১৩ টা সমষ্টিৰ বাবে অসম গণ পৰিষদৰ তৃতীয় খন তালিকা প্ৰকাশ

নিউজ ডেস্ক: প্ৰকাশ পালে অসম গণ পৰিষদৰ তৃতীয় খন প্ৰাৰ্থী তালিকা । অসস গণ পৰিষদৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকাত ১৩টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।
বঙাইগাঁৱত প্ৰাৰ্থিত্ব লাভ কৰিছে আকৌ ফণীভূষণ চৌধুৰীয়ে। ছয়গাঁৱত ডাঃ কমলাকান্ত কলিতাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । পশ্চিম গুৱাহাটীত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৰমেন্দ্ৰ নাৰায়ণ কলিতাক।
উত্তৰ অভয়াপুৰীত ভূপেন ৰায়ক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব। মানকাচৰত জাবেদ ইচলামক প্ৰদান কৰিছে প্ৰাৰ্থিত্ব। পূৰ্ণেন্দ্য বণিক্যক দক্ষিণ অভয়াপুৰীত প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব। পূব গোৱালপাৰাত জ্যোতিষ দাসক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব। পশ্চিম গোৱালপাৰাত শ্বেখ ছাহ আলমক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব। ভৱানীপুৰত ডঃ ৰঞ্জিত ডেকাক প্ৰদান কৰা হৈছে প্ৰাৰ্থিত্ব।
বৰপেটাত গুণীন্দ্ৰ নাথ দাস আৰু সৰুক্ষেত্ৰীত কল্পনা পাটোৱাকী অগপই প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । সেইদৰে চেঙাত ৰবিউল হুছেইন আৰু বকোত জ্যোতি প্ৰসাদ দাসক দিয়া হৈছে প্ৰাৰ্থিত্ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply