গুৱাহাটী : অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি ৰাজ্যৰ ১২ খন জিলাৰ ৪০ টাকৈ সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। পুৱাৰ ভাগৰে পৰা প্ৰতিটো ভোট কেন্দ্ৰত ভোটদান কৰিবলৈ ভোটৰ ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে।

আজি ভোট গ্ৰহণ অনুষ্ঠিত হোৱা ৪০ টা সমষ্টিত ভিতৰত আছে কামৰূপ মহানগৰ জিলাৰ ৪ টা সমষ্টি। কামৰূপ মহানগৰ জিলাৰ দিছপুৰ, জালুকবাৰী, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী সমষ্টিত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু দুপৰীয়া ৩ বজালৈ এই ৪ টা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৬০.০৫ শতাংশ।

দুপৰীয়া ৩ বজালৈ নিৰ্বাচন আয়োগে দিয়া তথ্য মতে জালুকবাৰী সমষ্টিত ৬৪ শতাংশ, দিছপুৰ সমষ্টিত ৫৯ শতাংশ, পূব গুৱাহাটী সমষ্টিত ৫৫ শতাংশ আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৬৪ শতাংশ ভোটদান সম্পন্ন হৈছে। কামৰূপ মহানগৰ জিলাৰ এই ৪ টা সমষ্টিত ১,৭০৭ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply