কংগ্ৰেছ কর্মী সকল জাঙুৰ খাই উঠিছে।
বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছী বিধায়ক ৱাজেদ আলী চৌধুৰীকলৈ কৰা এনে মন্তব্যকলৈ আবুল কালাম আজাদ নামৰ ৰাজ্যিক যুৱ কংগ্ৰেছৰ সম্পাদকে জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এহাজাৰ দাখিল কৰিছে। বিজেপিৰ তিনি গৰাকী নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি আবুল কালাম আজাদে বিজেপি নেতা সকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে। দক্ষিণ শালমাৰা মানকাচৰ জিলা সভাপতি আলতাফ হুচেইন, জিলা উপ সভাপতি আছাদুল ইছলাম আৰু ৰাজ্যিক উপ সভাপতি জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ নেতা গৰাকীয়ে এজাহাৰ দাখিল কৰিছে।
উল্লেখ্য যে বৃস্পতিবাৰে দক্ষিণ শালমাৰা জিলাৰ ফকীৰগঞ্জত অনুষ্ঠিত হৈছিল বিজেপিৰ ১০০+ পৃষ্ঠা প্ৰমুখ সন্মিলন। এই সন্মিলনত উপস্থিত থাকি জয়ন্ত মল্ল বৰুৱাই স্থানীয় কংগ্ৰেছী বিধায়ক ওয়াজেদ আলী চৌধুৰীক কঠোৰ সমালোচনা কৰি বিধায়ক গৰাকীৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য প্ৰদান কৰিছিল।