গুৱাহাটী – অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে আম আদমী পাৰ্টিয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল নাহে অসমত প্ৰচাৰ চলাবলৈ। কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰে আম আদমী পাৰ্টিয়ে। কাকো ভোট দিবলৈও আহ্বান নজনায়। ঘোষণা কৰিলে আম আদমী পাৰ্টিৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে।

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল কঁকালত টঙালি বান্ধিছে। শাসকীয় বিজেপি, বিৰোধী কংগ্ৰেছৰ লগতে আঞ্চলিক দল সমূহ ব্যস্ত নিৰ্বাচনী প্ৰস্তুতিত। প্ৰতিটো ৰাজনৈতিক দলৰ লক্ষ্য দিছপুৰৰ গাদী দখল কৰাৰ।

নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহ তৎপৰ হৈ থকাৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দল আম আদমী পাৰ্টিয়ে ঘোষণা কৰিছে যে এইবাৰ অসম বিধনাসভা নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দ্বিতা নকৰে। আদমী পাৰ্টিৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে আম আদমী পাৰ্টিয়ে বিধনাসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে আৰু অৰবিন্দ কেজৰিৱাল অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈও নাহে।

আদমী পাৰ্টিৰ ৰাজ্যিক সমন্বয়ক গৰাকীয়ে লগতে কয় যে দলটোৱে কোনো ৰাজনৈতিক দলক সমৰ্থন নকৰে আৰু কাকো ভোট দিবলৈও আহ্বান নজনায়। অসমৰ শেহতীয়া ৰাজনৈতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আম আদমী পাৰ্টিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলিও জানিবলৈ দিয়ে আদমী পাৰ্টিৰ ৰাজ্যিক সমন্বয়ক গৰাকীয়ে।

৫০ টাকৈ সমষ্টিত আম আদমী পাৰ্টিৰ সাংগঠনিক ভেঁটি শক্তিশালী হৈ আছে যদিও একমাত্ৰ “কা” বিৰোধী চৰকাৰ গঠন কৰাৰ উদ্দেশ্যে আম আদমী পাৰ্টিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলিও মন্তব্য কৰে আদমী পাৰ্টিৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে। দলটোৱে “কা” বিৰোধী স্থিতিত থাকিব বুলিও জানিবলৈ দিয়ে ডাঃ ভবেন চৌধুৰীয়ে।

উল্লেখ্য যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ হৈ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ খবৰে বিশেষ চৰ্চা লাভ কৰিছিল। অসমত অৰবিন্দ কেজৰিৱাল নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাকলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply