কাইলৈ হ'বলগীয়া তৃতীয় পৰ্যায়ত ৪০টা সমষ্টিৰ জনবিন্যাস কেনেধৰণৰ

নিউজ ডেস্ক: কাইলৈ হ’ব অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহন ৷ ৪০ টা সমষ্টিত ৩৩৭ জন প্ৰাৰ্থী আছে এইবাৰ ৷ প্ৰথম দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা সমষ্টি সমূহতকৈ কাইলৈ হব লগা সমষ্টি কেইটাৰ জনবিন্যাস কিছু পৃথক ৷ এইবাৰৰ নিৰ্বাচনত ৰাজনৈতিক দল সমূহৰ প্ৰচাৰত বিশেষকৈ বিজেপিৰ ক্ষেত্ৰত হিন্দু মুছলমান বিষয়টোৱে অধিক প্ৰাধান্য পাইছিল৷ এনে অৱস্থাত কাইলৈ হ’বলগা ভোটদান অধিক আকৰ্ষণীয় হৈ পৰিছে সকলোৰে বাবে ৷
তৃতীয় পর্যায়ৰ নির্বাচন হ’বলগীয়া ৪০টা সমষ্টিৰ ভিতৰত জনবিন্যাস অনুসৰি ১৮টা সমষ্টিত মুছলমান, ৫টা সমষ্টিত জনজাতি, ৭টা সমষ্টিত জনজাতি–মুছলমানৰ্ আধিপত্য আছে৷ সেইদৰে এটা সমষ্টিত হিন্দু আৰু মুছলমান ভোটাৰে আৰু এটা সমষ্টিত জনজাতি আৰু অসমীয়া হিন্দুৰ ভোটাৰ ওপৰতেই প্রার্থীৰ জয়–পৰাজয় নির্ণয় কৰিব৷ জনবিন্যাস অনুযায়ী তৃতীয় পর্যায়ত মাত্র ৮টা সমষ্টিতহে অসমীয়া হিন্দু নির্ণায়ক ভূমিকা লব পৰা অবস্থাত আছে ৷

হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দিতা কৰা জালুকবাৰী সমষ্টিত ৪৬ শতাংশ অসমীয়া হিন্দু, ১৮ শতাংশ বাঙালী হিন্দু, ১৩ শতাংশ অ’ বি চি, ১৫ শতাংশ মুছলমান, ৩ শতাংশ অনুসূচিত জাতি, ৩ শতাংশ জনজাতি আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷ দিছপুৰ সমষ্টিত ৩২ শতাংশ অসমীয়া হিন্দু, ১৭ শতাংশ বাঙালী হিন্দু, ২০ শতাংশ অ’ বি চি, ৭ শতাংশ মুছলমান, ১৫ শতাংশ জনজাতি, ৩ শতাংশ অনুসূচিত জাতি আৰু ৬ শতাংশ অন্যান্য ভোটাৰ আছে৷ গুৱাহাটী পূব সমষ্টিত ৪১ শতাংশ অসমীয়া হিন্দু, ১৯ শতাংশ বাঙালী হিন্দু, ১১ শতাংশ অ’ বি চি, ৯ শতাংশ মুছলমান, ১২ শতাংশ হিন্দীভাষী, ৩ শতাংশ জনজাতি, ৩ শতাংশ অনুসূচিত জাতি আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷ গুৱাহাটী পশ্চিম সমষ্টিত ৩৭ শতাংশ অসমীয়া হিন্দু, ২১ শতাংশ বাঙালী হিন্দু, ১৪ শতাংশ অ’ বি চি, ১০ শতাংশ জনজাতি, ৯ শতাংশ মুছলমান, ৫ শতাংশ হিন্দীভাষী আৰু অন্যান্য ৪ শতাংশ ভোটাৰ আছে৷ ধর্মপুৰ সমষ্টিত ৪৬ শতাংশ অসমীয়া হিন্দু, ২৯ শতাংশ অ’ বি চি, ১৭ শতাংশ মুছলমান, ৬ শতাংশ অনুসূচিত জাতি আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷

মুছলমান ভোটাৰৰ আধিপত্য থকা ১৮টা সমষ্টি হৈছে– দক্ষিণ শালমাৰা (৯৮ শতাংশ), বাঘবৰ (৯৫ শতাংশ), জনিয়া (৯২ শতাংশ), মানকাচৰ (৮৯ শতাংশ), জলেশ্বৰ (৮২ শতাংশ), চেঙা (৭৬ শতাংশ), বিলাসীপাৰা পশ্চিম (৭৪ শতাংশ), ধুবুৰী (৬৫ শতাংশ) গোৱালপাৰা পশ্চিম (৫৫ শতাংশ), গৌৰীপুৰ (৫২ শতাংশ), অভয়াপুৰী উত্তৰ (৫১ শতাংশ), বৰপেটা (৫০ শতাংশ), সৰুক্ষেত্রী (৫০ শতাংশ), বিলাসীপাৰা পূব (৪৯ শতাংশ), গোলকগঞ্জ (৪৫ শতাংশ), অভয়াপুৰী দক্ষিণ (৪৫ শতাংশ), বকো (৪৪ শতাংশ) আৰু বৰক্ষেত্রী (৪৪ শতাংশ)৷

সেইদৰে ৫টা সমষ্টিত জনজাতি ভোটাৰৰ আধিপত্য আছে৷এই সমষ্টিকেইটা হৈছে– দুধনৈ (৫৯ শতাংশ), কোকৰাঝাৰ পূব (৫৩ শতাংশ), চিদলী (৫২ শতাংশ), চাপাগুৰি (৪৮ শতাংশ) আৰু তামুলপুৰ (৪১ শতাংশ)৷ একেদৰে জনজাতি আৰু মুছলমান ভোটাৰ নির্ণায়ক স্থানত থকা ৭টা সমষ্টি হৈছে– গোসাঁইগাঁও, কোকৰাঝাৰ পশ্চিম, বিজনী, গোৱালপাৰা পূব, সৰভোগ, ভৱানীপুৰ আৰু ছয়গাঁও৷ গোসাঁইগাঁও সমষ্টিত ২৯ শতাংশ জনজাতি আৰু ২৫ শতাংশ মুছলমান ভোটাৰ আছে৷ সমষ্টিটোত ১৮ শতাংশ বঙালী, ৩ শতাংশ অসমীয়া হিন্দু, ১৬ শতাংশ চাহ জনজাতি, ২ শতাংশ অ’ বি চি আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷ কোকৰাঝাৰ পশ্চিম সমষ্টিত ৩৩ শতাংশ জনজাতি আৰু ২৭ শতাংশ মুছলমান ভোটাৰ আছে৷ এই সমষ্টিটোত অন্যান্য ভোটাৰৰ জনবিন্যাস এনেধৰণৰ– বাঙালী হিন্দু ২১ শতাংশ, অসমীয়া হিন্দু ৭ শতাংশ, চাহ জনগোষ্ঠী ৭ শতাংশ, অ’ বি চি আৰু অন্যান্য ৫ শতাংশ৷

উল্লেখ্য যে, তৃতীয় পর্যায়ৰ ৪০টা সমষ্টিৰ ভিতৰত বঙাইগাঁও, পাটাছাৰকুছি, পলাশবাৰী, জালুকবাৰী, দিছপুৰ, গুৱাহাটী পূব, গুৱাহাটী পশ্চিম আৰু ধর্মপুৰ সমষ্টিতহে অসমীয়া হিন্দু ভোটাৰ নির্ণায়ক স্থানত আছে৷ বঙাইগাঁও সমষ্টিত ২৮ শতাংশ অ’ বি চি, ২০ শতাংশ অসমীয়া হিন্দু, ২৩ শতাংশ বাঙালী হিন্দু, ১১ শতাংশ জনজাতি, ১১ শতাংশ মুছলমান, ৫ শতাংশ হিন্দীভাষী আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে৷ পাটাছাৰকুছি সমষ্টিত ৭১ শতাংশ অসমীয়া হিন্দু, ২ শতাংশ বাঙালী হিন্দু, ১৫ শতাংশ অ’ বি চি, ৫ শতাংশ জনজাতি, ৪ শতাংশ মুছলমান আৰু ৩ শতাংশ অন্যান্য ভোটাৰ আছে৷ পলাশবাৰী সমষ্টিত ৪০ শতাংশ অসমীয়া হিন্দু, ৩০ শতাংশ অ’ বি চি, ৯ শতাংশ জনজাতি, ১১ শতাংশ মুছলমান, ৭ শতাংশ অনুসূচিত জাতি আৰু ৩ শতাংশ অন্যান্য ভোটাৰ আছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply