নগাঁও – নগাঁৱৰ পৰা কংগ্ৰেছৰ ‘অসম বচাওঁ আহক’ কাৰ্যসূচী অন্তৰ্গত কংগ্ৰেছৰ বাছ যাত্ৰা আৰম্ভ। বাছ যাত্ৰাৰ উদ্ধোধন কৰিলে ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতা তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। কংগ্ৰেছৰ দলৰ এই বিশেষ বাছ যাত্ৰাৰ নেতৃত্বত আছে প্রদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া আৰু সুস্মিতা দেৱ।

আগন্তক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ দলে আৰম্ভ কৰিলে এক বিশেষ বাছ যাত্ৰা। এফালে শাসকীয় বিজেপি দলে ভোটাৰ ৰাইজক আকৰ্ষিত কৰি পুনৰ বাবে ৰাজ্যৰ শাসন নিজৰ হাতলৈ অনাৰ প্ৰচেষ্টা চলাই থকাৰ মাজতে বিজেপি দলৰ বিৰুদ্ধে কঁকালত টঙালি বান্ধি নিৰ্বাচনী যুঁজত নামি পৰিছে কংগ্ৰেছ দল। বিজেপিক শাসনৰ গাদীৰ পৰা আঁতৰাই পুনৰ নিজকে প্ৰতিষ্ঠা কৰিবলৈ কংগ্ৰেছে আৰম্ভ কৰিছে ‘অসম বচাওঁ আহক’ এক কাৰ্যসূচী।

নগাঁও জিলাৰ ধিং গেটৰ পৰা শুকুৰবাৰে কংগ্ৰেছ দলে ‘অসম বচাওঁ আহক’ বাছ যাত্ৰা আৰম্ভ কৰে। কংগ্ৰেছৰ বাছ যাত্ৰা শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় কংগ্ৰেছ নেতা তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে অংশগ্ৰহণ কৰা বাছ যাত্ৰাৰ উদ্ধোধন কৰি জিতেন্দ্ৰ সিঙে কয় অসমক বিজেপিৰ পৰা উদ্ধাৰ কৰিবলৈ কংগ্ৰেছ দল সংকল্পবদ্ধ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপিক কটাক্ষ কৰি কয় বিজেপিয়ে অসমখন বিক্ৰী কৰি দিলে। বিজেপিৰ পৰা অসমক বচোৱাৰ উদ্দেশ্যে অসম প্ৰদেশ কংগ্ৰেছে ‘অসম বচাওঁ আহক’ কাৰ্যসূচী গ্ৰহণ কৰিছে ৰিপুন বৰাই কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰি কয় বিজেপিয়ে অখিল গগৈক বন্দী কৰি মানৱ অধিকাৰ আইন উলংঘা কৰিছে। কংগ্ৰেছ দলৰ ‘অসম বচাওঁ আহক’ বাছ যাত্রা অভিযানৰ সময়ত দলীয় নেতা-কর্মীসকলে ৰাজ্যখনৰ ইমূৰৰপৰা সিমূৰলৈ গৈ ভােটাৰসকলক লগ ধৰি ভোটাৰ ৰাইজৰ ওজৰ-আপত্তি তথা সমস্যাসমূহৰ বুজ ল’ব আৰু সেইবোৰ লৈ ৰাইজৰ লগত মত বিনিময় কৰিব।

কংগ্ৰেছৰ দলৰ এই বিশেষ বাছ যাত্ৰাৰ নেতৃত্বত আছে প্রদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া আৰু সুস্মিতা দেৱ। প্ৰদ্যুৎ বৰদলৈয়ে নগাঁৱৰ পৰা শুকুৰবাৰে এই বাছ যাত্ৰা আৰম্ভ কৰে। ইফালে প্ৰদ্যুৎ বৰদলৈৰ লগতে দেৱৱত শইকীয়াই শুকুৰবাৰেই শিৱসাগৰৰ পৰা এই বাছ যাত্রা আৰম্ভ কৰিছে। কলিয়াবৰ লােকসভা সমষ্টিৰ সাংসদ, গৌৰৱ গগৈয়ে তেওঁৰ এই যাত্ৰা আৰম্ভ কৰিব ১৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা।

মহানগৰীত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত থকা মহান অসমীয়া যােদ্ধা আৰু আহােম সেনাপতি বীৰ লাচিত বৰফুকনৰ স্মৰকত পুস্পার্ঘ অর্পণ কৰি গৌৰৱ গগৈয়ে নিজৰ যাত্ৰা আৰম্ভ কৰিব। মহিলা কংগ্ৰেছৰ মুৰব্বী সুস্মিতা দেৱে নিজৰ যাত্ৰা আৰম্ভ কৰিব গৃহ চহৰ শিলচৰৰ পৰা আৰু এই যাত্ৰাই সামৰি ল’ব বৰাক উপত্যকা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply