দক্ষিণ শালমাৰা – দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী বছৰত ৩৫০ দিন দিছপুৰত বহি মদ, জুৱাৰ লগতে বিভিন্ন অপকৰ্ম কৰি সময় পাৰ কৰাৰ বিস্ফোৰক অভিযোগ বিজেপিৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত মল্ল বৰুৱাৰ। ২০১৬ চনত দক্ষিণ শালমাৰা সমষ্টিত মুখ ঠেকেচা খোৱা বিজেপি দল উঠি পৰি লাগিছে দক্ষিণ শালমাৰা সমষ্টি নিজৰ দখললৈ আনিবলৈ।

অসম বিধানসভাৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিবলৈ ধৰিছে সিমানেই গৰম হৈ উঠিছে ৰাজ্যৰ নিৰ্বাচনী বতাহ। সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনকলৈ ব্যস্ত বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকল। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় দক্ষিণ শালমাৰা সমষ্টি। ২০১৬ চনত সমষ্টিটোত বিজেপিয়ে প্ৰথমবাৰৰ বাবে বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰি প্ৰায় ১.৫ লাখ ভোটৰ ভিতৰত ১৯৫৪ টা ভোট লাভ কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ হাতত বেয়াকৈ মুখ ঠেকেচা খাইছিল যদিও অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল বিজেপি।

অসমত বিজেপি চৰকাৰ গঠন কৰাৰ সুযোগ গ্ৰহণ কৰি একাংশ ছাত্ৰ নেতা আৰু সমাজসেৱক নতুনকৈ বিজেপিত যোগদান কৰি দক্ষিণ শালমাৰা সমষ্টিটোত বিজেপিৰ ভেটি শক্তিশালী কৰিবলৈ উঠি পৰি লাগিছে। বিগত পাঁচ বছৰে সমষ্টিটোত বিজেপিৰ কিছু পৰিমাণে সাংগঠনিক স্থিতি সবল কৰি তোলাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে বৃহস্পতিবাৰে সমষ্টিটোত প্ৰথমবাৰৰ বাবে উপস্থিত হয় বিজেপিৰ ৰাজ্যিক উপ সভাপতি তথা প্ৰাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱা।

বিজেপিৰ ১০০+ পৃষ্ঠা প্ৰমুখ সন্মিলন সভাত জয়ন্ত মল্ল বৰুৱা উপস্থিত হৈ সমষ্টিটোৰ ৰাজনৈতিক বতাহ গৰম কৰি তোলে। সমষ্টিটোৰ কংগ্ৰেছী বিধায়ক ওৱাজেদ আলী চৌধুৰীৰ লগতে সাংসদ আজমলক জয়ন্ত মল্ল বৰুৱাই কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে আপোনালোক সমষ্টিৰ পৰা নিৰ্বাচিত কৰা কংগ্ৰেছী বিধায়ক ওৱাজেদ আলী চৌধুৰী বছৰৰ ৩৬৫ দিনৰ ভিতৰত ১০-১৫ দিন সমষ্টিত পদাৰ্পন কৰি ৩৫০ দিনে দিছপুৰত থাকি মদ, জুৱাকে ধৰি বিভিন্ন অপকৰ্মত লিপ্ত হৈ থাকে।

বিধায়ক গৰাকীৰ বিৰুদ্ধে এনে বিস্ফোৰক মন্তব্য কৰি জয়ন্ত মল্ল বৰুৱাই আৰু কয় যে ৰাইজে দক্ষিণ শালমাৰা সমষ্টিত বিজেপি বিধায়ক নিৰ্বাচিত কৰিলে তেওঁ ফকীৰগঞ্জক এখন নতুন মহকুমা বনাই দিয়াৰ লগতে সমষ্টিৰ বাট পথৰ উন্নয়ন কৰি দিব। এফালে বিধায়ক সম্পৰ্কে বিস্ফোৰক মন্তব্য কৰাৰ লগতে আনফালে জয়ন্ত মল্ল বৰুৱাই সমষ্টিবাসী ৰাইজক নিৰ্বাচনী টোপ দিয়া পৰিলক্ষিত হয়। আনহাতে দক্ষিণ শালমাৰা সমষ্টিৰ পৰা যাতে দেশী বা ভাটিয়া লোকৰ বাহিৰে আজমলৰ দৰে কোনো লোক বিধায়ক হ’ব নোৱাৰে তাৰ প্ৰতিও জয়ন্ত মল্ল বৰুৱাই সমষ্টিবাসী ৰাইজক আহ্বান জনায়।

মন কৰিবলগীয়া যে দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ সভাপতি আলতাফ হুচেইনৰ সভাপতিত্বত অনুষ্ঠিত এই পৃষ্ঠা প্ৰমুখ সন্মিলনত জয়ন্ত মল্ল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে ৰাজ্যিক সম্পাদক বেণুধৰ নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। দক্ষিণ শালমাৰা সমষ্টিৰ পৰা এইবাৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ জিলা উপ সভাপতি আশাদুল ইছলাম, শ্বাহ আলম আৰু ২০১৬ বিধানসভাৰ নিৰ্বাচনত ২ হেজাৰতকৈ কম ভোট লাভ কৰা প্ৰাৰ্থী চিৰাজ হুচেইন বিজেপিৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply