নিউজ ডেস্ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছদিনাই অসমৰ বাতৰি কাকত বিজেপিৰ ফালৰ পৰা দিয়া বিজ্ঞাপনক লৈ বিৰোধী দল সমূহে শাসকীয় বিজেপিক তীব্ৰ সমালোচনা কৰিছিল | সংবাদমেল পাতি কংগ্ৰেছে বিষয়টোৰ দ্বাৰা ৰাইজক দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটাৰক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰাৰ কথা উল্লেখ কৰিছিল | ইতিমধ্যে নিৰ্বাচন আয়োগক বিষয়টোক লৈ অভিযোগ দিছিল |
নিৰ্বাচন আয়োগে বিষয়টোৰ সম্পৰ্কে বাতৰি কাকত গোষ্ঠী আৰু বিজেপিক কৈফিয়ৎ তলব কৰিছিল | নিৰ্বাচন আয়োগক বাতৰি কাকত গোষ্ঠী আৰু বিজেপিয়ে উত্তৰ দিয়াৰ পূৰ্বেই অভিযোগ কাৰী কংগ্ৰেছৰ ফালৰ পৰাও একেটা ধৰনেৰে আজিৰ সংখ্যাৰ কাকতত বিজ্ঞাপন চপোৱা দেখা গ’ল |
তেওলোকৰো একেই পন্থা ৰাইজক ভোটৰ আগতে বিভ্ৰান্ত কৰাৰ | অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও সংবাদ মাধ্যমক বিজেপিৰ কাৰ্যক সমালোচনা কৰাৰ লগতে অনৈতিক বাতৰিৰূপী বিজ্ঞাপনৰ আখ্যা দিছিল | ছ’চিয়েল মিডিয়াত বিষয়টোক লৈ দুয়োপক্ষৰ মাজত তীব্ৰ বাদানুবাদ হৈছিল, এতিয়া কংগ্ৰেছৰ একেই কাৰ্যক লৈও শালে শিঙিক হঁহাৰ আখ্যা দিছে ছ’চিয়েল মিডিয়াত |