বিজেপি-অগপ নেতৃত্ব

নিউজ ডেস্ক: বিজেপি আৰু অগপৰ আসনক লৈ গুৱাহাটীৰ বৈঠকৰ পিছত এতিয়া দুয়োদলৰ নেতৃত্ব দিল্লীলৈ উৰা মাৰিছে | বুধবাৰে সন্ধিয়া অসম বিধান সভা নিৰ্বাচন সন্দৰ্ভত নতুন দিল্লীত হ’ব বিজেপিৰ বৈঠক ।
বৈঠকত আসন বুজাবুজি সন্দৰ্ভত আলোচনা হোৱা কথা । এই আলোচনাত বিজেপিয়ে সমাগত নিৰ্বাচন সন্দৰ্ভত প্ৰস্তুত কৰিব ৰণনীতি । অসম প্ৰদেশ বিজেপি আৰু অগপৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব বৈঠকত ।
বৈঠকত দেশৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে উপস্থিত থাকিব ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ।

দিল্লীলৈ উৰা মৰাৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসে কয়, এইবাৰৰ নিৰ্বাচনত বিজেপিত নতুন মুখ দেখা পাব ৰাইজে। প্ৰাৰ্থিত্বৰ তালিকা লৈ দিল্লীলৈ উৰা মৰাৰ পূৰ্বে ৰঞ্জিত দাসৰ এই মন্তব্যক লৈ বিজেপিৰ সকলো প্ৰাৰ্থিত্ব বিচৰাৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে ।

যোৱা দুটা দিনত অগপ বিজেপিৰ মাজত মাৰাথন বৈঠক হ’ল যদিও সমাধান সুত্ৰ নোলাল । আসন বুজাবুজিক লৈ বিজেপি মিত্ৰজোঁটৰ মাজত অচলাৱস্থাৰ মাজেৰে দুয়োটা দলৰ নেতৃত্ব দিল্লীলৈ উৰা মাৰিছে । বিশেষকৈ
বিজেপি স্থিতিত অগপৰ ভিতৰ চ’ৰাত অসন্তুষ্টি প্ৰকাশ পাইছে । বিশেষকৈ অগপৰ দখলত থকা আসনো এৰি দিবলৈ বিজেপিয়ে হেঁচা দিয়াক লৈ দুয়োপক্ষৰ মাজত মতভেদ ।

প্ৰথম অৱস্থাত অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ আসনহে এৰি দিবলৈ সন্মত হোৱা বিজেপিক
পশ্চিম গুৱাহাটী, লখিমপুৰ, পাটাচাৰকুছি, কমলপুৰ তেজপুৰ, টীয়ক, নাহৰকটীয়া লাগে বুলি নিজৰ দাবীত অটল থাকে। অগপৰ হাতত থকা দেৰগাঁও, বঢ়মপুৰতো বিজেপিৰ চকু। অগপৰ দখলত থকা বৰপেটা, আমগুৰি বিচৰা নাই বিজেপিয়ে। ইয়াৰ বিপৰীতে বিজেপি আৰু অগপ দুয়োটা দলৰ সাংগঠনিক ভেটি থৰক-বৰক হৈ থকা
চেঙা, পশ্চিম গোৱালপাৰা, বকো, ছয়গাঁৱৰ দৰে সমষ্টি অগপক দি আসনৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা চলাইছে ৰাজ্যিক বিজেপি নেতৃত্বই।
বিজেপিৰ প্ৰস্তাৱক লৈ বিব্ৰত অগপ নেতৃত্বই বৰ্তমান দলীয় নেতৃত্বৰ সৈতে ভাল সম্পৰ্ক থকা নেতা বিধায়কৰো ৰোষত পৰাৰ সম্ভাবনাই অধিক।গুৱাহাটীত হোৱা আলোচনাত প্ৰায় ৯৯ শতাংশ কৰ্ম প্ৰক্ৰিয়া চূড়ান্ত কৰি এতিয়া দিল্লীলৈ উৰা মাৰিছে মিত্ৰজোঁট অগপ আৰু বিজেপিৰ নেতৃত্ব।দুয়োটা দলৰ ১২ৰ পৰা ১৫ গৰাকী বৰ্তমানৰ বিধায়কে নাপাব দলীয় টিকট। দুয়োটা দলৰ কমেও ৬জনকৈ বিধায়কে টিকট নোপোৱাটো প্ৰায় খাটাং । এতিয়া আসন বুজাবুজি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply