প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং, আইআইটিৰ অধ্যাপক সন্দীপ পাঠক, শিক্ষাবিদ অশোক কুমাৰ মিত্তাল আৰু দিল্লীৰ বিধায়ক ৰাঘৱ চাদ্ধা আৰু উদ্যোগপতি সঞ্জীব আৰোৰা হ’ব ভগৱন্ত মানৰ নেতৃত্বত শাসনাধিষ্ঠিত আম আদমী পাৰ্টি (আপ) চৰকাৰৰ ৰাজ্যসভালৈ মনোনীত কৰা প্ৰাৰ্থী।

৯ এপ্ৰিলত ৰাজ্যসভাৰ পাঁচখন আসন খালী হ’ব।শেহতীয়া নিৰ্বাচনত আপে পঞ্জাৱৰ ১১৭ খন বিধানসভা আসনৰ ৯২ খনত জয়লাভ কৰিছিল। আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ পিছত, উচ্চ সদনত আপৰ শক্তি তিনিৰ পৰা আঠলৈ বৃদ্ধি হ’ব।

৩৩ বছৰীয়া ৰাঘৱ চাদ্ধা নিৰ্বাচিত হ’লে ৰাজ্যসভাৰ আটাইতকৈ কম বয়সীয়া সদস্য। পঞ্জাব নিৰ্বাচনত দলৰ প্ৰভাৰী হিচাবে দায়িত্বত আছিল ৰাঘৱ চাদ্ধা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply