নিউজ ডেস্ক: নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে তৎপৰ হৈ পৰিছে বিজেপি মিত্ৰজোঁটৰ অন্যতম সংগী অসম গণ পৰিষদ | দলীয় নেতৃত্বই ইতিমধ্যে চূড়ান্ত কৰিছে যদিও মিত্ৰদল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনাৰ বাবে সোমবাৰে দিল্লীলৈ ৰাওনা হ’ব অগপ নেতৃত্ব ৷ ৰাওনা হোৱাৰ পূৰ্বেই অগপ নেতৃত্বৰ দৃঢ় স্থিতি বর্তমান অগপৰ দখলত থকা ১৪টা সমষ্টি এইবাৰো আঞ্চলিক দলটোক লাগিবই৷ অগপ দখলত থকা সমষ্টিকেইটাৰ ক্ষেত্রত অগপই কোনো আপোচ নকৰে ৷ এই দাবী লৈ আজি নতুন দিল্লীলৈ উৰা মাৰিব অগপ নেতৃত্ব৷
দিল্লীলৈ যোৱাৰ পূৰ্বে আসন বুজাবুজি সন্দৰ্ভত বিজেপি-অগপৰ গুৰুত্বপূৰ্ণ বৈঠক। বিজেপি সভাপতি ৰঞ্জিত দাসৰ চৰকাৰী আবাসত এই বৈঠক। বৈঠকত অগপৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী। বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাস। উপস্থিত দিলীপ শইকীয়া, হিমন্ত বিশ্ব শৰ্মা, ফণীন্দ্ৰ নাথ শৰ্মাও।
অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত অগপৰ প্রতিনিধি দল এটাই বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বক সাক্ষাৎ কৰি সেই দাবী উত্থাপন কৰিব৷
শেহতীয়াকৈ বিজেপিয়ে বর্তমান অগপৰ দখলত থকা কেইবাটাও সমষ্টিত নিজা প্রার্থী থিয় কৰাব বিচাৰিছে৷ পিছে অগপ নেতৃত্বই সেয়া মানি ল’ব বিচৰা নাই৷ এই সন্দর্ভত অগপ সভাপতি অতুল বৰাৰ বাসগৃহত দলৰ শীর্ষ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয়৷
সেই বৈঠকত অগপই দখলত থকা কোনো এটা সমষ্টিয়েই এৰি নিদিয়াৰ সিদ্ধান্ত গ্রহণ কৰে৷ দলৰ এই সিদ্ধান্তৰ বিষয়ে বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বক অৱগত কৰি দখলত থকা সমষ্টিসমূহ যাতে অগপক দিয়ে, তাৰ বাবে কাইলৈ সভাপতি বৰাৰ নেতৃত্বত অগপৰ এটা প্রতিনিধি দল নতুন দিল্লীলৈ উৰা মাৰিব৷ দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে জনোৱা মতে, বিগত বিধানসভা নির্বাচনত অসম গণ পৰিষদ দলে দখল কৰিবলৈ সক্ষম হোৱা ১৪টা সমষ্টিক লৈ দলৰ স্থিতি স্পষ্ট ৷ সেই ১৪ সমষ্টিৰ এটাও আমি এৰি নিদিওঁ আৰু এয়া নিশ্চিত৷
অগপৰ দখলত থকা নাহৰকটীয়া, টীয়ক, দেৰগাঁও, কমলপুৰ, পাটাচাৰকুছি, বঢ়মপুৰ, আদি সমষ্টি বিজেপিয়ে এইবাৰ নিজৰ দখললৈ নিয়াৰ বাবে চেষ্টা চলাই আহিছে৷ দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে হ’বলগীয়া আলোচনাত মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা, সভাপতি ৰঞ্জিত দাস সহ বহুকেইগৰাকী ৰাজ্যিক বিজেপি নেতৃত্বই অংশ ল’ব৷