নিউজ ডেস্ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি নিৰ্বাচনী অধিসূচনা প্ৰকাশ হোৱাৰ পিছতো এতিয়াও কোনো এটা দলে প্ৰাৰ্থিত্ব চূড়ান্ত কৰিব পৰা নাই । বিশেষকৈ বিজেপি আৰু অগপৰ মাজত প্ৰাৰ্থিত্বক লৈ হোৱা সংঘাতে ভয়ানক ৰূপ লৈছে | বিজেপিৰ একাংশ নেতাই অগপ দলৰ ওপৰত কৰা হেঁচাৰ বাবেই এচাম অগপ নেতাই মিত্ৰতা বিষয়টোক লৈও চিন্তা কৰিবৰ বাবে দলীয় নেতৃত্বক জনাইছে । আসন বুজাবুজিক লৈ বিজেপি আৰু অগপৰ মিত্ৰজোঁটত মাজত এতিয়াও অচলাৱস্থাৰ সৃষ্টি হৈছে।এতিয়াও আসন ভাগ বতৰাক লৈ অংক মিলা নাই অগপ-বিজেপিৰ।

দুয়োটা দলৰ মাজত অনুষ্ঠিত বৈঠকত সোমবাৰে এই বিষয়টোক লৈ যথেষ্ট মত পাৰ্থক্য হয় দুয়ো দলৰ নেতৃত্বৰ মাজত। অসম গণ পৰিষদে ৪০টা সমষ্টি বিজেপিৰ পৰা বিচাৰিছিল যদিও অসম গণ পৰিষদক বিজেপিয়ে মাত্ৰ ১০টা সমষ্টিহে দিব বিচাৰিছে।
বিজেপি এনে স্থিতিত অগপৰ ভিতৰ চ’ৰাত অসন্তুষ্টি । বিজেপিয়ে নিজৰ দখলত থকা আসনৰ লগতে অগপৰ দখলত থকা আসনো বিচাৰি হেঁচা প্ৰয়োগ কৰিছে। শেহতীয়া তথ্য মতে অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ আসনহে সুৰক্ষিত। পশ্চিম গুৱাহাটী, লখিমপুৰ, পাটাচাৰকুছি, কমলপুৰ তেজপুৰ, টীয়ক,নাহৰকটীয়া লাগে বিজেপিক। অগপৰ হাতত থকা দেৰগাঁও, বঢ়মপুৰতো বিজেপিৰ চকু। প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে দুৰত্ব বজাই ৰখা অগপ নেতৃত্বই এতিয়া উপাই বিহীন হৈ বঢ়মপুৰ সমষ্টিতো প্ৰফুল্ল মহন্তকে দিয়াৰ সিদ্ধান্ত লৈছে। মহন্ত পত্নীৰ সৈতে যোৱা নিশা অগপ নেতৃত্বই আলোচনাত মিলিত হয় ।

বিজেপিৰ দখলত থকা হাজো, পলাশবাৰী অগপলৈ এৰাৰ প্ৰস্তাৱ। বিজেপিৰ প্ৰস্তাৱক লৈ বিব্ৰত অগপ নেতৃত্বই সংবাদ মাধ্যমৰ আগত মুখ খুলিব বিচৰা নাই যদিও দলটোৰ ভিতৰচ’ৰাত তীব্ৰ অসন্তোষ্টিয়ে দেখা দিছে। অগপৰ দখলত থকা বৰপেটা, আমগুৰি বিচৰা নাই বিজেপিয়ে।চেঙা, পশ্চিম গোৱালপাৰা, বকো, ছয়গাঁৱৰ দৰে সমষ্টিহে দিব বিচাৰে অগপক। আসন বুজাবুজি সম্পৰ্কীয় প্ৰাৰম্ভিক আলোচনাত নোলাল সমাধান। দুই দলৰ শীৰ্ষ নেতৃত্বৰ মাজত আজিও হ’ব আলোচনা।আসন বুজাবুজি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই। অহা ৪ মাৰ্চত দিল্লীত দুয়োদলৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে হবলগা বৈঠকতে চূড়ান্ত ঘোষণা হ’ব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply