যোৰহাট: যোৰহাটৰ মালৌ আলিত আৰক্ষী আৰু চি আৰ পি এফ ফ্লায়িংস্কোৱাড ৰ অভিযানত জব্দ নগদ পাঁচ লাখ টকা।অৰূপ বৰুৱা নামৰ এজন লোকৰ AS-03H0169নম্বৰৰ এখন ৱেগনাৰ বাহনৰ পৰা জব্দ কৰে টকা খিনি।
আনহাতে ইটাভাটাৰ ব্যবসায়ী অৰূপ বৰুৱাই কয়, ‘পানীচকুৱা অঞ্চলত থকা ইটাভাটালৈ তেও টকা খিনি লৈ গৈছিল । ভাটাত কাম কৰি থকা বিহাৰৰ মজদুৰ সকল আজি যোৱাৰ কথা আছিল সেইবাবে তেওলোকক মজুৰি দিবলৈ আনিছিল ধন খিনি। নিৰ্বাচন আয়োগৰ নিৰ্দেশ সম্পৰ্কে জ্ঞাত নহয়’। কি কাৰণত কিয় এই বৃহৎ পৰিমাণৰ টকা খিনি আনিছিল সেয়া ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।