নিউজ ডেস্ক: বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী সন্দৰ্ভত দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে হোৱা আলোচনাত চূড়ান্ত হৈছে প্ৰাৰ্থীৰ তালিকা। বিশেষকৈ অগপ দলে এইবাৰ বহু আসন এৰিব লগা হোৱাতো স্পষ্ট হৈ পৰিছে । দলীয় নেতা কৰ্মীৰ ৰোষত পৰা সম্ভাবনাৰ বাবেই দলটোৰ নেতৃত্বই মুখ খুলিব পৰা নাই । বিজেপিৰ ক্ষেত্ৰতো দেখা গৈছে দাদা বিগ্ৰেডক সংস্থাপিত কৰাৰ স্বাৰ্থতে অগপৰ চাৰিজনকৈ বৰ্তমানৰ বিধায়কৰ আসন কাঢ়ি অনাৰ দৰে হৈছে।

বিজেপিৰ বহুকেইটা সমষ্টিত সম্ভাব্য প্ৰাৰ্থীৰ নামক লৈ দলৰ ভিতৰতে চৰ্চা আৰম্ভ হৈছে । অগপৰ দখলত থকা নাহৰকটীয়াৰ বাবে তৰংগ গগৈ, লখিমপুৰৰ বাবে বিতৰ্কিত মানব ডেকা, বঢ়মপুৰৰ বাবে জিতু গোস্বামী আৰু কমলপুৰৰ বাবে দিগন্ত কলিতাৰ নাম চূড়ান্ত কৰিছে। নিজৰ আসন হেৰুৱাই দিল্লীলৈ ঢ়াপলি মেলা বিধায়ক সত্যব্ৰত কলিতাই আসন লাভ কৰাৰ সম্ভাবনা এতিয়াও অনিশ্চিত । আনহাতে প্বীন্দ্ৰ ডেকাই ইতিমধ্যে দল ত্যাগ কৰাৰ বাবে পাটাছাৰকুছি সমষ্টিৰ বাবে অগপ নেতৃত্বৰো কোনো গুৰুত্ব নাই । ইয়াৰ বিপৰীতে বিজেপিয়ে বকো, হাজো আৰু বিশ্বনাথ সমষ্টি অগপক এৰি দিয়াৰ কথা ভাবিছে । এতিয়াও সেই ছবিখন স্পষ্ট হোৱা নাই। সেয়ে হ’লে সুমন হৰিপ্ৰিয়া আৰু প্ৰমোদ বৰঠাকুৰৰ বিধানসভালৈ এইবাৰৰ যাত্ৰা সামৰণি পৰিছে ।অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীৰ পৰিবৰ্তে বিষ্ণুৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাৰ নাম চৰ্চালৈ আহিছে ।অজন্তা নেওগৰো প্ৰাৰ্থিত্ব চূড়ান্ত কৰিছে ।
কালিৰে পৰা দিল্লীত এখনৰ পিছত আনখন বৈঠকত অংশলোৱা অগপ আৰু ইউপিপিএলৰ নেতৃত্বৰ সৈতে বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ উপস্থিত এখনৰ পিছত আনখন বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী । অমিত শ্বাহৰ বাসগৃত অনুষ্ঠিত এই বৈঠকতে চূড়ান্ত কৰিছে অগপ আৰু ইউপিপিএলক কোন কেইটা সমষ্টি বিজেপিয়ে এৰি দিব । যোৱা নিৰ্বাচনত সৰ্বানন্দ সোনোৱালৰ লবীত থকা আটাইকেইজন উজনিৰ প্ৰাৰ্থীক পুনৰ প্ৰাৰ্থিত্ব দিছে।
বিটিআৰত ইউ পি পি এলৰ সৈতে নতুনকৈ কৰা মিত্ৰতাৰ পিছত বড়োভূমিত নতুনকৈ সমীকৰণত লাগিছে বিজেপি নেতৃত্ব ।
উল্লেখযোগ্য যে ২০১৬ চনত বিজেপিয়ে অগপ আৰু বিপিএফৰ সৈতে মিত্ৰতা কৰি প্ৰতিদন্দিতা কৰিছিল । সেই নিৰ্বাচনত বিজেপিয়ে ৮৪ টা সমষ্টিত,অগপই ২৪ টা সমষ্টিত আৰু বিপিএফে ১৬ টা সমষ্টিত প্ৰতিদন্দিতা কৰিছিল ।

প্ৰাৰ্থিত্ব নিজাদলৰ নোহোৱাৰ বাবে মিত্ৰদলৰ কৰ্মীসকলৰ প্ৰতিবাদ আৰম্ভ হৈছে। অগপক নাওবৈচা সমষ্টিতো এৰি দিবলৈ সিদ্ধান্ত লোৱাৰ কথা পোহৰলৈ অহাত সমষ্টিতোত বিজেপি কৰ্মীৰ প্ৰতিবাদ। অগপক সমষ্টিটো এৰি নিদিবলৈ আহ্বান নেতৃত্বক। তৃণমূল কৰ্মীয়ে ৰাজপথত সাব্যস্ত কৰিলে প্ৰতিবাদ। নাওবৈচাত বিজেপিৰ প্ৰাৰ্থী দিয়াৰ দাবী।

বিজেপিয়ে আজিৰ ভিতৰতে চূড়ান্ত কৰিব প্ৰথমখন প্ৰাৰ্থী তালিকা। পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব দলৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply