১. ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে দ্ৰৌপদী মুৰ্মু এগৰাকী শিক্ষয়িত্ৰী আছিল: উৰিষ্যাৰ ময়ূৰভঞ্জ অঞ্চলৰ এগৰাকী নিৰ্জু মহিলা দ্ৰৌপদী মুৰ্মুয়ে ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে এগৰাকী শিক্ষয়িত্ৰী হিচাপে নিজৰ পেছাদাৰী জীৱন আৰম্ভ কৰিছিল। তেওঁ ময়ূৰভঞ্জ জিলাৰ ৰায়ৰংপুৰৰ অৰবিন্দ ইণ্টিগ্ৰেল এডুকেশ্বন স্কুলত শিক্ষকতা আৰম্ভ কৰিছিল। তেওঁৰ শিক্ষাৰ্থীসকলে এতিয়াও তেওঁক এঘৰাকী নম্ৰ, সৰল শিক্ষক হিচাপে মনত ৰাখিছে।

২. স্বামী আৰু দুই পুত্ৰক হেৰুৱাইছিল তেওঁ: দ্ৰৌপদী মূৰ্মুৰ জীৱন কেতিয়াও সহজ নাছিল। তেওঁ তেওঁৰ জীৱনত বহুতো সংগ্ৰাম আৰু দুঃসময়ৰ সন্মুখীন হ’ব লগা হৈছিল। ইয়াৰ ভিতৰত এটা আছিল তাইৰ স্বামী আৰু দুই পুত্ৰক এটা কৰুণ দুৰ্ঘটনাত হেৰুৱাইছিল। তেওঁ ভাঙি পৰিছিল আৰু জীৱনলৈ অন্ধকাৰ নামি আহিছিল। অৱশ্যে, তেওঁৰ সৈতে তেওঁৰ একমাত্ৰ জীয়ৰী ইতিশ্ৰী আছিল। এই দুৰ্বিসহ সময়ে তেওঁ বহু কথাই শিকাই গৈছিল।

৩. পাৰিষদ হিচাপে ৰাজনীতিত ভৰি দিছিল: ৰায়ৰংপুৰ নগৰ পঞ্চায়তত, ১৯৯৭ চনৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত, আৰু বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উপ-সভাপতি হিচাপে দায়িত্ব লাভ কৰিছিল।

৪. দ্ৰৌপদী মুৰ্মু হৈছে ভাৰতৰ প্ৰথম জনজাতীয় ৰাজ্যপাল: ২০১৫ চনত, মূৰ্মুৱে ঝাৰখণ্ডৰ প্ৰথম মহিলা ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিছিল। তেওঁ হৈছে ভাৰতৰ প্ৰথম জনজাতীয় ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতি। এইটো প্ৰতিজন ভাৰতীয়ৰ বাবে এক ডাঙৰ সন্মান।

৫. দুবাৰৰ বিধায়ক আছিল দ্ৰৌপদী মুৰ্মু – দ্ৰৌপদী মুৰ্মুয়ে ময়ূৰভঞ্জ উৰিষ্যাৰ ৰায়ৰংপুৰৰ পৰা দুবাৰকৈ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছিল (২০০০ আৰু ২০০৯)।

৬. দ্ৰৌপদী মুৰ্মুৰ ৰাজ্যপালৰ কাৰ্যকাল বৃদ্ধি পাইছিল: ৰাজ্যপাল হিচাপে তেওঁৰ পাঁচ বছৰীয়া কাৰ্যকাল ১৮ মে, ২০২০ তাৰিখে সমাপ্ত হ’ব লাগিছিল, কিন্তু কোভিড মহামাৰীৰ বাবে নতুন ৰাজ্যপাল নিযুক্তি নোপোৱাৰ বাবে স্বয়ংক্ৰিয়ভাৱে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল।

৭. ভাৰতৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি – দেশৰ প্ৰথমগৰাকী জনজাতীয় ৰাজ্যপাল হোৱাৰ উপৰিও দ্ৰৌপদী মুৰ্মূ হৈছে ভাৰতৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতিও। ইয়াৰ উপৰি তেওঁ হৈছে দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply