গুৱাহাটী : আজি অনুষ্ঠিত হৈ থকা তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে আছে ১৪৯ টা আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ। তৃতীয় পৰ্যায়ত ৮০ বছৰ বয়সৰ উৰ্দ্ধৰ ভােটাৰৰ সংখ্যা আছে ৯৯,৪৭১ গৰাকী, বিশেষভাৱে সক্ষম ভােটাৰৰ সংখ্যা আছে ৫৪,১৪৮ গৰাকী আৰু নতুনকৈ অন্তর্ভুক্ত ভােটাৰৰ সংখ্যা হৈছে ৪,১৮,৫৩৭ গৰাকী। তৃতীয় পৰ্যায়ৰ নির্বাচনৰ ৪০ টা সমষ্টিৰ প্রতিদ্বন্দ্বী প্রার্থী সংখ্যা হ’ল ৩৩৭ গৰাকী।
৩৩৭ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৩১২ গৰাকী পুৰুষ আৰু ২৫ গৰাকী মহিলা প্ৰাৰ্থী। তৃতীয় পৰ্যায়ত সর্বাধিক ভােটাৰ থকা সমষ্টি হৈছে দিছপুৰ সমষ্টি। ৪,১১,৬৩৬ গৰাকী ভােটাৰ থকা দিছপুৰ সমষ্টিৰ ভােট গ্রহণ কেন্দ্ৰৰ সংখ্যা হ’ল ৬০৭ টা। আনহাতে সর্বনিম্ন ভােটাৰৰ সংখ্যা থকা সমষ্টি হ’ল ধর্মপুৰ। ১৯৭ টা ভােট গ্রহণ কেন্দ্ৰ থকা ধর্মপুৰ সমষ্টিৰ ভােটাৰৰ সংখ্যা হ’ল ১,৪১,৫৯২ গৰাকী।
সর্বাধিক প্রতিদ্বন্দ্বী প্রার্থী থকা সমষ্টিটো হ’ল পশ্চিম গুৱাহাটী। পশ্চিম গুৱাহাটীত মুঠ ১৫ গৰাকী প্ৰাৰ্থী এইবাৰ নিৰ্বাচনী যুঁজত নামিছে। আনহাতে সর্বনিম্ন প্রতিদ্বন্দ্বী প্রার্থী থকা সমষ্টি হ’ল। বকোত আছে মাত্ৰ ৩ গৰাকী প্ৰাৰ্থী। যােৱা ২৭ মার্চ আৰু ১ এপ্রিলত অনুষ্ঠিত হৈ যােৱা দুটা পর্যায়ৰ নিৰ্বাচনত হােৱা ভােটদানৰ হাৰ আছিল যথাক্রমে ৭৯.৯৭ শতাংশ আৰু ৮০.৯৬ শতাংশ।
তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনত নিৰাপত্তাৰ দিশ তদাৰক কৰিবলৈ অসম আৰক্ষীৰ উপৰিও কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীৰ ৩২০ টা কোম্পানী মােতায়ন কৰা হৈছে। তদুপৰি ৯৮৬ গৰাকী “মাইক্র’ ভােট কেন্দ্ৰত ৱেব কাষ্টিঙৰ ব্যৱস্থা আছে আৰু ইয়াৰ জৰিয়তে জিলা নির্বাচনী বিষয়া, ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া আৰু ভাৰতৰ নির্বাচন আয়ােগে প্রত্যক্ষভাৱে ভােট গ্রহণ প্রক্রিয়া পর্যবেক্ষণ কৰি আছে।
ৱেব কাষ্টিং হ’বলগীয়া ভাট কেন্দ্ৰৰ সংখ্যা হ’ল ৫,৬৮৬ টা। অত্যাৱশ্যকীয় সেৱাত নিযুক্ত লােকৰ উপৰিও এইবাৰ নির্বাচন আয়ােগে ৮০ বছৰ বয়সৰ উদ্ধৰ ভােটাৰ, বিশেষভাৱে সক্ষম ভােটাৰ আৰু কভিড-১৯ আক্রান্ত বা সন্দেহযুক্ত ভােটাৰলৈ ডাক ভােট ব্যৱস্থা কৰিছে। এই অনুসাৰে যােৱা ৩ এপ্রিললৈকে ১৩,৩৮৯ গৰাকী ৮০ ৰ উৰ্দ্ধৰ ভােটাৰ, ১৮০৮ গৰাকী বিশেষভাৱে সক্ষম ভােটাৰ আৰু ১১,০৮০ গৰাকী চাৰ্ভিচ ভােটাৰলৈ প’ষ্টেল বেলট যােগান ধৰা হৈছে।
কভিড-১৯ অতিমাৰীৰ প্ৰেক্ষাপটত যাৱতীয় স্বাস্থ্যবিধি সকলে ভােট কেন্দ্রতে অৱলম্বন কৰা হৈছে আৰু চেনিটাইজাৰ, মাক্স, হাত মােজা আদি যােগান ধৰা হৈছে। তৃতীয় পর্যায়ত ১১,৪০১ টা বৈদ্যুতিন ভােট যন্ত্র ব্যৱহাৰ কৰা হৈছে। চলিত অসম বিধানসভাৰ সাধাৰণ নির্বাচন অধিসুচীত হােৱাৰ পৰা এই পর্যন্ত আৰক্ষী আৰু অন্যান্য প্রৱর্তক সংস্থা আদিয়ে নগদ ধন, মাদক দ্রব্য আৰু অন্যান্য মূল্যবান সামগ্ৰীৰ সন্দেহজনক সৰবৰাহত চোকা নজৰ ৰাখিছে আৰু এই পর্যন্ত ১১৯.২৮ কোটি টকাৰ সামগ্ৰী আৰু নগদ ধন জব্দ কৰা হৈছে।
৬০৩ টা ফ্লায়িং স্কোয়াড আৰু ৭৬২ টা স্থিৰ নিৰীক্ষণ দলে এই কার্য পৰিচালনা কৰি আছে। তদুপৰি ৫৩ গৰাকী ব্যয় পর্যবেক্ষক আৰু ৯০ গৰাকী নির্বাচন পর্যবেক্ষকে সমগ্র নির্বাচন প্রক্রিয়া পর্যবেক্ষণ কৰিছে। উল্লেখযােগ্য যে ৪ এপ্রিল পর্যন্ত নির্বাচনী আদর্শ আচৰণবিধি ভংগৰ ১,৩৪৭ টা অভিযােগ নির্বাচন আয়ােগৰ চি-ভিজিল নামৰ মােবাইল এপ্লিকেচনৰ জৰিয়তে লাভ কৰা হৈছিল আৰু ইয়াৰে ৯৪৭ টা অভিযােগ নিষ্পত্তি কৰা হয়। প্ৰ-পত্ৰ বি-৯ যােগে ১,৪৭৯ টা এনে অভিযােগ লাভ কৰা হৈছে।