স্মৃতি ৰেখা লাহন,টীয়ক: কা বিৰোধী স্থিতি গ্ৰহণ কৰা ৰাজনৈতিক দলক ভোট দিয়াৰ আহ্বান জনাই তথা মিত্ৰ জোঁটৰ প্ৰাৰ্থীৰ বিপক্ষে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান আছুৰ । ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে শনিবাৰে ছাত্র সন্থাই টীয়কৰ ৰাজপথত বৃহৎ মটৰ চাইকেল ৰেলী উলিয়ায়।
আৰু পঢ়কঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মুঠ ২৬৭ গৰাকী প্ৰাৰ্থীৰ ১৬ জনেই দশম শ্ৰেণীৰ দেওনা অতিক্ৰম নোহোৱা
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত টীয়ক,শিমলুগুৰি আৰু লাহিং আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত টীয়ক হাইস্কুলৰ খেলপথাৰৰ পৰা উলিওৱা এই ৰেলীত যুৱ ছাত্ৰ পৰিষদকে ধৰি বহু দল সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।উল্লেখযোগ্য যে টীয়ক সমষ্টিত অগপই অসমৰ অন্যতম যুৱনেতা সিংহযুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ আঞ্চলিকতাবাদৰ আদৰ্শ তথা অসম চুক্তিক ভৰিৰে মোহাৰি বিজেপিৰ লগত কেৱল ক্ষমতাৰ স্বাৰ্থত মিলিত হৈ অসমীয়া জাতিৰ স্বাভিমানত যি আঘাত হানিছে তাৰ প্ৰত্যুত্তৰ অহা ২৭ মাৰ্চত ভোটৰ বাকচত ৰাইজক দিবলৈ আহ্বান জনায় । ৰেলীৰ নেতৃত্ব লয় আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগে ।
আৰু পঢ়কঃ বিশ্ব ঘৰ চিৰিকা বা ঘনচিৰিকা দিৱসত ব্যতিক্ৰমী প্ৰচেষ্টা খুমটাইৰ এটা পৰিয়ালৰ