গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ চাৰিওটা সমষ্টিত শনিবাৰৰ পৰা আৰম্ভ হৈছে এবছেণ্টি ভােটাৰসকলৰ পােষ্টেল বেলটৰ জৰিয়তে ঘৰতে ভােটগ্রহণ প্রক্রিয়া। শনিবাৰে পুৱা এই প্রক্রিয়াত নিয়ােজিত মুঠ ১৭৫ গৰাকী বিষয়া-কৰ্মচাৰী কামৰূপ মহানগৰ জিলা নির্বাচনী বিষয়াৰ কার্যালয়ৰ পৰা ভােটগ্রহণৰ আৱশ্যকীয় সামগ্রীসমূহ লৈ নিজ কর্তব্যৰ বাবে ৰাওনা হয়।

মুঠ ৫ গৰাকীকৈ বিষয়া-কৰ্মচাৰীৰে একোটাকৈ দল গঠন কৰি প্রত্যেকজন এবছেণ্টি ভােটাৰৰ ঘৰলৈ প্রেৰণ কৰা এই দলত আছে এগৰাকী মাইক্রঅৱজাৰভাৰৰ লগতে দুগৰাকী পলিং বিষয়া, এগৰাকী ভিডিঅগ্ৰাভাৰ আৰু এগৰাকী আৰক্ষী। ৫১ নং জালুকবাৰী সমষ্টিত ৬ টা, ৫২ নং দিছপুৰ সমষ্টিত ১১ টা, ৫৩ নং পূৱ গুৱাহাটী সমষ্টিত ৮ টা আৰু ৫৪ নং পশ্চিম গুৱাহাটী সমষ্টিত ১০ টা, মুঠ ৩৫ টা দলে কামৰূপ মহানগৰ জিলাৰ চাৰিওটা সমষ্টিৰ মুঠ ৩০০০ গৰাকী এবছেণ্টি ভােটাৰৰ ভােটগ্রহণ প্রক্রিয়া সম্পন্ন কৰিব।

উল্লেখযােগ্য যে শনিবাৰৰ পৰা ৫ এপ্রিল পর্যন্ত চলিবলগীয়া এই এবছেণ্টি ভােটাৰৰ তালিকাত সন্নিৱিষ্ট কৰা হৈছে আশী বছৰৰ উৰ্ধৰ বয়ােজ্যেষ্ঠ ব্যক্তিৰ লগতে বিশেষভাৱে সক্ষম আৰু কভিড ১৯ ত আক্রান্ত হৈ থকা ভােটাৰসকলক। নিৰ্ধাৰিত ভোট গ্ৰহণ কেন্দ্ৰত সোঁশৰীৰে উপস্থিত থাকি ভোটদান সাব্যস্ত কৰিব নোৱাৰা কামৰূপ মহানগৰ জিলাৰ ভোটাৰ সকলৰ এই প্ৰক্ৰিয়াৰে ভোট গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply