অগপ-বিজেপিৰ আসন বুজা বুজিক লৈ গুৰুত্বপূৰ্ণ বৈঠক

নিউজ ডেস্ক: আগন্তুক অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ আসন ভাগ বটোৱাৰাক লৈ দুয়োটা দলৰ বিষয়ববীয়া সকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এখন বৈঠক বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বাসগৃহত অনুষ্ঠিত হৈ যায় ৷ উক্ত বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনত দুয়োটা দলৰ আসন ভাগ কৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হয় ৷

উক্ত সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ লগতে কেশৱ মহন্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ফনীভূষণ চৌধুৰী উপস্থিত থাকে ৷ দুয়োটা দলে কোন দলে কোনটো সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব সেই লৈ আলোচনা হয় |

দুয়ো পক্ষৰ মাজত চলা বৈঠকত কি সিদ্ধান্ত ল’লে সেই সম্পৰ্কে এতিয়াও চূড়ান্ত হোৱা নাই যদিও বহুকেইখন আসনৰ ক্ষেত্ৰত সহমতত উপনীত হৈছে | দুয়োটা দলৰ বৰ্তমানৰ সকলো বিধায়কে প্ৰাৰ্থিত্ব নাপায় যে সেইটো স্পষ্ট | অগপ দলে বৰ্তমানৰ বিধায়কসকল থকা সমষ্টি কেইটাত নিজৰ দাবী উত্থাপিত কৰিছিল যদিও শেহত গৈ সেইটো হৈ নুঠাৰ তথ্য পোহৰলৈ আহিছে | অগপ দলে এইবাৰ বহুকেইটা বিজেপিৰ বিধায়ক থকা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ বাবে সাজু হোৱা বুলি বৈঠকত একমত হোৱা বুলি প্ৰকাশ | ইয়াৰ বিপৰীতে অগপ দলেও নিজৰ বিধায়ক থকা সমষ্টি এৰিবলৈ মান্তি হয় |


বৈঠকৰ অন্তত দুয়োটা দলৰে নেতৃত্বই আলোচনা প্ৰাথমিক স্তৰতে থকাৰ কথা উল্লেখ কৰে | বিজেপিৰ সভাপতিয়ে নিশালৈ পুনৰ আলোচনা হ’ব বুলিও কয় | অগপৰ সভাপতি অতুল বৰাৰ মতে, এতিয়াই একো কব পৰা হোৱাগৈ নাই | কেশৱ মহন্তৰ মতে, নিজৰ বিধায়ক থকা সমষ্টি কেইটাৰ তেওলোক স্বাভাবিকতেই দাবীদাৰ | বিজেপিৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক দিলীপ শইকীয়াৰ মতে, দুয়োটা দলৰ সকলো বিধায়কেই যে এইবাৰো প্ৰাৰ্থিত্ব পাব সেইটো নহয় |

বিজেপিৰ সভাপতি ৰঞ্জিত দাসে জনোৱা মতে, নিৰ্বাচনী কমিটিৰ বৈঠক মঙলবাৰে অনুষ্ঠিত হ’ব | দলীয় কৰ্মীৰ ৰিপ’ৰ্টৰ ওপৰত প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ভৰ কৰিব বুলি সভাপতিয়ে উল্লেখ কৰে | ইতিমধ্যে ইউ পি পি এলৰ সৈতেও দেওবাৰে ৰাজ্যিক বিজেপি নেতৃত্বই আলোচনা কৰিছে | বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ সৈতে আলোচনাৰ অন্তত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪ মাৰ্চত প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব বুলি জানিব পৰা গৈছে |

Also read বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰিবলৈ দিল্লীলৈ অগপ নেতৃত্ব

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply