প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক ক্ষণত বিজেপিলৈ প্ৰদেশ কংগ্রেছৰ ৬ টাকৈ প্রশ্ন Credit: "কা" আইন, নিবনুৱা সমস্যা, মূল্যবৃদ্ধিকে আদি কৰি ৰিপুন বৰাই বিজেপি দলক মুঠ ৬ টা প্ৰশ্ন কৰে

গুৱাহাটী – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ প্ৰাক ক্ষণত প্ৰদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ শাসনত হোৱা বিফলতাৰ সন্দৰ্ভত বিজেপিক ৬ টা প্ৰত্যক্ষ প্ৰশ্ন কৰে। “কা” আইন, নিবনুৱা সমস্যা, মূল্যবৃদ্ধিকে আদি কৰি ৰিপুন বৰাই বিজেপি দলক মুঠ ৬ টা প্ৰশ্ন কৰে।

“কা”- আইন সন্দৰ্ভত ৰিপুন বৰাই বিজেপি দলক প্ৰশ্ন কৰে “আমি আশা কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰিব যে অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষাক আওকাণ কৰি কিয় “কা” আইন বলবৎ কৰিবলৈ লৈছে? কেতিয়া তেখেতে জনসাধাৰণৰ কথা শুনিব আৰু “কা” প্ৰত্যাহাৰ কৰিব?”

নিবনুৱা সমস্যা সন্দৰ্ভত ৰিপুন বৰাই বিজেপিলৈ প্ৰশ্ন কৰে “বিজেপিয়ে ২৫ লাখ লোকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু যোৱা ৫ বছৰত মাত্ৰ ৮০ হাজাৰ লোকক সংস্থাপন দিবলৈহে সক্ষম হৈছে। যিটো প্ৰতিশ্ৰুতিৰ মাত্ৰ ৩%। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰিব নে কিয় তেখেত সকলৰ প্ৰতিশ্ৰুতি অনুসৰি ৯৭% লোকক সংস্থাপন দিব নোৱাৰিলে?”

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত ৰিপুন বৰাৰ প্ৰশ্ন “চুতীয়া, কোচ-ৰাজবংশী, মৰাণ, মটক, টাই-আহোম আৰু চাহ জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক বিজেপিয়ে জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। বিজেপিয়ে এই প্ৰতিশ্ৰুতি পাহৰি গৈছে। এই জনগোষ্ঠী সমূহক প্ৰতাৰণা কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেখেতসকলৰ ওচৰত ক্ষমা খুজিব নে?”

বিজেপিয়ে চাহ শ্ৰমিক সকলক ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি ৰিপুন বৰাই প্ৰশ্ন কৰে “বিজেপিয়ে চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰী ৩৫১ টকা কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ৫ বছৰৰ অন্তত বিজেপিয়ে মাত্ৰ ২১৭ টকালৈ বৃদ্ধি কৰিলে। কেৰেলাত চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৮০ টকা। কিয় অসমৰ চাহ শ্ৰমিক সকলক অৱহেলা কৰা হৈছে?”

মূল্যবৃদ্ধিকলৈ ৰিপুন বৰাই কয় যে ৰাজ্যৰ সোণোৱাল চৰকাৰৰ দিনত অভাৱনীয়ভাৱে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে। “অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য আজি সাধাৰণ জনতাৰ সামৰ্থৰ বাহিৰত। বিজেপি চৰকাৰৰ দিনত পুঁজিপতি সকল বেছি ধনী হোৱাৰ পৰিবৰ্তে সাধাৰণ জনতাই কিয় দাইল, শাক পাচলি কিনিবৰ বাবে অপাৰগ হৈছে? সাধাৰণ জনতাৰ উপাৰ্জন কমি যোৱাৰ ফলত দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰী কিনিব গৈ তেওঁলোকে কেনেকৈ ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ খৰছ বহন কৰিব বুলি ৰিপুন বৰাই প্ৰশ্ন কৰে।

পেট্ৰ’ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমগ্ৰ অসমব্যপি চলি থকা প্ৰতিবাদৰ ওপৰত ৰিপুন বৰাই বিজেপি দলক প্ৰশ্ন কৰে “বিজেপি চৰকাৰে ৩০ টকাত পেট্ৰ’ল কিনি ৯০ টকাত বিক্ৰী কৰি আছে। এয়া বলপূৰ্বক সংগ্ৰহ নহয় জানো? এয়া দিন দুপৰতে ডকাইতি নহয় জানো? সাধাৰণ জনতাই দুৰ্ভোগ ভুগি থকাৰ সময়তে পেট্ৰ’ল-ডিজেলৰ অত্যাধিক কৰৰ নামত বিজেপিয়ে তেওঁলোকৰ পুঁজিপতি বন্ধু সকলো ধনী কৰাৰ স্বাৰ্থত সাধাৰণ জনতাৰ পৰা বলপূৰ্বকভাৱে ধন কাঢ়ি লৈ আছে।”

অসম কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্রেছৰ কেম্পেইন কমিটিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰদলৈ, ইস্তাহাৰ কমিটিৰ অধ্যক্ষ গৌৰৱ গগৈ, প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইন, মিডিয়া সমন্বয়ৰক্ষী কমিটিৰ অধ্যক্ষ আব্দুল খালেক, নিখিল ভাৰত মহিলা কংগ্রেছৰ অধ্যক্ষা সুস্মিতা দেৱকে ধৰি জেষ্ঠ কংগ্রেছ নেতা সকলে ৰিপুন বৰাই উত্থাপন কৰা এই ৬ টা প্ৰশ্ন সামাজিক মাধ্যমযোগে উপস্থাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply