অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা

নিউজ ডেস্ক: নতুনকৈ গঠিত হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে যোৱা নিশা ৫০ জনীয়া দ্বিতীয়খন প্রার্থী তালিকা ঘোষণা কৰিছে৷এতিয়ালৈকে অসম জাতীয় পৰিষদে ঘোষণা কৰিছে মুঠ ৬৮ জন প্ৰাৰ্থীৰ তালিকা ৷ দলটোৰ তালিকাখনলৈ লক্ষ্য কৰিলে দেখা যায় ৰাইজৰ দলৰ সৈতে তেওলোকৰ মিত্ৰতা কার্যতঃ যৱনিকা পৰিছে ৷
অজাপই প্রার্থিত্ব দিয়া ধিং, বিহপুৰীয়া আৰু ৰঙাপৰা সমষ্টিৰ বাবে কালি ৰাইজৰ দলেও প্রার্থীৰ নাম ঘোষণা কৰে৷ তাৰ পৰাই মিত্রজোঁট আৰম্ভ হোৱা কেৰোণ স্পষ্ট হৈ পৰিছিল৷ দেওবাৰে এই সংঘাতক অধিক স্পষ্ট ৰূপ দি অসম জাতীয় পৰিষদে ৰাইজৰ দলে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া তেজপুৰ, ৰহা, চাবুৱা, মৰাণ, মাহমৰা আদি সমষ্টিৰ বাবে নিজৰ প্রার্থীৰ নাম ঘোষণা কৰে৷
অজাপই যোৱা নিশা ঘোষণা কৰিছে ৫০টা বিধানসভা সমষ্টিৰ বাবে প্রার্থীৰ নাম ৷ এই প্রার্থী তালিকাৰ পৰা জনা গ’ল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দুলীয়াজানৰ লগতে নাহৰকটীয়া সমষ্টিৰ পৰাও প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

আন আন সমষ্টিৰ প্রার্থীসকল হৈছে– পাথাৰকান্দিত হুমায়ুন কবীৰ, ঢলাইত ৰাম ৰতন ডুচাদ, উদাৰবন্দত আইমুল হক লস্কৰ, লক্ষীপুৰত আলিমুদ্দিন মজুমদাৰ, কাটিগড়াত সাধনবাবু সিনহা, ধুবুৰীত আজাদ আলী শ্বেইখ, গৌৰীপুৰত আৰিফুল ইছলাম, গোলোকগঞ্জত মনোজ কুমাৰ ৰয়, পূব বিলাসীপাৰাত ড০ কানুলাল দাস, বঙাইগাঁৱত দীপু চৌধুৰী, বিজনীত ৰূপম কুমাৰ দাস, পূব গোৱালপাৰাত ইমদাদ হুছেইন, পশ্চিম গোৱালপাৰাত ছফিউৰ ৰহমান, পাটাছাৰকুছিত পবিন্দ্র ডেকা, ছয়গাঁৱত দেৱজিৎ অধিকাৰী, পলাশবাৰীত পংকজলোচন দেৱগোস্বামী, পূব গুৱাহাটীত অদীপ কুমাৰ ফুকন, হাজোত দুলু আহমেদ, ৰঙিয়াত ড০ বাবুল চহৰীয়া, নলবাৰীত নগেন ডেকা, বৰক্ষেত্রীত পুলকেশ বৰুৱা, ধর্মপুৰত ড০ শিখৰ কুমাৰ শর্মা, বৰছলাত উপেন ৰাজনাথ, তেজপুৰত জানমণি বৰা, বিশ্বনাথত দুলদুল বৰকটকী, বিহালীত অঞ্জন উপাধ্যায়, গহপুৰত ড০ গোপাল ফুকন, জাগীৰোডত বুবুল দাস, মৰিগাঁৱত বাণীকান্ত দাস, লাহৰীঘাটত শ্বমজিদা য়াছমিন, ৰহাত উৎপল বণিয়া, চামগুৰিত আবিদুৰ ৰহমান, কলিয়াবৰত মুকুল বৰুৱা, লামডিঙত মৌচুমী শর্মা, গোলাঘাটত ৰীণা শইকীয়া, যোৰহাটত নিৰোদ চাংকাকতি, মাজুলীত শিশুধৰ দলে, তিতাবৰত শৈলেন্দ্র কুমাৰ হাজৰিকা, মৰিয়নিত অলক ঘোষ, আমগুৰিত চন্দ্র বৰুৱা, মাহমৰাত মাণিক গগৈ, সোণাৰিত গৌতম হাতীমূৰীয়া, নাওবৈচাত পুতলী কায়স্থ, লখিমপুৰত ৰঞ্জন বৰপাত্রগোহাঁই, মৰাণত সঞ্জীৱ চাংমাই, লাহোৱালত লিখন বৰুৱা, টিংখাঙত মিলন সোণোৱাল, চাবুৱাত ৰাফেল কুজুৰ আৰু ডুমডুমাত সুৰেশ ভূমিজ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply