মানকাচৰ : নির্ধাৰিত ভোটগ্রহণ কেন্দ্রত সোঁশৰীৰে উপস্থিত থাকি ভোটদান সাব্যস্ত কৰিব নোৱাৰা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দুই সমষ্টিৰ প্রায় ৬২০ গৰাকী এবছেণ্টি ভোটাৰৰ বাবে যোৱা ২৬ মাৰ্চৰ পৰা আৰম্ভ কৰা হৈছে বেলটত ভোটগ্রহণ প্রক্রিয়া৷ অহা ১ এপ্রিললৈ মুঠ ৭ দিন ধৰি চলিবলগীয়া এই ভোটগ্রহণ প্রক্রিয়াত এবছেণ্টি ভোটাৰৰ তালিকাত ৮০ বছৰ ঊর্ধ্বৰ ভোটাৰ, দিব্যাংগ আৰু কভিড ১৯ ত আক্রান্ত ভোটাৰক সন্নিৱিষ্ট কৰি ঘৰতে ভোটগ্রহণৰ এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷

নিজ ঘৰতে থাকি ভোটদান সাব্যস্ত কৰিব পৰা এই প্রক্রিয়াটোত প্রতিগৰাকী এবছেণ্টি ভোটাৰৰ ঘৰলৈ এজন মাইক্র অবজাৰভাৰ, দুগৰাকী পলিং বিষয়া, এজন ভিডিগ্রাফাৰ আৰু এজন আৰক্ষী বিষয়া গৈ নির্ধাৰিত প্রক্রিয়া অনুসৰি ভোটাৰ গৰাকীৰ পৰা ঘৰতে ভোট সংগ্ৰহ কৰে। প্রতিগৰাকী এবছেণ্টি ভোটাৰক সুৰক্ষিতভাৱে নিজৰ ভোটদানৰ অধিকাৰ সাব্যস্তৰ সুবিধা প্রদানৰ বাবেই নির্বাচন আয়োগে প্রথমবাৰৰ বাবে আৰম্ভ কৰিছে এই ব্যৱস্থা৷

মন কৰিবলগীয়া যে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অধীনত থকা মানকাচৰ সমষ্টিত মুঠ ৪৩৯ গৰাকী এবছেন্টি ভোটাৰ থকাৰ লগতে দক্ষিণ শালমাৰা সমষ্টিত মুঠ ১৮১ গৰাকী এবছেন্টি ভোটাৰসহ জিলা খনত সৰ্বমুঠ ৬২০ গৰাকী এবছেন্টি ভোটাৰ আছে। যোৱা ২৬, ২৭ আৰু ২৮ মাৰ্চত মানকাচৰ সমষ্টিত মুঠ ২১৩ গৰাকী এবছেন্টি ভোটাৰে ভোটদান কৰাৰ লগতে দক্ষিণ শালমাৰা সমষ্টিত মুঠ ৭৭ গৰাকী এবছেন্টি ভোটাৰে ভোটাধিকাৰ সাবস্থ্য কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply