কলকাতা – পশ্চিম বংগত তুংগট উঠিছে নিৰ্বাচনী যুঁজ। বৰ্তমানৰ মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰখন এইবাৰ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বিজেপি দলৰ ফালৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ পশ্চিম বংগত প্ৰচাৰ অভিযান তীব্রতৰ কৰি তোলাৰ বিপৰীতে মমতা বেনাৰ্জীয়ে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে বিজেপিক ৰোধিবলৈ।
পশ্চিম বংগৰ বিজেপিৰ লগত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী যুঁজখন আকৰ্ষণীয় হৈ পৰাৰ মাজতে এইবাৰ গেৰুৱা দলটোৰ লগত থিয় দিলে বলিউডৰ জনপ্ৰিয় অভিনেতা মিঠুন চক্ৰৱৰ্তী। ছবি জগতৰ জনপ্ৰিয় অভিনেতা মিঠুন চক্ৰৱৰ্তীয়ে দেওবাৰ আনুষ্ঠানিকভাৱে যোগদান কৰিলে গেৰুৱা দলটোত।
পশ্চিম বংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিগ্ৰেডৰ সমাবেশত অভিনেতা গৰাকীয়ে গেৰুৱাবসন পৰিধান কৰি বিজেপিত যোগদান কৰিলে। সমাবেশত প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিৰ পূৰ্বেই মিঠুন চক্ৰৱৰ্তীয়ে পশ্চিম বংগৰ বিজেপিৰ সভাপতি দিলীপ ঘোষৰ লগত হাতত বিজেপিৰ পতাকা তুলি লয়।
উল্লেখ্য যে এইবাৰ পশ্চিম বংগ দখল কৰাৰ বাবে গেৰুৱা দল বিজেপিয়ে নিজৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰা দেখিবলৈ পোৱা গৈছে। পশ্চিম বংগত বিজেপিয়ে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী অবিহনে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে যদিও অভিনেতা মিঠুন চক্ৰৱৰ্তী পশ্চিম বংগত বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হ’ব বুলি দীৰ্ঘদিন ধৰি ব্যাপক চৰ্চা চলি আছিল। এতিয়া অভিনেতা গৰাকীক দলটোৱে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে নে নাই এইয়া সময়ত দেখিবলৈ পোৱা যাব।