চৰকাৰ দখলত পুনৰ বিজেপি

গুৱাহাটী – কংগ্রেছ আৰু এ আই ইউ ডি এফৰ অশুভ মিত্ৰতাৰ সহযােগী বাওঁপন্থী। কংগ্ৰেছ, কমিউনিষ্ট আৰু কমিউনেল এই তিনিটা অশুভ শক্তিৰ সমাহাৰেৰে মহাজোঁটৰ নামত সংগঠিত হােৱা অপশক্তিক অসমৰ ৰাইজে নিশ্চিতভাৱে প্রত্যাখ্যান কৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে বিজেপি, অসম প্ৰদেশৰ মুখপাত্র সুভাষ দত্তই।

সুভাষ দত্তই কয়, অখিল গগৈ বাওঁপন্থী, লুৰিণজ্যোতি গগৈ সোঁপন্থী, মুনীন মহন্ত আৰু দেৱেন ভট্ট বাওঁপন্থী, ৰিপুন বৰা, দেৱব্ৰত শইকীয়া সোঁপন্থী, ৰকিবুল হুছেইন, বদৰুদ্দিন আজমল জিন্নাপন্থী। এতিয়া বাওঁপন্থী, সোঁপন্থী, জিন্নাপন্থী সকলাে একলগ হৈছে। এইয়া অসমৰ কাৰণে অশুভ লক্ষন।

কৃষক আন্দোলনৰ নামত প্ৰণৱ বড়াে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰােতে কৃষক মুক্তিৰ সদস্য সকলে মুঠিয়ে মুঠিয়ে লাল চালাম দিছিল। লাল চালাম কমিউনিষ্টসকলে প্ৰদান কৰে। কৃষক মুক্তি সংগ্রাম সমিতি মাওঁবাদী কমিউনিষ্ট আৰু সেই কৃষক মুক্তিৰ ঔৰসত ৰাইজৰ দলৰ জন্ম, সেই সূত্রে ৰাইজৰ দল কমিউনিষ্ট। এতিয়া ছদ্মৱেশী কমিউনিষ্টে আঞ্চলিকতাবাদৰ বসন পিন্ধিছে বুলিও মন্তব্য কৰে সুভাষ দত্তই।

একাংশ কমিউনিষ্ট বুদ্ধিজীৱী আৰু মাওঁপন্থীৰ নেতাই নেতৃত্ব লােৱা ৰাইজৰ দলৰ লগত এতিয়া লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদে মিত্ৰতা কৰিছে। প্রত্যক্ষ বা পৰােক্ষভাৱে এতিয়া কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ অশুভৰ মিত্ৰজোঁটৰ লগত বাওঁপন্থী দলবিলাক লগ লাগিছে। কংগ্ৰেছ, কমিউনিষ্ট আৰু কমিউনেল শক্তিৰ লগত অসম জাতীয় পৰিষদে হাত উজান দিছে। এই ৰাজনৈতিক দলবিলাকৰ পৰস্পৰৰ মাজত মতাদর্শগত কোনাে মিল নাই। একমাত্র ক্ষমতাৰ স্বাৰ্থত এই দলবিলাক অশুভ জোটবন্ধনত মিলিত হৈছে। এই অশুভ শক্তি অসমৰ জাতীয় জীৱনৰ বাবে ক্ষতিকাৰক বুলিও কয় সুভাষ দত্তই।

সংবাদ মাধ্যামলৈ এক প্ৰেছ বিবৃত্তি প্ৰেৰণ কৰি সুভাষ দত্তই কয়, ভাৰতীয় জনতা পার্টি কোনাে কার্যকর্তাই কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰা নাই, আমি ৰাজনীতি কৰিছাে ৰাষ্ট্র নির্মাণৰ কাৰণে। ভাৰতীয় জনতা পার্টিৰ ৰাষ্ট্ৰ নিৰ্মাণৰ এই যাত্ৰাত অসমৰ আটাইতকৈ শক্তিশালী আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ, বড়াে আঞ্চলিক ৰাজনৈতিক দল, মিচিং, তিৱা, ৰাভা জনগােষ্ঠীয় ৰাজনৈতিক শক্তি ঐক্যৱদ্ধ মিত্রজোটক অসমৰ ৰাইজে ২০১৪ চনৰ পৰৱর্তী প্রতিটো নির্বাচনতে জনাদেশ প্রদান কৰিছে। সেই মিত্র শক্তিৰেই ভাৰতীয় জনতা পার্টি এইবাৰ নিবাচনী যুঁজত অৱতীৰ্ণ হ’ব।

ৰাষ্ট্র নিৰ্মাণৰ এই যাত্ৰাত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ নেতৃত্বত অসমৰ জাতি, মাটি, ভেঁটি ৰক্ষাৰ প্রতিশ্রুতি দৃঢ়তাৰে পালন কৰিবলৈ সক্ষম হােৱা বুলি দাবী কৰি মুখপাত্র সুভাষ দত্তই কয় যে কমিউনেল, কমিউনিষ্ট আৰু কংগ্ৰেছক প্রতিহত কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ভাজপাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত ইতিমধ্যে ভাৰতীয় জনতা পার্টি ৩৯ খন সাংগঠনিক জিলা, ৩৯৯ টা মণ্ডল, ৬৪৭০ টা শক্তিকেন্দ্র, ২৮,০০০ টা বুথ, ৪২ লক্ষ কাৰ্যকৰ্তাৰ এই বৃহৎ সাংগঠনিক শক্তি আৰু মিত্রদল সমূহৰ সহযােগত ২০২১ চনৰ মহাৰণলৈ সাজু বুলি উল্লেখ কৰিছে।

ভাৰতীয় জনতা পার্টি মিত্ৰজোঁটৰ এই মহাশক্তিৰ সন্মুখত কংগ্ৰেছ, বাওঁপন্থী, জিন্নাপন্থী এই মহাজোট একেবাৰে নিষ্প্রভ বুলি উল্লেখ কৰি আগন্তুক বিধানসভা নিবার্চনত ভাৰতীয় জনতা পার্টি মিত্ৰজোঁটে শতাধিক আসনেৰে পুনৰ চৰকাৰ গঠন কৰিব বুলি দৃঢ়তা প্রকাশ কৰে সুভাষ দত্তই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply