গুৱাহাটী – কংগ্ৰেছ দলত যোগদান কৰিলে দুই যুৱ নেতাই। আম আদমী পাৰ্টী আৰু বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ পতাকাৰ তললৈ আহিল দুই যুৱ নেতা। ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে এই দুই যুৱ নেতাই কংগ্ৰেছ দলত যোগদান কৰি লগত লৈ আহিল দুই শতাধিক যুৱক। দুই নেতাৰ কংগ্ৰেছ দলত যোগদানে দলটোক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিলে কংগ্ৰেছ নেতৃত্বই।

ৰাজ্যত বলিছে গৰম নিৰ্বাচনী বতাহ। বিধানসভা নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহৰ মাজত ব্যাপক ব্যস্ততা পৰিলক্ষিত হোৱাৰ মাজতে দেখিবলৈ পোৱা গৈছে দল বাগৰাৰ ৰাজনীতি। ৰাজনৈতিক দল সমূহৰ নেতা-কৰ্মীৰ এটা দল এৰি আনটো দলত যোগদান পৰ্ব চলিছে। কোনজবাই যদি কংগ্ৰেছ এৰি বিজেপি মুখী হৈছে, কোনোবাই আকৌ পদুম এৰি কংগ্ৰেছৰ হাত ধৰিছে।

বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত দুই যুৱ নেতাই যোগদান কৰিলে কংগ্ৰেছ দলত। আম আদমী পাৰ্টী আৰু বিজেলি ত্যাগ কৰি এই দুই দলৰ যুৱ নেতাই বিধানসভা নিৰ্বাচনৰ পূৰ্বে আহিলে কংগ্ৰেছ দলত। আম আদমী পাৰ্টীৰ যুৱ নেতা বনদ্বীপ দত্ত আৰু বিজেপিৰ পিংকু মণি দাস আহিল কংগ্ৰেছলৈ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, বকো সমষ্টিৰ বিধায়িকাৰ লগতে কংগ্ৰেছ দলৰ কেইবাগৰাকী নেতাই বনদ্বীপ দত্ত আৰু পিংকু মণি দাসক কংগ্ৰেছ দললৈ আদৰি আনে। কংগ্ৰেছত যোগদান কৰা এই দুই নেতাই নিজৰ লগতে প্ৰায় দুই শতাধিক যুৱকক লৈ আহে কংগ্ৰেছ দললৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply