নিউজ ডেস্ক: বিধানসভা লোকসভাত মহিলাৰ বাবে আসন সংৰক্ষণৰ কথা সততে কৈ অহা ৰাজনৈতিক দল বোৰৰ ক্ষেত্ৰত প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত মহিলাৰ বিষয়টো সদায়েই গুৰুত্ব নাথাকে । এইবাৰো অসম বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰতো সেই একেখন ছবিকেই দেখা গ’ল ।
২০১৬ৰ অসম বিধানসভাৰ নিৰ্বাচনত ৯১গৰাকী মহিলা প্ৰাৰ্থীৰ বিপৰীতে ২০১১ত ৮৫গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এইবাৰ সেই সংখ্যা হ’ল ৭৪ গৰাকী ।
ৰাজ্যৰ ১২৬ খন বিধানসভা আসনৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা সৰ্বমুঠ ৯৪৬গৰাকী প্ৰাৰ্থীৰ মাজত ৭৪গৰাকী মহিলা প্ৰাৰ্থীৰ সংখ্যাটো মাত্ৰ ৭.৮২ শতাংশ।
২০১৬ত আঠ গৰাকী আৰু ২০১১ত ১৪গৰাকী মহিলা প্ৰাৰ্থীয়ে বিধানসভালৈ নিৰ্বাচিত হৈছিল।অহা ২ মেত ফলাফলৰ পিছতহে গম পোৱা যাব এইবাৰৰ সংখ্যা ।
মহিলা প্ৰাৰ্থীৰ এনে অৱস্থাৰ পিছতো প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত পুৰুষক অতিক্ৰমি মুঠ ৪০,৩২,৪৮১গৰাকী মহিলা ভোটাৰে ভোটদান কৰে | মু্ঠ মহিলা ভোটাৰৰ ৭৬.০৭শতাংশই ভোটদান সাৱ্যস্ত কৰিছে। সেইদৰে, মুঠ ৪০,৭৭,২১০ গৰাকী পুৰুষ ভোটাৰৰ ৭৫.৭৯শতাংশই ভোটাধিকাৰ সাৱ্যস্ত কৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ।
দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মহিলাৰ ভোটদানৰ হাৰ পুৰুষতকৈ মাত্ৰ .০৬ শতাংশহে কম হৈছে। মুঠ ৩৬,০৯,৯৫৯গৰাকী মহিলা ভোটাৰৰ ৮০.৯৪শতাংশ ভোটদান কৰাৰ বিপৰীতে মুঠ ৩৭,৩৪,৫৩৭গৰাকী পুৰুষ ভোটাৰৰ ৮১ শতাংশই ভোটাধিকাৰ সাৱ্যস্ত কৰে।
মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছে ৯গৰাকী মহিলাক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে ইয়াৰ আন সহযোগী দল এআইইউডিএফ, ৰাষ্ট্ৰীয় জনতা দল আৰু বিপিএফে প্ৰত্যেকে এগৰাকীকৈ মহিলাক প্ৰাৰ্থিত্ব দিছে।
২০১৬চনৰ বিধানসভাৰ নিৰ্বাচনত অকল কংগ্ৰেছেই ১৬ গৰাকী মহিলাক প্ৰাৰ্থীত্ব দিছিল ।
বিজেপিয়ে ৭গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যিটো বিগত বিধানসভাৰ নিৰ্বাচনৰ সংখ্যাতকৈ এটা বেছি। আনহাতে ইয়াৰ সহযোগী অসম গণ পৰিষদে বিগত বিধানসভাৰ নিৰ্বাচনৰ দৰেই এইবাৰো দুগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিছে।
ইপিনে, নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদে (অজাপ) ৭গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু আনটো নতুনকৈ গঠিত ৰাইজৰ দলে এগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিছে।
কংগ্ৰেছৰ প্ৰাৰ্থীসকলৰ ভিতৰত পূব গুৱাহাটী সমষ্টিত অসীমা বৰদলৈ, পশ্চিম গুৱাহাটীত মীৰা বৰঠাকুৰ গোস্বামী আৰু বটদ্ৰবাত শিবামনি বৰা, আমগুৰিত অংকিতা দত্ত আৰু টীয়কত পল্লবী গগৈ, বকোত নন্দিতা দাস, সৰুপথাৰত ৰ’জলীনা তিৰ্কি, নাহৰকটীয়াত প্ৰণতি ফুকন আৰু খুমটাইত বিস্মিতা গগৈ।
আনহাতে, গেৰুৱা দলটোৱে বটদ্ৰবাত আঙুৰলতা ডেকা, হাজোত সুমন হৰিপ্ৰিয়া, গোলাঘাটত অজন্তা নেওগ শিৱসাগৰত সুৰভি ৰাজকোঁৱৰ, হাফলঙত নন্দিতা গাৰ্লোছা, আলগাপুৰত মুন স্বৰ্ণকাৰ আৰু বাঘবৰত হাছিনাৰা খাতুনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
৬টা সমষ্টিত এইবাৰ তিনিগৰাকীকৈ মহিলা প্ৰাৰ্থী থকাৰ বিপৰীতে ১১টা সমষ্টিত দুগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনত নামিছে |