ইভিএম ওলাল বিজেপি প্ৰাৰ্থীৰ গাড়ীত

নিউজ ডেস্ক: কৰিমগঞ্জত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত স্পষ্টীকৰণ দিছে নিৰ্বাচনী আয়োগে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত  ৰাতাবাৰী সমষ্টিত নিশা ইভিএমক লৈ সৃষ্টি হয় অপ্ৰীতিকৰ ঘটনা । সমষ্টিটোৰ ইন্দিৰা এম ভি স্কুলৰ প’লিং ষ্টেচনৰ প’লিং বিষয়াই পাথাৰকান্দি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃশেন্দু পালৰ গাড়ীত ইভিএম স্থানান্তৰ কৰাৰ ঘটনা স্থানীয় ৰাইজৰ তৎপৰতাত পোহৰলৈ আহে।
সমগ্ৰ বিষয়টো কেন্দ্ৰীয় নিৰ্বাচন আয়োগক অৱগত কৰাত আয়োগে আজি এক প্ৰতিবেদন প্ৰকাশ কৰিছে । আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা মতে ,
ভোটদান শেষ হোৱাৰ পিছত দায়িত্বত থকা লোক কেইজনে ইভিএমকেইটা লৈ নিৰ্বাচন আয়োগে প্ৰদান কৰা গাড়ীত সংশ্লিষ্ট স্থানত জমা দিবলৈ যাত্ৰা আৰম্ভ কৰিছিল যদিও বৰষুণ দি আছিল কাৰণে তেওঁলোকে বোকা ৰাস্তা আৰু ভীষণ যানজঁটৰ সন্মুখীন হ’ব লগা হয়। বাটত গাড়ী বেয়া হয় আৰু তেওঁলোকে গাড়ীৰ মালিক কোন এই কথা জানিব নিবিচাৰি আন এখন গাড়ীৰ ব্যৱস্থা কৰে । এই কথা তেওঁলোকে উৰ্ধ্বতম কৰ্তৃপক্ষক মোবাইল ফোন যোগে অৱগত কৰে।
তেওঁলোকে লোৱা গাড়ীখন পাথাৰকান্দি সমষ্টিৰ প্ৰাৰ্থী কৃশেন্দু পালৰ পত্নী মধুমিতা পালৰ নামত পঞ্জীয়ন হৈ আছিল। বাটত একাংশ লোকে গাড়ীখন ঘেৰি ধৰে আৰু হিংসাত্মক কাৰ্যকলাপ কৰিবলৈ অগ্ৰসৰ হয়। ঘটনাস্থলীত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।ইভিএম কেইটাৰ কোনো ক্ষতি হোৱা নাই কাৰণে সেই কেইটা ষ্ট্ৰং ৰুমলৈ প্ৰেৰণ কৰা হৈছে
চাৰিগৰাকীকৈ বিষয়াক এই ঘটনাৰ বাবে নিলম্বনৰ কৰাৰ লগতে নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰটোত পুনৰ ভোটগ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply