অভয়পুৰী – সমাগত বিধানসভা নিৰ্বাচনকলৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত টিকটক কেন্দ্ৰ কৰি খোৱা কামোৰা অব্যাহত আছে।বঙাইগাঁও জিলাৰ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিত মহাজোঁট বন্ধনৰ বাবে এআইইউডিএফৰ টিকটক লৈ দলীয় কৰ্মী সমৰ্থকৰ মাজত আৰম্ভ হৈছে বিক্ষোভ। অভয়াপুৰী দক্ষিণ সমষ্টিত এআইইউডিএফ দলৰ বিধায়ক থকা সত্বেও মহাজোঁট বন্ধনৰ বাবে সমষ্টিটো কংগ্ৰেছক এৰি দিয়া বুলি চৰ্চা লাভ কৰাত ক্ষোভিত হৈ পৰিছে এআইইউডিএফ নেতা-কৰ্মী আৰু সমৰ্থক সকল।

এআইইউডিএফ নেতা-কৰ্মী তথা সমৰ্থক সকলে ক্ষোভিত হৈ দেওবাৰে নিশাৰ ভাগত যোগীঘোপাৰ বালাপাৰাত দলটোৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বালপাৰা বজাৰত ক্ষোভিত নেতা-কৰ্মী সকলে এআইইউডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কৰিম উদ্দিন বৰভূঞা আৰু সাধাৰণ সম্পাদক (সাংগঠনিক) আমিনুল ইছলামৰ মুৰ্দাবাদ ধ্বনিৰ উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

ক্ষোভিত নেতা কৰ্মী সকলে অভিযোগ কৰা মতে, অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। দলটোৰ মাত্ৰ অভয়াপুৰী দক্ষিণ সমষ্টিৰ পৰা বিধায়ক হিন্দু সম্প্ৰদায়ৰ হ’ব কিন্তু দলত হিন্দু সম্প্ৰদায়ৰ বিধায়কৰ কোনো স্থান নাই বুলি দলীয় কৰ্মী সকলে অভিযোগ কৰি কংগ্ৰেছৰ হাতত ধনৰ বিনিময়ত বিক্ৰী কৰা বুলি অভিযোগ কৰে।

দলটোৰ জিলা সমিতিৰ উপ-সভাপতি তথা টাপাট্টাৰীৰ জিলা পৰিষদ সদস্য আবু বক্কাৰ ছিদ্দিকে সংবাদ মাধ্যমৰ আগত কয় যে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত অভয়াপুৰী দক্ষিণ সমষ্টিত কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী প্ৰয়াত চন্দন কুমাৰ সৰকাৰক পৰাজিত কৰি অনন্ত মালোক নিৰ্বাচিত কৰি ৰাজ্যৰ ভিতৰত দলটোৰ হিন্দু সম্প্ৰদায়ৰ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰিছিল কিন্তু এইবাৰ এজনো হিন্দু সম্প্ৰদায়ৰ বিধায়ক হিচাপে প্ৰক্ষেপ কৰা নাই।

আবু বক্কাৰ ছিদ্দিকে এআইইউডিএফৰ সাধাৰণ সম্পাদক কৰিম উদ্দিন বৰভূঞা আৰু সাধাৰণ সম্পাদক (সাংগঠনিক) আমিনুল ইছলামক দালাল আখ্যা দি কয় যে, কংগ্ৰেছৰ পৰা ধন লৈ অভয়াপুৰী দক্ষিণ সমষ্টিটো বিক্ৰী কৰে। বিটিএডি নিৰ্বাচনত একমাত্ৰ আমিনুল ইছলামে দালালি কৰি সকলো সমষ্টি হাৰিছে। আমিনুল ইছলাম ধনৰ বিনিময়ত বিটিএডিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। ইয়াৰ পিছতো কি কাৰণত এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে এই দুজন দালালৰ জৰিয়তে প্ৰাৰ্থী বাচনি কৰি আছে বুলি প্ৰশ্ন উত্থাপন কৰে বহু দলীয় নেতা-কৰ্মীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply